Monday, December 28, 2020

হোলোঙাপাৰ গিবন অভয়াৰণ্য

 হোলোঙাপাৰ গিবন অভয়াৰণ্যঃ
 

পৰিচয়ঃ
হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বৰ নাম Gibbon Wildlife Sanctuary বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। ইয়াত পোৱা ওখ গছৰ ভিতৰত "হোলোং" গছ (Dipterocarpus macrocarpus) অন্যতম, আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ (Mesua ferrea) গছ বেছিকৈ পোৱা যায়। সৰু সৰু জোপোহা গছ আদিয়ে বাকী ঠাই আৱৰি আছে। চোৰাংকৈ গছ কটা, মানুহৰ বসতি স্থাপন আদিয়ে অৰণ্যখনলৈ বিপদ মাতি আনিছে।

Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement

 হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভৌগলিকঅৱস্থিতিঃ
অৱস্থানঃ অসম, ভাৰত, নিকটতম চহৰঃ যোৰহাট নগৰ, স্থানাংকঃ 26°43
00N 94°2300Eস্থানাংক: 26°4300N 94°2300E, ক্ষেত্ৰফলঃ 2,098.62 হেক্টৰ (8.1 বৰ্গ মিটাৰ)

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ আঁৰৰ কথাঃ
১৮৮১ চনৰ ২৭ আগষ্টত স্বীকৃতি প্ৰদান কৰা অসমৰ যোৰহাট জিলাৰ এসময়ৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ অংশৰপৰাই হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৃষ্টি হৈছে। ইয়াত বেছিকৈ পোৱা "হোলোং" গছৰ (Dipterocarpus macrocarpus) পৰা এই নামটোৰ উদ্ভৱ হৈছে। আগতে ইয়াক পাটকাই পৰ্বতমালাৰ পাদদেশৰ অৰণ্যৰ অংশ বুলি গণ্য কৰা হৈছিল। এতিয়া অভয়াৰণ্যখন সম্পূৰ্ণভাৱে চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে আবৃত হ'লেও এটা সময়ত ই নাগালেণ্ডৰ ভিতৰুৱা অৰণ্যৰ লগতো সংযুক্ত আছিল। সংৰক্ষিত অঞ্চলটো ২০৬ হেক্টৰ মাটিৰে আৰম্ভ হৈছিল আৰু ১৮৯৬ চনত কিছুমান ঠাই অসংৰক্ষিত কৰাৰ পিছত অঞ্চলটো সৰু হৈ পৰে। ১৮৮০ চনৰপৰা ১৯২০ চনমানলৈকে চাহ বাগিছাবোৰ স্থাপন হোৱাৰ ফলত আৰু মাজুলী তথা ইয়াৰ দাঁতিকাষৰীয়া এলেকাৰ বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজক পুনৰ্সংস্থাপন দিয়াৰ ফলত অৰণ্যখন খণ্ড-বিখণ্ড হৈ পৰে। তাৰপিছত অৰণ্যখন ক্ৰমান্বয়ে পৰ্বতৰ পাদদেশৰ পৰা পৃথক হৈ পৰে।

অঞ্চলটো ভিন ভিন চিৰসেউজ বৃক্ষসমূহৰ লগতে "বিজ্‌লি" বাঁহগছেৰে (Pseudodactylum sp.) ভৰি আছে। ১৯২৪ চনত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ আৰম্ভ কৰা হয়। প্ৰাকৃতিক গছ-গছনিৰ লগতে এই বৃক্ষৰোপণে পিছলৈ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ এক অৰণ্যৰ সৃষ্টি কৰে। ১৯শ শতিকাত আন কিছুমান বনাঞ্চলো ইয়াত যোগ কৰাৰ ফলত ১৯৯৭ চনত ইয়াৰ মাটিকালি ২০৯৮.৬২ হেক্টৰ হয়গৈ। তথাপিও অভয়াৰণ্যখন পাঁচটা ভাগত বিভক্ত হৈ ৰৈছে।

১৯৯৭ চনৰ ৩০ জুলাইত জাননী নং FRS 37/97/31 যোগে যোৰহাট জিলাত অভয়াৰণ্যখন গঠন কৰি "গিবন অভয়াৰণ্য" নাম দিয়া হয়। ভাৰতত পোৱা একমাত্ৰ "এপ" হলৌ বান্দৰৰ নামেৰে এই নাম দিয়া হৈছিল। কোনো গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য। ২০০৪ চনৰ ২৫ মে'ত অসম চৰকাৰে জাননী নং FRP 37/97/20ৰ যোগে ইয়াক "হোলোঙাপাৰ গিবন অভয়াৰণ্য" বুলি পুনৰ্নামাকৰণ কৰে।

কাষৰীয়া অঞ্চল:
অভয়াৰণ্যখন চৰকাৰীভাৱে দিছৈ উপত্যকা সংৰক্ষিত বনাঞ্চল, দিছৈ সংৰক্ষিত বনাঞ্চল আৰু টিৰু পাহাৰ সংৰক্ষিত বনাঞ্চললৈ বিয়পি আছে যিবোৰ ভাৰতীয় হাতী (Elephas maximus indicus) আৰু আন আন জন্তুৰ চৰণীয়া ঠাই হিচাপে ব্যৱহাৰ কৰা হয়। হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু নাগালেণ্ডৰ নিকটৱৰ্তী হাবি 'দিছৈ উপত্যকা সংৰক্ষিত বনাঞ্চলৰ মাজৰ ঠাইখিনি দিছৈ, কঁঠালগুৰি আৰু হোলোংগুৰিৰ চাহ বাগিছা কেইখনমানে অধিকাৰ কৰি আছে। সেইকেইখন হ'ল- কাটনিবাৰী, মুৰমুৰাই, চেনিজান, কলিয়াপানী, মেলেং, কাকজান, দিহিংপাৰ, কঁঠালগুৰি, দিছৈ আৰু হোলোংগুৰি। কাষৰীয়া গাঁওবোৰ হৈছে মাধুপুৰ, লক্ষীপুৰ, ৰামপুৰ, ফেঁচুৱেল, কাটনিবাৰী, পুখুৰাই, অফলামুখ, কলিয়াগাঁও আদি।

হোলোঙাপাৰ গিবন অভয়াৰণ্যক 'অসমৰ ভৈয়ামৰ পলসুৱা অৰ্ধ-চিৰসেউজ অৰণ্য' (Assam plains alluvial semi-evergreen forests) বুলি শ্ৰেণীবিভাজন কৰা হৈছে। ইয়াত প্ৰতি বছৰে গড়ে ২৪৯ ছে:মি: বৰষুণ হয়। সাগৰপৃষ্ঠৰপৰা ১০০ ফুট-ৰপৰা ১২০ ফুট উচ্চতালৈ পৰিব্যাপ্ত এই বনাঞ্চলৰ দক্ষিণ-পূৱ ফালটো ওখ। উত্তৰ-পশ্চিম ফাললৈ উচ্চতা ধীৰে হ্ৰাস পাই আহিছে। মাজৰে বৈ যোৱা ভোগদৈ নদীয়ে অৰণ্যৰ মাজে জলমগ্ন এক অঞ্চল সৃষ্টি কৰিছে। অভয়াৰণ্যৰ সীমাৰে বিস্তৃত এই অংশত বিভিন্ন জল উদ্ভিদ (semi-hydrophytic plants) পোৱা যায়। এই জলমগ্ন অঞ্চলে অৰণ্যখনক তিনিটা ক্ষুদ্ৰ পৰিবেশ ক্ষেত্ৰত বিভক্ত কৰিছে: উজনি-হেলনীয়া ক্ষেত্ৰ, নামনি-হেলনীয়া ক্ষেত্ৰ আৰু বানপানী-সম্ভাৱনাময় ক্ষেত্ৰ।

জৈৱবৈচিত্ৰৰে ভৰা অভয়াৰণ্যখনত ভাৰতৰ একমাত্ৰ এপ্‌ হলৌ বান্দৰ (Hoolock hoolock) আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ (Nycticebus bengalensis) পোৱা যায়। ইয়াত পোৱা আন আন প্ৰাইমেটবোৰ হৈছে সেন্দুৰী বান্দৰ (Macaca arctoides), northern pig-tailed macaque (Macaca leonina), অসমীয়া বান্দৰ (Macaca assamensis assamensis), মলুৱা বান্দৰ (Macaca mulatta), আৰু capped langur (Trachypithecus pileatus)। অভয়াৰণ্যখনত ভাৰতীয় হাতী, বাঘ (Panthera tigris), নাহৰফুটুকী বাঘ (Panthera pardus), jungle cats (Felis chaus), বনৰীয়া গাহৰি (Sus scrofa), তিনিপ্ৰকাৰৰ civet, চাৰিপ্ৰকাৰৰ কেৰ্কেটুৱা আৰু আন কেইবাপ্ৰকাৰৰ স্তন্যপায়ী জন্তু পোৱা যায়। অভয়াৰণ্যখনত অতি কমেও ২১৯ প্ৰকাৰৰ চৰাই আৰু কেইবাপ্ৰকাৰৰ সাপ পোৱা যায়।

হোলোঙাপাৰ অভয়াৰণ্যৰ উদ্ভিদজগত 'চিৰসেউজ' (evergreen) ধৰণৰ আৰু স্তৰীয় আচ্ছাদনেৰে (canopy) গঠিত। আচ্ছাদনৰ ওপৰৰ স্তৰ ঘাইকৈ Dipterocarpus macrocarpus উদ্ভিদেৰে গঠিত। ১২-ৰপৰা ৩০ মিটাৰলৈ ওখ এই স্তৰৰ উদ্ভিদৰ গা-গছ। ইয়াৰ উপৰিও চাম (Artocarps chaplasha), গমাৰি  (Amari) (Amoora wallichi), Sopas (Mcheliai|Mcheliai spp.), ভেলু (Bhelu) (Tetramels mudiflora), উড়ল (Udal) (Sterculia villosa) and শিঙৰী (Hingori) (Castanopsis|Castanopsis spp.) গছো এই স্তৰত পোৱা যায়।

আচ্ছাদনৰ মধ্য স্তৰত নাহৰ (Nahar) (Mesua ferrea) গছেই মুখ্য, ইয়াৰ বিস্তৃতি ক্ৰাউন আকাৰৰ। সেয়ে ইয়াৰ ঘন ছাঁয়াই বহল অংশ আৱৰি ৰাখে। নাহৰৰ বাহিৰে বান্দৰদিমা (Bandordima) (Dysoxylum procerum), ধূনা (Dhuna) (Conarium resiniferum), ভোমোৰা (Bhomora) (Terminalia belerica), ফুল গমাৰি (Ful Gomari) (Gmelina|Gmelina sp.) বনবগৰী (Bonbogri) (Pterospermum lanceafolium), মড়ল (Morhal) (Vatica lanceafolia), ছেলেং (Selleng) (Sapium baccatum), সাঁচি (Sassi) (Aqualari agolacha), and ঔ টেঙা (Otenga) (Dillenia indica) আদিও মধ্যস্তৰত পোৱা যায়।. আচ্ছাদনৰ একেবাৰে তলৰ স্তৰ আৰু ভূমিসংলগ্ন উদ্ভিদকুল বিভিন্ন গছেৰে গঠিত। সঘনাই চকুত পৰা উদ্ভিদসমূহ হ'ল: দলু বাঁহ  (Dolu bamboo) (Teinosstachyum dullooa), বিজ্‌লি বাঁহ (Bojal bamboo) (Pseudostachyam polymorphum), জেং  (Jengu) (Calamus erectus), জাঁতি বেত (Jati bet) (Calamus spp.), সৌকা বেত (Houka bet) (Calamus spp.), তৰা (Tora) (Alpinia allughas), কৌপাত (Kaupat) (Phrynium imbricatum), আৰু চোৰাত (Sorat) (Laported cremulata).

অভয়াৰণ্যখনক আৱৰি থকা চাহ বাগিছাসমূহে প্ৰবজনকাৰী জীৱসমূহৰ বাবে এক ভৌগোলিক বাধাৰ সৃষ্টি কৰে। চাহ বনুৱাসকলৰ বৰ্ধিত জনসংখ্যাইও অৰণ্যখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কাৰণ বহু লোক কাঠ, বনৌষধি আৰু খাদ্যৰ বাবে অৰণ্যখনৰ ওপৰত নিৰ্ভৰশীল। ঘৰচীয়া জন্তুৰ বাবে অৰণ্যখনৰ পৰা বৃহৎ পৰিমাণৰ গছৰ পাত আৰু ঘাঁহ সংগ্ৰহ কৰা হয়। বাৰিষাকালি চাহ বাগিছাবোৰত ব্যৱহৃত অপতৃণনাশক আৰু কীটনাশকবোৰ অৰণ্যখনৰ মাজেৰে বৈ যায়।

হাতীবোৰে নাগালেণ্ডলৈ প্ৰবজন কৰাৰ বাবে চাহ বাগিছাবোৰৰ মাজৰে যায় আৰু সেইবাবে চোৰাং চিকাৰৰ লক্ষ্য হয়। অৰণ্যখনক ৰেলপথেও ভাগ ভাগ কৰি পেলাইছে। চোৰাংকৈ কাঠ কটা আৰু অবৈধ বসতিয়ে অৰণ্যখনৰ মান নিম্নগামী কৰি তুলিছে।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments:

Post a Comment

Popular