Wednesday, December 9, 2020

সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে

সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে
দিবাকৰ
ৰেণু, সহঃশিক্ষক, ২৪৩১ নং ইলশামাৰী প্ৰাঃবি, ধুবুৰী।
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)

 “সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে,
আমাৰ দ্বাৰাই পৃথিৱীখন ধুনীয়াকৈ গঢ়ে।”
আমি নগ্নহৈ এই ধৰালৈ আহোঁ। ধৰিত্ৰী জননীৰ অমৃত সুধা পান কৰি আমি আমাৰ চাৰিকাল পাৰ কৰোঁ। গঠন হয় আমাৰ চৰিত্ৰ।আমি কোন? আমি কোন? বুলি নিজক মাজে মাজে সোধো? আৰু উত্তৰ পাওঁ‌ এটা শূন্যৰ, এটা মহা শূন্যৰ।

সমাজৰ সকলো শ্ৰেনীৰ দুখ বেদনা,হাঁ‌হি,মান অভিমান সেইদিনাই শেষ হয়,যিদিনাখন আমাৰ মৃত্যু হয়। মৃত্যু এটা চৰম সত্য। মৃত্যুৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। আপুনি কিবা অপৰাধ কৰিলে  আৰক্ষীৰ পৰা,মানুহৰ পৰা লুকাই ফুৰিব পাৰে,কিন্তু মৃত্যুৰ পৰা কেতিয়াও নোৱাৰে।মৃত্যুৰ গতি অতি দূৰ্দান্ত। সেয়ে বেদে কৈছে “মানুহ ইমান অজ্ঞানী যে আগত সকলো বিলাক মিছা, জানিও ইমান ধুনীয়া পৃথিৱী খন উপভোগ নকৰাকৈ এদিন পৃথিৱীত একো নিদিয়াকৈ গুচি যায়”।


আপুনি নিজৰ শৈশৱৰ সোণালী দিন বিলাকৰ কথা এদিন ভাবিবচোন। আপোনাৰ মনৰ মলিনতা নোহোৱা হৈ যাব,আৰু গোটেই মনটো কোমল হৈ পৰিব।সূৰ্যোদয়ৰ লগত ৰিজাব পাৰি ৰাতিপুৱাৰ দিনবোৰ। এজন মানুহৰ চৰিত্ৰ,কথা বতৰা আচৰণ এই শৈশৱে নিৰ্ধাৰণ কৰে। শৈশৱতেই মানুহ এজনৰ ধাৰণা শক্তিৰ জন্ম হয়। শৈশৱৰ কালচোৱাত শিশুৰ মানসিক স্থিতি যদি অতি কঠিন হয়,তেন্তে তাৰ পৰবৰ্তী পৰ্যায়ত তেওঁলোক অতি জেদী আৰু খঙাল হয়।আৰু যদি এখন ফুলনিৰ এজোপা ফুলৰ দৰে শিশুক আদৰ কৰা হয় ,তেওঁৰ আচৰণ অতি নিৰ্জু আৰু সৎ হয়।কেতিয়াবা ইয়াৰ পৰিবৰ্তনো হয়। এই পৰিবৰ্তনৰ মূলত শিক্ষানুষ্ঠান আৰু সমাজ।


আমাৰ এই ধৰাখন বৰ ধুনীয়া। ছয় ঋতুৰ সমাহাৰেৰে এই ধৰাখন এখন সুখৰ দলিল। এফালে যেনেকৈ উত্তপ্ত,বৰ্ষা,প্লাৱন আনফালে ফৰকাল,শীত আৰু শুষ্কতা। সুন্দৰ ফুল ,চৰাই,জীৱ জন্তু আৰু আমাৰ চুবুৰীয়া।এবাৰ ব্যস্ততাৰ মাজতে আমি যদি নিজক সোধো “মই মই মই মই অকলে ,কোনো নাই,মই কি কি কৰিছোঁ‌,পৃথিৱীখনক মই কি দিলো,মোৰ দেখোন যাবৰেই হ'ল,পৃথিৱীয়ে মনত ৰাখিব পৰা কি দিলো মই এই পৃথিৱীক?”

এনেকৈ যদি সোধে,তেতিয়াই আপোনাৰ মনৰ সকলো মলিনতা দূৰ হ'ব। আমি দিনত যেনেকৈ চাবোন মাৰি নিজৰ দেহটো শুদ্ধ কৰোঁ। মনটোও শুদ্ধ কৰিব লাগে ।দিনটোত আপুনি বহু মানুহ লগ পাব,বহু বন্ধু পাব,বহু বিৰোধী পাব,বহু সমৰ্থক পাব।ইয়াৰেই কাকোৱেই আপুনি বুকুত ঠাই নিদিব। এক মাত্ৰ শুদ্ধ মনটোৰ কথা শুনিব।য'ত আপুনি কোৱা কথাৰ মূল্য নাই,য'ত আপুনি কৰা কাম মূল্য নাই তাত সময় ব্যতিত নকৰিব।কুমাৰ বিলাকে যিমানেই নাভাঙক কিয় ,মাটি ৰ পাত্ৰ গঢ়া বাদ দিয়ে জানো। তেনেকৈ নিজক সুন্দৰ আৰু পবিত্ৰতাৰে সজাব লাগিব।আপুনি দেখিব ,আপুনি পৃথিৱীৰ এজন ধুনীয়া মানুহ হৈ পৰিছে। আপোনাৰ সৎ পথৰ হেঙাৰ বহুত ওলাব,তেওঁলোকৰ কামেই সেইটো।সেই বুলি আপুনি তেওঁলোকৰ বাবে প্ৰতিশোধ পৰায়ণ নহ'ব।

এতিয়া আহিছোঁ‌--মূল বিষয় প্ৰশংসালৈ। প্ৰশংসা দুই প্ৰকাৰ। কিছুমান প্ৰশংসাত স্বাৰ্থ জড়িত থাকে। য'ত সন্মুখৰ ব্যক্তিজনে আপুনি কৰা বেয়া কামটোকো ভাল বুলিয়ে প্ৰশংসা কৰে । এনে প্ৰশংসাক তোষামোদ,তৈলমৰ্দন বা তুষ্টিকৰণ আদি বহু নামেৰে নামকৰণ কৰা হয়।এনে প্ৰশংসাই আমাক উপকাৰতকৈ অধিক ভাবে অপকাৰহে কৰে। আমি তেনে প্ৰশংসাৰ ফলত উঁ‌য়ে খোৱা বৃহৎ গছৰ দৰে অতি পাতল আৰু শক্তিহীন হৈ পৰোঁ। বহু বহু মহান লোক এনে কিছুমান ভুৱা প্ৰশংসাত মতলীয়া হৈ ধ্বংস হোৱাৰো উদাহৰণ আছে।কিন্তু সকলো কথাতে বিয়োগাত্মক বক্তব্য প্ৰদান কৰাও অনুচিত।

সকলো সৎ কামৰ প্ৰশংসা আছে। প্ৰশংসাই কেতিয়াবা যাদুৰ দৰে কাম কৰে। অতি অৱহেলাৰে পিষ্ট এজন লোকক সজ প্ৰশংসাৰে সমাজলৈ আগুৱাই আনিব পাৰি আৰু তেখেতৰ ভিতৰৰ শক্তিক জগাই তুলিব পাৰি। তেনে উদাহৰণ বহুত আছে। বেবি হলডাৰ নামৰ এগৰাকী লেখিকাৰ বিষয়ে আপোনালোকে নিশ্চয় জ্ঞাত। ভালকামত প্ৰশংসা কৰিব পৰা জনো হ'ব লাগিব এজন সৎ ব্যক্তি।সকলোৱে কিন্তু প্ৰশংসা কৰিব নাজানে।

শেষত শ্ৰদ্ধাৰ অনুকূল চন্দ্ৰ ঠাকুৰৰ এটা মহৎ বাণীৰে এই লেখা সামৰিছোঁ‌
“তোমাৰ দৃষ্টিয়ে যদি আনৰ কেৱল কু কাৰ্যই দেখে,তেনেহ'লে তুমি কেতিয়াও কাকো ভাল পাব নোৱাৰিবা। আৰু যিজনে সৎ দেখিব নোৱাৰে তেওঁ কেতিয়াও সৎ হ'বই নোৱাৰে। তোমাৰ মন যিমান নিৰ্মল হ'ব, তোমাৰ চক্ষু সিমান নিৰ্মল হ'ব, আৰু জগতখন তোমাৰ আগত নিৰ্মল হৈ ভাহি উঠিব।”

No comments:

Post a Comment

Popular