Breaking News

শিক্ষাৰ অধিকাৰ আইন ২০০৯ বনাম শিশু শ্ৰমিক

 শিক্ষাৰ অধিকাৰ আইন ২০০৯ বনাম শিশু শ্ৰমিক
মিতা শৰ্মা, লক্ষীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়, গছৰগুৰি


"ৰাজ্যত ভয়ানক ভাবে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা। গহপুৰ মহকুমাৰ হেলেম থানাৰ অন্তৰ্গত টুকুবাৰিৰ কানু গাঁৱত বিশ্বনাথ জিলাৰ শ্ৰমিক পৰিষদ চাইল্ড লাইন আৰু হেলেম থানাৰ আৰক্ষীৰ  অভিযানত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়" ; দূৰদৰ্শনত দেখিবলৈ পোৱা এয়া এক শীৰ্ষ বাতৰি। শিশু শ্ৰমিকৰ এনে বাতৰিয়ে প্ৰত্যেকজন চিন্তাশীল ব্যক্তিৰ বিবেকত বাৰুকৈয়ে আঘাত কৰে। আজিৰ শিশু ভবিষ্যতে দেশৰ নাগৰিক। আৰু শিক্ষাই হে শিশুক মানব সম্পদ ৰূপে গঢ়ি তুলিব পাৰে। কিন্তু শিক্ষাৰ পৰা বঞ্চিত শিশু শ্ৰমিকৰ সমস্যাই দেশৰ প্ৰগতিত এক প্ৰত্যাহবান ৰূপে ঠিয় দিছে।

বিশ্বৰ ভিতৰতে ভাৰতত শিশু শ্ৰমিকৰ সংখ্যা সৰ্বাধিক। প্ৰাপ্ত পৰিসংখ্যা মতে বিশ্বৰ মুঠ শিশু শ্ৰমিকৰ সংখ্যা হৈছে ৫৫নিযুত। ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সংখ্যা ১৩নিযুত, অৰ্থাৎ বিশ্বৰ সৰ্বমুঠ শিশু শ্ৰমিকৰ ২৫% ভাৰতীয়। ইয়াৰ মুল কাৰন হৈছে দৰিদ্ৰ তা আৰু নিৰক্ষৰতা। ভাৰতীয় শিশু শ্ৰমিকৰ ৭১% গ্ৰাম্য অঞ্চলৰ আৰু ২৯% নগৰ অঞ্চলৰ।   

শিশু সকলৰ প্ৰাথমিক অধিকাৰ হৈছে শিক্ষা  গ্ৰহণৰ সুবিধা  লাভ কৰা। যাৰ জড়িয়তে তেওঁলোকে ভবিষ্যৎ জীৱনত এখন সুস্থ সমাজত সুন্দৰকৈ সমাযোজন কৰিব পাৰে আৰু ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাবলৈ সক্ষম হৈ পৰে। গতিকে ৬ ৰ পৰা ১৪ বছৰৰ কোনো শিশুয়ে যাতে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত নহয় এই উদ্দেশ্য আগত ৰাখি "শিক্ষাৰ অধিকাৰ আইন ২০০৯" বলবৎ  কৰা হয়। এই আইনখন ২০১১ চনৰ জুলাই মাহৰ পৰা অসমত কাৰ্যকৰী কৰা হয়। বিনামূলীয়া(মাচুল বিহীন) শিক্ষা, মধ্যাহ্ন ভোজনৰ ব্যবস্থা, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ঐক্য সাজ, অন্তৰ্ভুক্তি শিক্ষা ইত্যাদি প্ৰশংসনীয় পদক্ষেপৰ জড়িয়তে শিশু শ্ৰমিকৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই অহাটো বাৰুকৈয়ে পৰিলক্ষিত হৈছে। ইয়াৰোপৰি সৰ্ব শিক্ষা অভিযান মিচনৰ অধীনত অনেক আবাসিক বিদ্যালয় স্থাপন কৰা হৈছে। এই বিদ্যালয় সমূহে দৰিদ্ৰ তথা অনাথ শিশু সকলৰ জ্ঞানৰ জ্যোতি আহৰনৰ পঠত বাটকটীয়া ভূমিকা পালন কৰি এই শিশু সকলক এক নতুত জীৱন দিছে। ইমানৰ পৰিপ্ৰেক্ষিতটো এই আইনখনে কিন্তু শিশু শ্ৰমিকৰ সমস্যাটো সমূলি শেষ কৰিব নোৱাৰিলে। এতিয়াও গুৱাহাটি মহানগৰীৰ মুঠ শ্ৰমিকৰ ২৫% ই শিশু শ্রমিক। অসমৰ চাহ বাগান বোৰতো এক বুজন পৰিমানৰ শিশু শ্ৰমিক নিয়োজিত হৈ আছে। তাৰোপৰি বয়ন উদ্যোগ, কাঁহ-পিতলৰ উদ্যোগ, ইটা ভাটা, হোটেল-ৰেষ্টোৰাঁ, বেচৰকাৰী পৰিবহণ সমূহতো যথেষ্ট সংখ্যক কণ কণ শিশুক শ্ৰমিকৰ ৰূপত আমি নিজ চকুৰেই দেখিবলৈ পাই আহিছো। ইয়াৰ কাৰন সমূহ হৈছে

(১) অভিভাবকৰ অৰ্থনৈতিক অনগ্ৰসৰতা,

(২) অভিভাবক সকলৰ নিৰক্ষৰতা আৰু শিশুৰ ভবিষ্যতকলৈ অদূৰদৰ্শিতা,

(৩) পিছপৰা অঞ্চলত সজাগতাৰ অভাব,

(৪) ঠাই বিশেষে স্বাস্থ্যকৰ শৈক্ষিক পৰিবেশৰ অভাব,

(৫) সুৰা আৰু মাদক দ্ৰব্যৰ প্ৰভাব,

(৬) বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অজ্ঞতা,

(৭) শিক্ষা বিভাগৰ উচ্চতম কতৃপক্ষৰ দ্বাৰা এই অঞ্চল সমূহ পৰিদৰ্শন তথা উপযুক্ত ব্যবস্থা গ্ৰহণৰ অভাব।

অচিৰেই দেশৰ আইন ব্যবস্থা, চৰকাৰ, অভিভাবক আৰু জনসাধাৰনৰ মিলিত প্ৰচেষ্টাত এক চমকপ্ৰদ উপায় উদ্ভাবনেৰে শিশু শ্ৰমিক সমূলি নোহোৱা হব বুলি আশা কৰিলো। অন্যথা হিংসা, সন্ত্ৰাস আদিয়ে অসমৰ সহনশীল সংস্কৃতি ৰুগীয়া কৰি তোলাৰ আশংকাই অধিক।

No comments