ঔ টেঙা
ঔ টেঙাঃ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনঃ
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Core
eudicots
বৰ্গ: unplaced
পৰিয়াল: Dilleniaceae
গণ: Dillenia
প্ৰজাতি: D. indica
বৈজ্ঞানিক নামঃ Dillenia
indica L
ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। ঔ টেঙা নামটোৰ উৎপত্তিৰ লগত কেইটামান লোককথা জড়িত হৈ আছে। প্ৰবাদ মতে এসময়ত এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়ীৰ খুব টেঙা খাবলৈ মন যোৱাত বুঢ়াক কলে। বুঢ়াই বুঢ়ীৰ বাবে টেঙা আনিবলৈ বনলৈ গল। পিছে টেঙা বিচাৰি নাপাই শেষত ঔ টেঙা হে পালে। বুঢ়ীয়ে সেই টেঙা খাই খুব টেঙা পাই "টেঙা ঔ টেঙা ঔ" বুলি চিঞৰিব ধৰিলে। তাৰ পিছত বুঢ়ীয়ে এইবিধ নতুন টেঙাৰ নাম জানিব খোজত বুঢ়ায়ে একো নাজানি "ঔ টেঙা" বুলি কলে। তেতিয়াৰ পৰা ইয়াৰ নাম ঔ টেঙা হল।
ইংৰাজীত ইয়াৰ নাম "Elephant Apple"। হাতীয়ে খাই ভাল পোৱাৰ বাবে ইয়াৰ নাম এনেদৰে ৰখা হৈছে। ঔ টেঙাৰ ফল আকাৰত ডাঙৰ, কঠিন আৰু আঁহযুক্ত হোৱাৰ বাবে কেৱল হাতীজাতীয় জন্তু সমূহে খাব পাৰে। বুক্সা ব্যঘ্ৰ অঞ্চলত কৰা এক গৱেষণাত পোৱা গৈছে যে, ইয়াৰ ফল প্ৰথমে হাতীয়ে খাই কোমল কৰি অৰণ্যৰ মজিয়াত সিঁচৰিত কৰে। তাৰ পিছত সৰু আকাৰৰ তৃণভোজী যেনে হৰিণ, কেৰ্কেটুৱা, নিগনি আদিয়ে ইয়াৰ বীজ সঞ্চাৰণ কৰে।
ঔ টেঙা এবিধ চিৰসেউজীয়া গুল্মজাতীয় উদ্ভিদ। ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৫ মিটাৰ। পাতবোৰ ১৫ৰ পৰা ৩৬ ছেঃমিঃ দীঘল আৰু সমান্তৰাল ভাঁজযুক্ত। ফুলবোৰৰ ব্যাস ১৫ ৰ পৰা ২০ ছেঃমিঃ পৰ্যন্ত। পাঁচটা বগা পাহিৰে আৰু অসংখ্য হালধীয়া পুং কেশৰ থাকে। ইয়াৰ ফলবোৰ গোলাকাৰ আৰু হালধীয়া সেউজ বৰণৰ। ফলবোৰৰ ব্যাস ৫-১২ ছেঃমিঃ। প্ৰতিটো স্ত্ৰীস্তৱক ১৫ ডাল স্ত্ৰীকেশৰৰ গোট এটা থাকে।
ঔ টেঙাৰ বিজল আৰু কুঁহিপাতেৰে মানুহে মূৰ ধোৱে। বখলাবিলাক থেতালি শুকাই তাৰ গুড়ি উলিয়াই শুকানে বা গুৰৰ লগত খায়। কেঁচাই বা আঞ্জাও খায়। কিছুমান লোকে বখলা শুকাই পুৰি ছাই কৰি খাৰো বনায়। সাধাৰণতে ঔ টেঙাৰ পাঁচটা বখলা বা খলপ থাকে। ঔ টেঙা সাধাৰণতে ব’হাগ-জেঠ মাহত ফুল ধৰে আৰু লাগে। কোমল অৱস্থাত ভাজি খাবলৈ সোৱাদ। পূৰঠ হ’লে বা পকিলে ঔ টেঙাৰ মাছৰ আঞ্জা খোৱা হয়। বড়ো সকলে ঔ টেঙা বৰালি মাছৰ ফিছাৰ লগত ওণ্ডলা বা পিঠাগুড়ি দি ৰান্ধে। ঔ টেঙা বা ঔ খট্টা অসম, পশ্চিমবংগ, ওড়িশা, বাংলাদেশ আদিতত অতি জনপ্ৰিয়।
ইয়াত প্ৰটিন, খাদ্যপ্ৰাণ
'গ' আৰু আঁহ (fiber)যথেষ্ট পৰিমাণে থাকে৷ ঔ টেঙাৰ ঔষধি গুণ আছে:
* শৌচ খোলোচা ৰাখে৷
* ঔ টেঙাৰ ৰস চেনি মিহলাই
পানীয় ৰূপত খাই শৰীৰৰ শক্তি বঢ়াব পাৰি৷
(সংগৃহীত)
No comments