সাউৰী খোৱা উৎসৱ
সাউৰী খোৱা উৎসৱঃ
✍ দীপশিখা চলিহা
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত
প্ৰকাশিত প্ৰবন্ধ)
সাউৰী খোৱা অসমীয়া গ্ৰাম্য সমাজৰ এক লোক পৰম্পৰা। আগৰ দিনত এই পৰম্পৰা আছিল যদিও আজিকালি বিভিন্ন কাৰকৰ প্ৰভাৱত এই পৰম্পৰা গাওঁবোৰতো লুপ্ত হবলৈ ধৰিছে। প্ৰধানতঃ জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ওচৰ চুবুৰীয়াই সহায় সহযোগ কৰি একেলগে ভাত এসাজ খাইছিল, এয়াই হৈছে সাউৰি পৰম্পৰা। ঘৰৰ চাল চিওৱা, পথাৰত ধান ৰোৱা, ধান কটা আদি সময়তেই সাউৰী খাইছিল মানুহে ঘৰে ঘৰে।
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement |
আগৰ দিনত গ্ৰাম্যাঞ্চলত জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ই-ঘৰে সি-ঘৰক কোনো আৰ্থিক বিনিময় নোহোৱাকৈ সহানুভূতিৰে আৰু মানবীয় দৃষ্টিৰে সহায় সাৰথি কৰিছিল। ওচৰচুবুৰীয়াই কামত সহায় কৰাৰ বিনিময়ত হাঁহে মাহে এসাজ খুৱাব লাগিছিল। এনেদৰে সাউৰী খাইছিল মানুহে ঘৰে ঘৰে।
প্ৰথমে আহিছিল হাল উঠা সাউৰী। অৰ্থাৎ আগৰ মানুহে গৰু বা ম'হৰ হালেৰে খেতি কৰিছিল। বোকা দিছিল গৰুৰ হালেৰে। গোটেই বছৰটোৰ যিদিনা খেতি উঠিব সেইদিনা হালউঠা বুলি কৈছিল। অৰ্থাৎ সেইদিনাৰ পৰা আৰু হালৰ কাম নাথাকে। সেইদিনা গৃহস্থৰ ঘৰত বছৰটোৰ কঠিয়া দিয়া মানুহ,হাল কোৰ দিয়া মানুহ আৰু বোকা ৰোৱা ৰোৱনী সকল লগ হৈ একেলগে ভাত এসাঁজ খায়। এই সাঁজ ভাজ হাঁহৰ মাংস বিশেষ ভাৱে লক্ষনীয় লগত ৰঙালাউ। এই সাউৰীত গৃহস্থে অঙহী-বঙহীক নিমন্ত্ৰন জনায়।
আনহাতে আঘোণ মাহত ঘৰলৈ সোনগুটি ছপাবৰ সময়ত সাউৰী খোৱা দেখা গৈছিল। অকলশৰীয়া মানুহৰ ক্ষেত্ৰত পকা ধান পথাৰৰ পৰা ঘৰলৈ ছপাই আনোতে অসুবিধা হৈছিল। সেয়ে সাউৰী খোৱা পাতিছিল। ওচৰ চুবুৰীয়া কেইজন মানক মাতি এসাজ ভাত খুৱাইছিল। তেঁওলোকে ধান কাটি চপাই আনি দিছিল।সকলোৱে এনেদৰে সহায় কৰিছিল।
ইয়াৰ লগে লগে সাউৰী খোৱা আন এটি পৰ্ব হ'ল মাহ তোলা পৰ্ব। আগৰ মানুহে বিস্তৃত এলেকাত মাহ খেতি কৰিছিল। ফলত মাহ তোলাৰ সময়ত ওচৰৰ তিৰোতা কেইজনী মান মাটি আনি মাহ তোলাত লগাই আৰু তেঁওলোকক সাউৰী খুৱায়।
আগৰ দিনত মহাজনীয়া ঘৰবোৰৰ বাহিৰে সাধাৰন মানুহৰ ঘৰবোৰ খেৰৰ চালিৰ আছিল। টিনপাটৰ ব্যৱহাৰ নাছিল। গতিকে খেৰৰ চালিবোৰ বছৰে বছৰে নতুনকৈ চিয়াব লগা হয়। গতিকে ঘৰৰ ছাল চিয়াবলৈ কেইজন মান অভিজ্ঞ ব্যক্তিক মাতি আনি চাল চিউৱা পৰ্ব সমাপন কৰে।বিনিময়ত তেঁওলোকক ভাত খুৱায়। সেয়ে হৈছে ঘৰৰ ছাল চিউৱা সাউৰী।
আগৰ দিনবোৰ সচাকৈয়ে ভাল লগা আছিল।সহানুভূতি, আন্তৰিকতা, একতা,মিলাপ্ৰীতি আদিৰ বাবে সাউৰী খোৱা পৰম্পৰা জীৱাই আছিল। বৰ্তমান যুগ হ'ল ধনবান আৰু বস্তুবাদী যুগ, সেয়ে প্ৰতিটো দিশতে পৰিবৰ্তন আহিল,সময়ো সলনি হ'ল। মানুহে কোনেও কাকো বিনা বেতনে,বিনা স্বাৰ্থত সহায় নকৰা হ'ল। এনে এক জটিল যুগত হেৰাই গ'ল তাহানিৰ বহু লোক পৰম্পৰা।এনেদৰেই গ্ৰাম্য সমাজত মানবীয় প্ৰমুল্যসমূহো (একতা, বিশ্বাস আদি) কমি আহিল, এইবোৰৰ বাবেই সাউৰীৰ খোৱা পৰম্পৰাও আজিকালি অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকীয়া হ'ল।
No comments