Breaking News

শিক্ষা, সৃষ্টি আৰু বৃত্তি

শিক্ষা, সৃষ্টি আৰু বৃত্তিঃ
 

“জীৱনত পাব পৰা সুখ, সন্তুষ্টি আৰু সফলতা নিৰ্ভৰ কৰে উপযুক্ত শিক্ষা, সৃষ্টিশীল মনোবৃত্তি আৰু শুদ্ধ বৃত্তি নিৰ্বাচনৰ ওপৰত।”

কিন্তু কেৱল মানুহক নজনা কথা শিকোৱাটোৱেই শিক্ষাৰ অৰ্থ নহয়। শিক্ষাৰ অৰ্থ হৈছে মানুহে নজনা আচাৰ-আচৰণৰ শিক্ষা দিয়া। কিয়নো প্ৰগতিৰ পথ সুগম কৰাত মানুহৰ সৰু-সুৰা ব্যৱহাৰ-পাতিবোৰেও প্ৰভাৱ পেলায়। সেয়েহে কোৱা হয়, শিষ্টাচাৰ প্ৰথম অধ্যায়, তাৰ পিছতহে পঢ়া-শুনা। সজ আৰু উচ্চ চিন্তাইহে মানুহক সঁচা মানুহ কৰি তোলে। সৎ চিন্তাক কামলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে ইয়াৰ সুফল পোৱা যায়। সেয়েহে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত, মানুহক চিন্তা কৰিবলৈ শিকোৱা। কেৱল পৰীক্ষাত পাচ কৰাটোৱেই যেনেকৈ পঢ়াৰ লক্ষ্য হোৱা অনুচিত, তেনেকৈ পাঠ্যপুথিয়েই অধ্যয়নৰ শেষ নহয়। জ্ঞান আহৰণ কৰাটোহে শিক্ষাৰ মূল উদ্দেশ্য। মানুহ হ’বলৈ হ’লে অন্তহীন শিক্ষাৰ আৱশ্যক আৰু এই অনন্ত শিক্ষা লভিবৰ বাবে সকলো সময়তে আমি খোলা ৰাখিব লাগিব কাণ- চকু আৰু মন-মগজু। আনহাতে যি শিক্ষাই আনৰ হাতত বিক্রী যাবলৈ শিকায় তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ যধামূৰ্খ হোৱাও বহুগুণে ভাল। কাজেই শিক্ষাই এনে লোক সৃষ্টি কৰিব লাগিব যাৰ ক্ষেত্ৰত সু-সংস্কৃত গুণ আৰু বিচক্ষণ জ্ঞান দুয়োটা সমানে দেখা যায়। আনহাতেদি, আনুষ্ঠানিক শিক্ষানুষ্ঠানত প্ৰদান কৰা ডিগ্ৰী-ডিপ্লমাসমূহ কোনো চাকৰি-বাকৰিৰ বাবে পাৰ-পত্ৰহে মাথো। ঘাত-প্ৰতিঘাত অতিক্রম কৰি জীৱনক সফল ভেটিত স্থাপন কৰোৱাৰ এইবিলাক কোনো স্বীকৃতি-পত্ৰ নহয়। এই সংসাৰত গাৰ বলেৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তুটোৱে হ’ল জ্ঞান। জ্ঞান অৰ্জনৰ বাবে প্ৰয়োজন হ’ল অধ্যয়নৰ। অধ্যয়ন হৈছে শিক্ষাৰ অংগ আৰু সৃষ্টিৰ বীজমন্ত্ৰ। অনবৰতে নিজৰ বুদ্ধি আৰু প্ৰতিভা প্ৰমাণ কৰাৰ বাবে পথৰ সন্ধান অব্যাহত ৰখা মানুহক তেওঁৰ ভিতৰৰ সম্পদৰাজি নিজৰ উপৰি দহজনৰ মংগলাৰ্থে বিনিয়োগ কৰাৰ মানসিকতা গঢ় দিব পাৰে একমাত্ৰ অধ্যয়নেহে।

জীৱৰশ্ৰেষ্ঠ মানৱৰ স্বপ্নই হৈছে সৃষ্টিৰ গোপন আকাংক্ষা। সৃষ্টিশীল মনোভাব অবিহনে এই যান্ত্ৰিক পৃথিৱীত ক্ষন্তেক সময় অতিবাহিত কৰা সহজ নহয়। সেয়েহে আমি সদায় এক সৃষ্টিধৰ্মী মনোভাবত নিজকে আবৃত কৰি ৰখাৰ চেষ্টা কৰা উচিত। আশাবাদী আৰু সুস্থ চিন্তাৰ জৰিয়তে সৃজনাত্মক মনোভাবেৰে শ্ৰেষ্ঠ কৰ্মত মনোনিৱেশ কৰিলে গভীৰ মানসিক প্ৰশান্তি লাভ হয়।  প্ৰতিটো কালজয়ী সৃষ্টিৰ বাবে মানুহক প্ৰয়োজন অশেষ ধৈৰ্য, কষ্ট, সাহস আৰু সাধনাৰ। শাৰীৰিক সবলতাতকৈ মানসিক সবলতাই সৃষ্টি তথা উন্নতিৰ কল্পবৃক্ষ বৃদ্ধিত অধিক সহায়ক হয়। মনেই মানুহৰ মানসিক ক্ষমতাসমূহৰ প্ৰধান উৎস। মনৰ উৎকৰ্ষ সাধনৰ দ্বাৰাহে সাফল্য আশা কৰিব পাৰি। সকলো মানুহেই কম-বেছি পৰিমাণে সৃষ্টিশীল কৰ্ম কৰিব পাৰে। অন্তৰৰ ব্যাকুলতাই উপলব্ধ নকৰালে বাহ্যিক দিশৰ পৰা মানুহক কোনেও সৃষ্টিশীল কৰাব নোৱাৰে। সৃষ্টিশীল মনটো একান্তভাৱে নিজৰ অন্তৰ্দেশৰ পৰাই গঠন হ’ব লাগিব। নিজৰ ভিতৰত থকা সৃজনাত্মক প্ৰতিভাক কৰ্ষণ কৰি নৈতিক চেতনাৰ দ্বাৰা পৰিচালিত হ’বলৈ যত্ন কৰিলে মানুহ সুখী হয়।

মানুহ তেতিয়াই সঁচাকৈ সুখী হয় যেতিয়া মনে মিলা বৃত্তিত আত্মনিয়োগ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ পায় আৰু তেওঁৰ সৎ উপাৰ্জনে জীৱনটো পৰিচালনা কৰাত সমল যোগায়। জীৱিকা আৰু জীৱন দুটা পৃথক বিষয়। জীৱন যদি লক্ষ্য, জীৱিকা উপায় মাত্ৰ। জীৱনৰ কৰ্মক্ষেত্ৰ আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰও দুটা ভিন্ন বস্তু। যাৰ ক্ষেত্ৰত এই দুয়ো কৰ্মক্ষেত্ৰ একেখনেই হয় তাৰ সমান সুখী আন কোনো হ’ব নোৱাৰে। নিৰ্ভুল-নিশ্চিত আৰু প্ৰকৃত কৰ্মজীৱন বাছি লোৱাৰ বাবে প্ৰয়োজন সাহসৰ। জীৱনৰ বাবে বাছি লোৱা বিষয় আৰু সৃষ্টিৰ বিষয়, অন্য কথাত জীৱিকাৰ বিষয় আৰু নিজৰ ভাল লগা বিষয় যদি একে হয় তেন্তে তাক ক’ব পাৰি সৰ্বোত্তম যুগলবন্দী। নিচা আৰু পেছা যাৰ এক, তাৰ বিকাশো পৰিসৰহীন; পৃথিৱীয়ে তেওঁলোকক হাত চাপৰি বজাই অভিনন্দন জনায়।
(সংগৃহীত)

No comments