Breaking News

সেউজ খবৰঃ ঘিলা হাঁহ

সেউজ খবৰঃ ঘিলা হাঁহ

ঘিলা হাঁহ (ইংৰাজীত Cotton Pygmy Goose বা Cotton Teal) এবিধ সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।

ঘিলা হাঁহ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনঃ
জগৎ/ৰাজ্য: Animalia,
পৰ্ব: Chordata

শ্ৰেণী: Aves
বৰ্গ: Anseriformes

পৰিয়াল: Anatidae
গণ: Nettapus

প্ৰজাতি: N. coromandelianus
বৈজ্ঞানিক নাম: Nettapus coromandelianus Gmelin, 1789

উপ-প্ৰজাতি: N. C. coromandelianus (Lesser Cotton Pygmy Goose), N. C. albipennis (Greater Cotton Pygmy Goose)

বিৱৰণঃ
এই প্ৰজাতিটো জলচৰ চৰাইসমূহৰ ভিতৰত আকাৰত আটাইতকৈ সৰু। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৬ ছে:মি: আৰু ওজন প্ৰায় ১৬০ গ্ৰাম হয়৷ দেহৰ অধিকাংশই বগা বৰণৰ। ইয়াৰ ঠোঁট চুটি। প্ৰজননৰ সময়ত মতা চৰাইৰ মূৰৰ ওপৰৰ অংশ জিলিকা সেউজীয়া-ক'লা বৰণৰ হৈ পৰে। মূৰ, ডিঙি আৰু তলৰ অংশৰ ৰং বগা আৰু ডিঙিত ক'লা কলাৰ তথা ডেউকাত বগা আঁচ থকা দেখা যায়। ইয়াৰ মুৰৰ আকৃতি ঘুৰণীয়া আৰু ঠেং চুটি হয়৷ উৰন্ত অৱস্থাত ঘিলাহাঁহৰ সেউজীয়া ডেউকাত থকা বগা আঁচে ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰে। মাইকী ঘিলা হাঁহৰ বৰণ শেঁতা, ডিঙিত কলাৰ নাথাকে আৰু ডেউকাৰ বগা আঁচো পাতল হয়।

TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement

ঘিলাহাঁহ প্ৰধানকৈ এবিধ স্থানীয় হাঁহ৷ অৱশ্যে চীনত এই প্ৰজাতিটোৱে দীঘলীয়াকৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়। সকলো ধৰণৰ জলাশয় যেনে, হ্ৰদ, বৰষুণৰ পানীৰে পূৰ্ণ খেতি-পথাৰ, নৈ-বিল আদিত ঘিলাহাঁহ দেখিবলৈ পোৱা যায়।

আচৰণঃ
ঘিলাহাঁহৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি আৰু শাক-পাচলি আদিৰ বিভিন্ন অংশ, পোক-পৰুৱা, কেকোঁৰা আদি।

ই সাধাৰণতে জুলাইৰ পৰা চেপ্টেম্বৰৰ সময়ছোৱাত প্ৰজনন কৰে৷ ই সাধাৰণতে পানী-কাষৰীয়া গছৰ খোৰঙত বাহ সাজে৷ এবাৰত ৮-১৫ টাকৈ কণী পাৰে৷ কণীৰ বৰণ ৰুপালী হয়।
(সংগৃহীত)

No comments