মানসিক চিন্তাৰ সমাধান আপোনাৰ হাততেই
মানসিক
চিন্তাৰ
সমাধান
আপোনাৰ
হাততেই
✍ দিবাকৰ ৰেণু
স্বামী বিবেকানন্দই কৈছিল-আমাৰ দেহটো এটা পাত্ৰৰ দৰে।মনটো এই দেহৰ চলন্তি। যদি আমাৰ মনটো অনেক কুভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকে, আমি একোটা ডাষ্টবিনৰ বাহিৰে একো নহওঁ। মনক পৰিষ্কাৰকৈ নিয়ন্ত্ৰণ কৰি শুদ্ধ আৰু স্বচ্ছন্দ কৰি ৰাখিব পাৰিলে আমি সকলোতেই জয়ী হ’ম। আপুনি আপোনাৰ প্ৰতিটো দিন সদায় বেলেগ বেলেগ পায়।
ইয়াৰ কাৰণ হ’ল মন। আমাৰ বহুতেই কয়, আগৰ দিনত এনে আছিল তেনে আছিল। আগৰ দিনক বা অতীত সদায় মাধুৰ্যৰে ভৰা কিন্তু বৰ্তমাণৰ বেয়া খিনিও এদিন আমাৰ অতীতেই হ’ব। তেতিয়া সেই বিলাক এটা সপোন বুলি ভাবি পাহৰি যাও কিয়?
কাৰণ অতীতৰ যি আছিল এতিয়াও সেই একেই আছে।অতীত বৰ্তমানৰ সম্বৃদ্ধি বা সমাধি। আপুনি দুই ধৰণেই ভাবিব পাৰে।আগৰ বৃদ্ধ সকলে কয়- আমি গাখীৰ পানী খোৱা দিছিলোঁ, মাছ এনেকৈ খাইছিলো ইত্যাদি ইত্যাদি। কিন্তু অতীতৰ সূৰ্য আৰু বৰ্তমানৰ সূৰ্যৰ কিবা পাৰ্থক্য আছেনে? একোৱেই পাৰ্থক্য নাই।
বৰ্তমানৰ বৃদ্ধ সকলে কোৱা যিকথা আমি শুনিছোঁ, সেই কথা তেওঁলোকেও এদিন আমাৰ বয়সত শুনিছিল। আৰু আমিও বৃদ্ধ হ’লেও তেনেকৈয়ে ক’ম। এইয়া অতীতক কৰা আমাৰ শ্ৰদ্ধা। অতীত বেয়া অতি কম মানুহেই কয়। স্মৃতি বিলাক সদায় সোণালী হয়।
তেন্তে আমি কিবা পৰিবৰ্তনত ভৰি দিছো নেকি সঁচাকৈয়ে। বিজ্ঞান কাৰিকৰী দিশত সকলো পৰিবৰ্তন হ’ব পাৰে, কিন্তু আন একোৱেই পৰিবৰ্তন হোৱা নাই প্ৰকৃতিৰ। ধৰ্ম, জাত, পাত এইবিলাক কথাৰ কিছু পৰিবৰ্তন হোৱা বুলি আপোনালোকে ক’ব পাৰে, কিন্তু আমি সেইয়াও নাকচ কৰিম।
আগতেও আছিল, কিন্তু প্ৰচাৰ নাছিল। এতিয়া প্ৰচাৰৰ আধিক্যই আমাক যন্ত্ৰনা দিছে। আমি কিমান দিনৰ আলহী। মাত্ৰ ৬০ বছৰৰ।কিন্তু এই দুদিনতে আমি জাত পাত কৰি, কাজিয়া খৰিয়াল কৰি শেষ হওঁ। জাতি ধৰ্ম সেই বিলাক প্ৰতিজন মানুহৰ নিজস্ব বস্তু।
তাত আমাৰ কি আহে যায়। আমি সকলোৱে মানুহ। কোনোৱেই ক’ব পাৰিব নেকি আমাৰ কোনোবা সম্প্ৰদায়ৰ লোকৰ তেজ বগা বুলি। বাঘ সিংহৰ কিবা জাতি সম্প্ৰদায় আছে জানো। বাঘ বাঘেই।
চিৰিয়াখানাত থকা বাঘ বা অৰণ্যত থকা বাঘ। কিন্তু বাঘ বাঘেই। কিন্তু মানুহ আমি জীৱ শ্ৰেষ্ঠ বাবে, আমি সভ্য বাবে, আমি জ্ঞানী বাবে আমাৰ বিভাজন ধৰ্মকলৈয়ে। ধৰ্মই হেনো আমাক সৎ মাৰ্গ দেখুৱাই। কিন্তু বৰ্তমানৰ পৰিস্থিতিয়েই সজোৰে কৈ আছে- ধৰ্মহীন, সম্প্ৰদায় হীন হোৱাই শ্ৰেষ্ঠ মানৱ জীৱন।
আমাৰ মন বিলাক ডাষ্টবিন হোৱাৰ কেইটামান সূত্ৰ ওপৰত এইদৰেই উল্লেখ কৰিলোঁ। আমি বহুতেই সামাজিক চিন্তা আৰু ব্যক্তিগত চিন্তাক একাকাৰ কৰি ঘূৰি ফুৰো।
মুখত হাঁহি কিন্তু পেটত দুখৰ গৰল। আমি আনক ফাকি দিব পাৰোঁ, কিন্তু নিজক ফাঁকি দিম কেনেকৈ গতিকে আমি আমাৰ মানসিক দুশ্চিন্তাৰ পৰা মুক্ত হ’বলৈ তলৰ বিধি সমূহ পালন কৰিব পাৰোঁ-
(১) নিজক জনাৰ বাবে সদায় প্ৰশ্ন কৰিব।মই কোন, মই কিয়,আৰু মই কাৰ বাবে? এই প্ৰশ্ন কেইটাই আপোনাক সদায় উজ্জীৱিত কৰি ৰাখিব।
(২) আনৰ বিষয় আমি সদায় মন্তব্য কৰোঁ। কিন্তু নিজক বিশ্লেষণ নকৰোঁ। নিজক বিশ্লেষণ কৰাটো জৰুৰী।
(৩) সকলোতে বাক্য প্ৰয়োগত আমি গুৰুত্ব দিব লাগে। কাৰণ কথাতেই কটা যায় কথাতেই বঁটা পায়।
(৪) প্ৰদৰ্শনকামী মনোবৃত্তি ত্যাগ কৰিব লাগে।
(৫) আমাৰ অহংকাৰ, আমাৰ বাবে নেদেখা শত্ৰু। অহংকাৰক আমাৰ ভিতৰত সোমাবই দিব নালাগে। কাৰণ অহংকাৰে সোমাওতে মিত্ৰ হৈয়ে সোমাই।
(৬) সন্তুষ্টি। নিজক সন্তুস্ত কৰা। নিজক শান্ত কৰিব পৰা শক্তি। পোৱা খিনিতেই আনন্দ আৰু নোপোৱা খিনিৰ বাবে শ্ৰম, সৎ পন্থাৰে।
(৭) সহিষ্ণুতা আৰু ত্যাগ। কোনোৱেই আপোনাক যিমানেই কষ্ট নিদিয়ক কিয়, আপুনি সহিষ্ণু মনোভাব লৈ চাওকচোন। আপোনাৰ একোৱেই অন্যায় কৰিব নোৱাৰে। সহিষ্ণু মানুহে ত্যাগ কৰিব লাগিব তেওঁৰ ৰিপু সমূহৰ শক্তিক।
(৮) ধাৰ লোৱা আৰু দিয়া। সচৰাচৰ টকা পইচাৰ বাবে বহু ভাল সম্পৰ্কৰ ধ্বংস হয়। সেয়ে অতি ভাল বন্ধুৰ লগত টকা পইচাৰ লেদদেনত সাৱধান হ’ব লাগে। যদি আপুনি ভাৱে যে সি সেই টকা আপোনাক ঘূৰাই দিব নোৱাৰে, তাক সম্পূৰ্ণ ৰূপে দান কৰক। ধাৰ লোৱা দিয়া কাৰ্যই সদায় আমাৰ সমাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰহে জন্ম দিয়ে। এই ক্ষেত্ৰত স্পষ্টবাদী হোৱাটো উল্লেখনীয়।
(৯) টকা পইচাৰ দৰে আন এক সম্পদ হ’ল গ্ৰন্থ—কিতাপ দিলে বহুতেই ঘূৰাই নিদিয়ে। পিছত এই কথা কাৰ্যই গৈ এক মানসিক চিন্তাৰ কাৰণ হৈ পৰে। সেয়ে কাৰোৱাক কিতাপ দিলে স্পষ্টকৈ ঘূৰাই দিব। লোৱাজনেও সেই কথা মনত ৰাখিব আৰু দিয়াজনেও। অন্যথা উপহাৰ দিব।
(১০) ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত কাকোৱেই মুখৰ কথাত এৰিব নালাগে। সকলো লিখিত ল’ব লাগে। টকা পইচাৰ হিচাপ নিকাচে বহু বন্ধুত্ব ক ধ্বংস কৰে।
(১১) আনক যথেষ্ট আৰু যথাৱৎ সন্মান দিয়ক।সৰু বুলি কাকোৱেই পৃথকীকৰণ নকৰিব।
(১২) দূৰদৰ্শী চিন্তা কৰক। ভৱিষ্যৎৰ বাবে সদায় সাজু থাকক। বৰ্তমানতেই নিজক আৱদ্ধ কৰি নাৰাখিব।
(১৩) নেতিবাচক কথা কেতিয়াও নানিব।(no/never)
(১৪) নিজৰ ভিতৰতে এক সংকল্প প্ৰস্তুত কৰক। এক প্ৰগতিশীল দৃষ্টিভংগীৰে। আৰু কেতিয়াও কাৰো পৰাই পুতৌ নিবিচাৰিব। অনুৰোধ কৰিব, যিয়েই আপোনাক বুজে।১৪)আপোনাক বুজা, মৰম ভালপোৱা লোকৰ সন্মুখত নিজৰ কথা কওক। অনুৰোধ কৰক। কিন্তু সকলো মানুহকেই নিজৰ দুখৰ কথা কৈ হাঁহি হাতৰ পাত্ৰ নহ’ব।
(১৫) পোৱাখিনিতেই সন্তুষ্ট থাকক।লক্ষ্য ৰাখিব,প্ৰয়োজনতকৈ অধিক বিচৰাৰ ফল সদায় ভয়াবহ হয়।
(১৬) কাকোৱেই নঠগিব।কাকোৱেই ভয় নেদেখাব, আৰু নিজেই ভয়াতুৰ হৈ জীয়াই নাথাকিব।
(১৭) যেতিয়া সকলো পথ বন্ধ হয়, তেতিয়া এখনেই দুৱাৰ খোল খায়,সেইখন হ’ল মনৰ দুৱাৰ। মনক শক্তিশালী কৰক।প্ৰানায়ন,যোগ অভ্যাস কৰক।
(১৮) শুদ্ধ চিন্তা, সৎ চিন্তা মনত ৰাখক, ধৰ্মনিৰপেক্ষ হওক(আচলতে এই শব্দটোতকৈ সমভাৱ সম্পন্নটো বেছি উপযোগী)। অন্যায়ৰ বিৰোধ কৰক।
(১৯) কোনো কামকেই সৰু বৰ নকৰিব, তেনেদৰে সকলো ধৰ্মকে সন্মান কৰক। মানৱতাক সন্মান কৰক। নিজক বুজক, নিজক সন্মান কৰক,নিজৰ বৃত্তিক সন্মান কৰক।
(২০) সকলোৰে লগত বন্ধুত্ব গঢ়ক।আনৰ দুখত দুখী হওক। সুবিধাবাদী নহ’ব। আনক তোষামোদ নকৰিব আৰু ব্লেকমেইলিং।
(২১) নেতিবাচক চিন্তাক বনবাস দিয়ক। সাবধান হওক আৰু আনকো সষ্টম হৈ থাকিবলৈ কওক।
(২২) আমি সদায় নিজকে শুদ্ধ বুলি ভাবো।আচলতে শুদ্ধ নে অশুদ্ধ পথত আছোঁ, তাকলৈ সতৰ্ক হওক।
(২৩) কাকোকেই ভুল বুলি প্ৰমান কৰাৰ চেষ্টা নকৰিব। শুধৰাই দিয়াৰ চেষ্টাহে কৰিব।
(২৪) সাধাৰণ কথাতে উত্তেজিত নহ’ব। আপোনাক কোনোৱেই সমৰ্থন নকৰে বুলিয়েই তেখেতক আপোনাৰ শত্ৰু বুলি নাভাবিব।
(২৫) মনৰ পৰা সৰু বৰ ভাৱ উলিয়াই দিয়ক। উদাৰ হওক। আপুনি শান্তি পাব।
(২৬) নিজক মূল্য দিয়ক, কিন্তু বিক্ৰীও নকৰিব।
(২৭) হীনমান্যতাক প্ৰশ্ৰয় নিদিব।
(২৮) নিজক আনৰে কোনো কথাতেই তুলনা নকৰিব। দুখ পাব।
(২৯) সত্য কথাত ভয় নকৰিব। আত্মবিশ্বাসী হওক।
(৩০) ধন্যবাদ ব্যৱহাৰ কৰক। ঈশ্বৰৰ প্ৰতি,বন্ধুৰ প্ৰতি, পিতৃ-মাতৃৰ প্ৰতি।
উপৰিউক্ত ৩০ দফীয়া নীতি সমূহ পালন কৰি চাওকচোন,আপুনি সুখী হ'ব পাৰিব।
No comments