সুস্থ সবল সমাজ গঢ়ো আহক
সুস্থ সবল সমাজ গঢ়ো আহকঃ
মানুহক সমাজত সুস্থ আৰু সবল ভাৱে জীয়াই থাকিবলৈ খাদ্যৰ উপৰিও আৰু কিহৰ প্ৰয়োজন? এখন ভাল সমাজ, এটা ভাল পৰিবেশ আৰু লগতে নিত্য প্ৰয়োজনীয় সম্পদসমূহ; তাৰোপৰি বিভিন্ন শাৰীৰিক কাম-কাজ, শাৰীৰিক যোগাসন, ব্যায়াম আদিৰো প্ৰয়োজন।
আমি সুস্থ, সবল থাকিবলৈ প্ৰধানত খাদ্যৰ ওপৰত গুৰুত্ব দিওঁ। এতিয়া মূল কথা হ’ল - আমি কি কি খাদ্য গ্ৰহণ কৰিম? কিন্তু এজন মানুহক কেৱল সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হলেই সুস্থ-সবল বুলি কব পাৰিনে? নাই নোৱাৰি; সু-স্বাস্থ্যৰ লগতে তেওঁ সুস্থ-সবল মনৰ অধিকাৰী হব লাগিব। আমি সুস্থ-সবল স্বাস্থ্যৰ লগতে সুস্থ-সবল মনৰ অধিকাৰী হবলৈ শাৰীৰিক খাদ্য খোৱাৰ লগতে মানসিক খাদ্য খোৱাৰো প্ৰয়োজন আছে।
আমি মানসিক খাদ্য কেনেকৈ গ্ৰহণ কৰিম? বিভিন্ন বিষয়ৰ কিতাপ, গল্প, প্ৰবন্ধ, আলোচনী আদি পঢ়ি আমি মানসিক খাদ্য গ্ৰহণ কৰিব পাৰো। আজিকালি প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ ব্যৱস্থাৰ বলত আমি মোবাইল, ইণ্টাৰনেট আদিৰ জৰিয়তেও অধ্যয়ন কৰিব পাৰো।
আহক সকলোৱে মিলি আমি ধনাত্মক চিন্তা কৰো, অধ্যয়ন পুষ্ট মনৰ
হওঁ। কাৰণ আমি নিজে সুস্থ-সবল মনৰ অধিকাৰী হলেহে পৰিবেশ সুস্থ হ’ব আৰু সমাজ সুস্থ হ’ব
আৰু তেতিয়াহে আমাৰ দেশ সুস্থ-সবল হ’ব।
(সংগৃহীত)
No comments