বৰ্তমান সময়ৰ অসমীয়া ভাষাৰ কবিতাত সামাজিক দায়বদ্ধতা
বৰ্তমান সময়ৰ অসমীয়া ভাষাৰ কবিতাত সামাজিক দায়বদ্ধতাঃ

বৰ্তমান অসমীয়া ভাষা সাহিত্যত কবিতাৰ জনপ্ৰিয়তা আৰু গতিশীলতাৰ বিষয়ে বিদ্যান সমাজৰ সকলোৰে জ্ঞাত। বাতৰি কাকত, আলোচনী, বৈদ্যুতিন-মাধ্যম, ফেচবুক, টুইটাৰ আদিত বাঢ়ি অহা কবিতাৰ জনমুখী যাত্ৰাই ই এক সমাজৰ উন্নত লক্ষণ হিচাপে ধৰা দিছে। গাঁৱে চহৰে, সঘনে অনুষ্ঠিত হোৱা কবি সন্মিলন আদিয়ে বৰ্তমানলৈ বহু কবিৰ সৃষ্টি কৰিলে। কবিসন্মিলন সমূহত শ্ৰোতা -দৰ্শকতকৈ কবিৰ সংখ্যা বেছি দেখা যায়। দুখৰ বিষয় যে প্ৰথম গৰাকী কবিৰ কবিতা পাঠৰ পৰা শেষৰ গৰাকী কবিৰ কবিতা পাঠলৈ যি দীঘলীয়া সময়, শেষৰ গৰাকী কবিৰ কবিতাৰ শ্ৰোতা হয়গৈ সঞ্চালকজনহে। সেয়া যিকি নহওক কবিতাৰ জনপ্ৰিয়তা অতি সন্তোষজনক।
কিন্তু ইমান জনপ্ৰিয় হোৱাৰ পিছতো অসমীয়া কবিতাই সামাজিক দায়বদ্ধতা বৰ্তমান সময়ত কিমান খিনি বহন কৰিছে, সেয়া অতি স্পৰ্শকাতৰ বিষয়। মেথিউ আৰ্ণল্ডৰ মতে কবিতাই যদি জীৱন ভাষ্য (criticism of life) তেন্তে অসমীয়া ভাষাত মহাপুৰুষ দুজনা আৰু তেওঁ পিছৰ কালৰ কবি সকলে কাব্য সাহিত্যৰ দ্বাৰা অসমৰ সামাজিক জীৱনত পৰিৱৰ্তন আনিব সক্ষম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱ দেৱৰ কাব্য আন্দোলনৰ ফলস্বৰূপে আমি বৈষ্ণৱ সাহিত্যৰ লগতে একশৰণীয়া ভাগৱতী বৈষ্ণৱ ধৰ্ম লাভ কৰিছোঁ। তাৰ পিছৰ কালৰ কবি সকলেও সমাজৰ পৰিবৰ্তনৰ বাবে বহু কষ্ট স্বীকাৰ কৰিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “অসম সংগীত”, “বীণ বৰাগী”, নলিনীৱালা দেৱীৰ “ভাৰতবৰ্ষ”, “জনমভূমি”,অম্বিকাগিৰী ৰায় চৌধুৰীৰ “গঢ়া কৰি মোক ঝাড়ুদাৰ”,প্ৰসন্নলাল চৌধুৰীৰ “কাঠ ফালোঁতাৰ গান”, “নাঙলৰ গীত”, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা সমূহ,(যিসমূহ আছিল সেইসময়ৰ স্বাধীনতা আন্দোলনৰ উদ্গনি মূলক গীত)ৰ ভিতৰত চিৰ-বিদ্ৰোহী “বিশ্ববিজয়ী নৱজোৱান”, “আমাৰ গাঁও”, “লুইতৰ পাৰৰে আমি ডেকাল'ৰা”,কলগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্দীপ্ত গীত সমূহ, কবিতা সমূহ ,বিনন্দচন্দ্ৰ বৰুৱাৰ “হে জননী ভাৰতবৰ্ষ”, চৈয়দ আব্দুল মালিকৰ “মোৰ স্বৰ্গ”, অমুল্য বৰুৱাৰ “বিপ্লৱী” বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ “জনতা” নৱকান্ত বৰুৱাৰ “মোৰ দেশঃজনতাৰ দেশ” হীৰেণ ভট্টাচাৰ্য্যৰ “মোৰ দেশ” আদি কবিতাই সেই সময়ৰ ঘটনাক্ৰমক অতি সুন্দৰ ভাবে বিশ্লেষণ কৰি জনতাৰ দিক্ নিৰ্ণায়ক হিচাপে চিহ্নিত হৈছিল। ১৮৮৯ চনত প্ৰকাশিত জোনাকীৰ জৰিয়তে সাহিত্যচৰ্চা কৰা কবি সকলৰ কবিতাত জন্ম পাইছিল, স্বদেশ প্ৰীতি ব্যঞ্জক জাতীয় মুক্তি আন্দোলনৰ গাথা। ব্যক্তি সত্বা আৰু ব্যক্তি মৰ্যাদাৰ পৰিপূৰক এই কবিতা সমূহে ৰজাৰ পৰা প্ৰজালৈকে মূল্যাংকন কৰিব পাৰিছিল। ফৰাচী বিপ্লৱ, নৱজাগৰণে কবি সকলক প্ৰভাৱান্বিত কৰিছিল। তুলনামূলকভাৱে, এবাৰ দূৰদৃষ্টিৰে চালে আমি বৰ্তমান সময়ৰ কবিতা সমূহত যৎকিঞ্চিৎ কবিৰ কবিতাতহে সেই উদ্দেশ্য দেখা যায়। সেই কবি সকলৰ ভিতৰত বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, আনিচ উচ জামান, হৰেকৃষ্ণ ডেকা, নীলমনি ফুকন(কনিষ্ঠ) আদিৰ কবিতাত। এই সকল কবিৰ পিছত যিবোৰ কবিতা প্ৰকাশ হ'ল, তাৰে একাংশৰ কবিতাতহে বৰ্তমানৰ সামাজিক দায়বদ্ধতাক গুৰুত্ব দিয়া দেখা যায়। আন এচাম কবিয়ে, “তুমি” আৰু “মই” উদ্দেশ্যৰে আৰম্ভ হোৱা, প্ৰতীকী কাপোৰৰে লুকাই ৰখা ভাৱেৰে চিত্ৰায়িত আৰু নিৰ্দিষ্ট এচাম পাঠক সৃষ্টি কৰা বৰ্তমানৰ এচাম কবিতাত কেৱল নাৰী আৰু নাৰী দেহৰ চিত্ৰায়নে কি সামাজিক বাতাৱৰণ সৃষ্টি কৰিব সেইয়া নক'লেও বুজিব পাৰি। এই সকল কবিৰ সততে যুক্তি, পুৰাতন মন্দিৰ, গুহা আদিত নাৰীৰ নগ্ন চিত্ৰ বা ভাস্কৰ্য অংকন বা খোদিত আছে; তেন্তে কবিতাত নোৱাৰাৰ কাৰণ ক'ত। সেই সময়ৰ সামন্ত্ববাদী শাসন কালত নাৰীক পন্য হিচাপে গ্ৰাহ্য কৰা ৰজা বা সামন্ত সকলৰ দৰেই আমাৰ এই সকল কবিয়ে লুকঢাক নকৰাকৈ নাৰীৰ প্ৰতীক ব্যৱহাৰ কৰি কবিতা লিখে। কৰবাত সুবিধা থাকিলেও, নগ্ন আৰু অশ্লীল শব্দেৰে কবিতাটো অতি অমাৰ্যিত কৰি তোলে। কবিতাই যদি নাৰীক সন্মান আৰু মৰ্যাদা দিব নোৱাৰে সেই কবিতা আমাক কিয় প্ৰয়োজন। এইধাৰণাৰ বাবে পাঠকে কবিতাৰ প্ৰতি এক অন্য দৃষ্টিভংগী দেখুৱাই। বিখ্যাত কবি ওমৰ খায়ামে কৈছিলঃ গীৰ্জাত গৈ সময় অপব্যয় কৰাত কৈ সেইখিনি সময় আমি পানশালাত কটাওঁ আহা(Let us make up in the tavern for the time we have wasted in the mosque')।
এই ক্ষেত্ৰত দেখা যায়, যে এচামে পণ্ডশ্ৰমৰ বাহিৰে বা কবি বিলাসৰ বাহিৰে একো সাৰ্থক কাৰ্য, সাহিত্যৰ জগতত কৰা নাই। জ্যোতি প্ৰসাদ আগৰৱালা,বিষ্ণুৰাভাৰ পিছত কোন গৰাকী কবিৰ কবিতাই বাৰু অসমৰ সামাজিক দায়বদ্ধতাত প্ৰভাৱ পেলাইছে; এইয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। ফেচবুকত দিনটোত চাৰি পাচটা কবিতাত নাৰীক উলংগ কৰা কবি সকলে আকৌ বাল্যবিবাহ, ডাইনী হত্যা, যৌতুক, ধৰ্ষণৰ বিৰোধিতা কেনেকৈ কৰিব। সমাজত ব্যক্ত কৰিবলৈ লাজ লগা এক ধৰণৰ কবিতাক আকৌ আন এচামে বিভিন্ন যুক্তিৰে ,তোষামোদ কৰে। এইদৰে, ৰাজনৈতিক নেতাৰ দৰে এচাম কবিৰ লৱীয়ে তেওঁৰ, মাতৃ, পিতৃৰ আগত পঢ়িব নোৱাৰা কবিতাকে ভিন্ন বিশ্লেষণেৰে ক্লীনছীট দিব।
এতিয়া ইয়াতেই প্ৰশ্ন হয়, কবি সকলৰ সামাজিক দায়বদ্ধতা কি? দেখাত অতি জনপ্ৰিয় হ'লেও অসমীয়া ভাষা সাহিত্যত বৰ্তমান পাটেগজাৰ দৰে সৃষ্টি হোৱা এই ধৰণৰ কবিতাই, কবিতাক সমাজ খনৰ পৰা আতৰাই ৰাখিছে, যাৰ ফলভোগ কৰিব আমাৰ উত্তৰ পুৰুষে।
(যিসকল ভাষা সাহিত্য সাধকৰ ত্যাগ আৰু চিন্তাই অসমীয়া কবিতাৰ মাননিৰ্ণয় কৰাত দেশ, জাতি আৰু মাটিক চুই গৈছে, সেই সকলক ক্ষমা বিচাৰি)
No comments