অসমীয়া বান্দৰ
অসমীয়া বান্দৰঃ
অসমীয়া বান্দৰ (ইংৰাজী:
Assamese macaque) দক্ষিন-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি। অসমীয়া
বান্দৰৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত ৷ ইয়াক প্ৰথমে দেখাত মলুৱা বান্দৰৰ দৰে
লাগে যদিও মলুৱা বান্দৰৰ কমলা নোমে দুয়োকে পৃথক কৰে৷ মতা প্ৰাণী বোৰৰ মুখত দাড়ি থাকে
৷ নেজডাল নোমাল আৰু তুলনামূলক ভাৱে চুটি ৷ ইয়াৰ দেহৰ ওজন ৪.৬-১২ কি.গ্ৰা., দৈৰ্ঘ্য
৪৪-৬৮ ছে: মি:।
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনঃ
জগৎ/ৰাজ্যঃ Animalia
পৰ্বঃ Chordata
শ্ৰেণীঃ Mammalia
বৰ্গঃ Primates
পৰিয়ালঃ Cercopithecidae
গণঃ Macaca
প্ৰজাতিঃ M. assamensis
বৈজ্ঞানিক নামঃ Macaca assamensis M'Clelland, 1840
অসমীয়া বান্দৰৰ দুটা মূল
উপ-প্ৰজাতি আছে –
পূব দেশীয় অসমীয়া বান্দৰ(Macaca
assamensis assamensis) –
ই ভূটান, উত্তৰ ভাৰতৰ অৰুণাচল
প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰা ৰ পৰা উত্তৰ
ম্যানমাৰ, থাইলেণ্ড, তিব্বত, চীন আৰু ভিয়েটনাম লৈকে বিস্তৃত।
পশ্চিম দেশীয় অসমীয়া বান্দৰ(Macaca
assamensis pelops) –
এই উপ-প্ৰজাতিটো নেপাল ৰ পৰা
উত্তৰ প্ৰদেশ, ছিকিম, অসম, পশ্চিমবংগ আৰু ভূটান, বাংলাদেশত বিস্তৃত হৈ আছে ৷
বিভিন্ন ধৰণৰ পৰিৱেশত জীৱন-ধাৰণ কৰাৰ দক্ষতা থকাৰ ফলত বিভিন্ন ধৰণৰ অৰণ্যত এই প্ৰজাতিটো দেখা পোৱা যায়৷ ভাৰতবৰ্ষত অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায়৷
অসমীয়া বান্দৰ হিংস্ৰ নহয়৷ মলুৱা বান্দৰৰ তুলনাত ইহঁত শান্ত প্ৰকৃতিৰ৷ মানুহৰ ওচৰে-পাঁজৰে এই প্ৰজাতিটোৱে বাধ্য হৈয়ে বিচৰণ কৰে৷ ইহঁতে ১৫-২০ টাৰ দল বান্ধি থাকে৷
অসমীয়া বান্দৰে সাধাৰণতে খাদ্য, ফল-মূল, পাত, পোক-পৰুৱা ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ই মানুহৰ খেতিত হোৱা শস্য আৰু পাচলি আদিও খায়৷
স্থিতি তথা সংৰক্ষণঃ
বসতিস্থল ধ্বংস, চোৰাং চিকাৰ
আদি বিভিন্ন কাৰণত এই প্ৰাণীবিধৰ জনসংখ্যা অতি দ্ৰুত গতিক হ্ৰাস পোৱাৰ বাবে ২০০৮ চনত
ইয়াক আই.ইউ. চি. এন (International Union for Conservation of Nature, IUCN)-এ সংকতাসন্ন
প্ৰজাতি (Near Threatened) বুলি ঘোষণা কৰিছে। ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে
(Indian Wildlife Protection Act,1972) এই প্ৰজাতিবিধক ১নং তালিকাভুক্ত প্ৰাণী হিচাপে
স্বীকৃতি দিছে৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ব কৰি ৰখা আইন
মতে দণ্ডনীয় অপৰাধ৷
(সংগ্ৰহীত)
No comments