চৰকাৰী বিদ্যালয় আৰু প্ৰাত:সভা
চৰকাৰী বিদ্যালয় আৰু প্ৰাত:সভাঃ
(অতুলনীয় অন্তৰীপ
২০১৯ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
বিন্দু কলিতা ৰাজবংশী, মংগলদৈ
বিদ্যালয়ৰ পাঠদানৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰাত:সভা সমূহৰ গূৰুত্বপুৰ্ণ প্ৰভাৱে ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনত বিশেষ ভুমিকা গ্ৰহণ কৰে। শাৰীৰিক আৰু মানসিক দিশত সহায়ক হোৱা প্ৰা:ত সভা সমূহত বিদ্যালয়ৰ শিক্ষক সকলৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। বিদ্যালয় হৈছে এটা মন্দিৰ, য'ত কেৱল মানুহ হোৱাৰ শিক্ষা দিয়া হয়। আচাৰ, ব্যৱহাৰ, নিয়মানুবৰ্তীতা, জীৱনৰ লক্ষ্য, সৎ চৰিত্ৰ এই সমস্ত শিক্ষা বিদ্যালয়ৰ মাধ্যমেৰে শিকা হয়। প্ৰাত:সভা সমূহত প্ৰাৰ্থনা এটা গাইয়েই সমাপ্ত কৰি থোৱা উচিত নহয়। ছাত্ৰ ছাত্ৰীক কম সময়ৰ বাবে হলেও প্ৰত্যেক দিনাই শাৰীৰিক ব্যায়াম শিকোৱা আৱশ্যক। যাৰ ফলত সিহঁতৰ শৰীৰৰ জঠৰতা ভাঙে লগতে শৰীৰৰ প্ৰতি সচেতন হবলৈ শিকে। বিদ্যালয়ৰ সমূহীয়া প্ৰাত:সভাত শাৰী পাতি শৃংখলা বদ্ধ ভাৱে থিয় কৰোৱা হয় গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়েই নিয়মানুবৰ্তীতা মানিবলৈ বাধ্য হয়। প্ৰত্যেদিনাই সলাই সলাই প্ৰাৰ্থনাৰ আগ ধৰিব দিব লাগে। তেতিয়া মনৰ পৰা ভয় ভাৱ আতৰিব আৰু নেতৃত্বশীল মনোভাৱৰ গঢ় লব।
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement |
ইয়াৰ উপৰিও এনে কাৰ্য্য কৰাৰ ফলত দুৰ্বল আৰু এলেহুৱা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰাত সহায় হব যাৰ ফলস্বৰূপে সেই জন ছাত্ৰ অথবা ছাত্ৰীক শিক্ষকে অধিক গুৰুত্ব আৰোপ কৰিব পাৰিব। প্ৰাত:সভাতেই চাফচিকুনতাৰ ওপৰতো চকু দিয়া উচিত। ছাত্ৰ-ছাত্ৰীৰ নখ, চুলি, দাঁত ইত্যাদি পৰিস্কাৰ কৰি ৰাখিবলৈ শিক্ষা দিব লাগে। ইয়াৰ বাহিৰেও প্ৰাত:সভাত দৈনিক একোগৰাকী মহৎ লোকৰ এটা হলেও বাণী পঢ়ি শুনাব লাগে, লগতে নিতৌ বাতৰি কাকত সমূহত প্ৰকাশ পোৱা মুখ্য বাতৰি সমূহো এবাৰ পঢ়ি শুনাব লাগে। যদি প্ৰতিখন চৰকাৰী বিদ্যালয়ে প্ৰাত:সভাত এনে কাৰ্য্য সম্পাদনা কৰে তেনেহলে নিশ্চিত ভাৱে চাত্ৰ ছাত্ৰী খিনি অধিক উপকৃত হব লগতে মানসিক আৰু শাৰীৰিক ভাৱে সবল হব। বিদ্যালয়ত উলমি থকা বেলটোৰ শব্দই যি দৰে সময়ৰ মূল্য বুজিবলৈ শিকাই ঠিক সেইদৰে প্ৰাত:সভা সমূহৰ শিক্ষাইও ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনত বিভিন্ন ধৰণৰ মূল্যাংকন প্ৰদান কৰে।
No comments