Breaking News

কাশীত অধ্যয়ন কৰা মহাবীৰ চিলাৰায়

কাশীত অধ্যয়ন কৰা মহাবীৰ চিলাৰায়
লিপিকা দত্ত, মঙলদৈ

“A people without the knowledge of their past history, origin and culture is like a tree without root.” Marcus Garvey

এটা জাতিৰ অস্তিত্ব অটুত ৰাখিবলৈ হলে আমি জাতিটোৰ ইতিহাস জনাটো অতি প্ৰয়োজন। কাৰণ জাতিটোৰ প্ৰকৃত পৰিচয় ,গৌৰৱ নিহিত থাকে জাতটোৰ ইতিহাসৰ বুকুত।ইয়াৰ লগে লগে জনা উচিত সেই ইতিহাসৰ লগত সংপৃক্ত হৈ থকা বীৰ-বীৰাংগনাসকলৰ বিষয়ে জনাটো। যি সকলৰ কাহিনীৰে উব্ধুদ্ধ হৈ আমি জাতিৰ, দেশৰ সেৱা কৰিবলৈ উৎসাহিত হব পাৰো।অথবা তেওঁলোকৰ গৌৰৱোজ্জ্বল কাহিনীৰ সমলেৰে সমৃদ্ধ হৈ জাতিৰ বুনিয়াদ সুদৃঢ় কৰাত অগ্ৰসৰ হব পাৰো। এনে যিসকল বীৰ-বীৰাংগনাই আমাৰ অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰি তুলিছে, আমাক এক গৌৰৱময় ইতিহাসৰ সাক্খী কৰি থৈ গৈছে তেনে এজন বীৰ হৈছে -মহাবীৰ চিলাৰায়।১৫১৫খ্ৰী‌:ত পিতৃ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা কোচ ৰাজ্যৰ ভেটি সুদৃঢ় কৰি ভাতৃ নৰনাৰায়ণৰ ৰাজত্বকালক যুগমীয়া কৰাৰ লগতে নিজৰ নামো সোণালী আখৰেৰে খোদিত কৰা মহান বীৰ চিলাৰায়। ১৫১০খ্ৰী:ৰ মাঘী পূৰ্ণিমা তিথিত জন্ম লাভ কৰা চিলাৰায়ক জনা গৈছিল শুক্লধ্বজ নামেৰে। ১৫৪০খ্ৰী:ত ভাতৃ মল্লদেৱ অৰ্থাৎ নৰনাৰায়ণে কোচ ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হৈয়ে শুক্লধ্বজক সেনাপতিৰ দায়িত্ব প্ৰদান কৰে। ইয়াৰ লগে লগে নৰনাৰায়ণ আৰু চিলাৰায়ে কোচ ৰাজ্যৰ চাৰিসীমা আৰু শক্তি বৃদ্ধিৰ বাবে ওচৰ-চুবুৰীয়া ৰাজ্য সমূহ জয় কৰাৰ পৰিকল্পনা কৰে আৰু এটা শক্তিশালী সৈন্যবাহিনী গঠন কৰে।

সেই পৰিকল্পনা অনুসৰিয়ে চিলাৰায়ৰ নেতৃত্বত আহোম ৰাজ্য আক্ৰমণ কৰে। অৱশ্যে প্ৰথম অৱস্থাত পৰাজয় হলেও ১৫৬৩খ্ৰী:ত কোচ সৈন্যই গড়গা‌‌‌ও অধিকাৰ কৰে। আহোম ৰাজ্যৰ লগত হোৱা এই বিজয়ে চিলাৰায়-নৰনাৰায়ণৰ শৌৰ্য-বীৰ্যৰ প্ৰমাণ দাঙি ধৰিছিল। ইয়াৰ পিছত চিলাৰায়ে কছাৰী, জয়ন্তীয়া, ত্ৰিপুৰা আৰু শ্ৰীহট্ট জিলাক কোচ ৰাজ্যৰ অধীনস্থ কৰিছিল। এইবোৰ ৰাজ্যৰ উপৰিও খাচিয়া আৰু মণিপুৰৰ ৰজাইও কোচ ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰিছিল। চিলাৰায়ৰ বিচক্ষণ বুদ্ধি,পৰাক্ৰম,সাহসৰ ফলশ্ৰুতিতেই সেই সময়ত কোচ ৰাজ্যৰ  সীমা উত্তৰ ভাৰতলৈকে বিস্তৃত হৈছিল। উল্লেখযোগ্য যে চিলা চৰাইৰ দৰে ক্ষিপ্ৰতাৰে ৰণকৌশল প্ৰদৰ্শন কৰাৰ বাবেই শুক্লধ্বজক চিলাৰায় বুলি জনা গৈছিল।

কোচ ৰাজ্যৰ ইতিহাসক গৌৰৱময় কৰি তোলা চিলাৰায় অকল যোদ্ধাই নাছিল আছিল এগৰাকী বিজ্ঞ লোকো। তেওঁ আৰু ভাতৃ নৰনাৰায়ণে কাশীত সংস্কৃত ব্যাকৰণ, সাহিত্য আদি অধ্যয়ন কৰিছিল। উল্লেখযোগ্য যে ১৫৬৮ খ্ৰী:ত বংগদেশ আক্ৰমণ কৰোঁতে চিলাৰায় গৌড়ৰ নবাবৰ হাতত বন্দী হৈছিল। আৰু এই সময়ছোৱাতে গৌড়ৰ নবাবৰ সেনাপতি কালাপাহাৰে কাম্যাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।পিছত নৰনাৰায়ণ আৰু চিলাৰায়ে মেঘামুকদুম নামৰ এজন খনিকৰৰ হতুৱাই কাম্যাখ্যা মন্দিৰ পুৰ্ননিৰ্মাণ কৰিছিল।

অসমৰ জন জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতো চিলাৰায় আৰু নৰনাৰায়ণৰ আছিল এক আত্মিক সম্পৰ্ক।পাটবাউসীত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ বাবে থকা শংকৰদেৱৰ লগত চিলাৰায়ৰ চিনাকিয়ে অসমৰ সমাজ জীৱনত এক নতুন দিগন্তৰ সূচনা কৰিছিল। আহোম ৰাজ্যৰ পৰা বিতাড়িত শংকৰদেৱে নৰনাৰায়ণৰ আমন্ত্ৰণ ৰক্ষা কৰি কোচবিহাৰত স্থায়ীভাৱে থাকিবলৈ লয়। নৰনাৰায়ণ আৰু চিলাৰায়ৰ ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবেই শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু সাহিত্য সৃষ্টিত একান্ত চিত্তে মনোনিৱেশ কৰিবলৈ সুবিধা পাইছিল।

শংকৰদেৱ আৰু চিলাৰায়ৰ মাজত থকা সু সম্পৰ্কৰ বাবেই শংকৰদেৱৰ সম্পৰ্কীয় ভাতৃ ৰামৰায়ৰ জীয়েক ভূৱনেশ্বৰীক চিলাৰায়ে বিয়া কৰাইছিল বুলি জনা যায়।

অসমৰ ইতিহাসৰ সোণালী যুগ বুলি খ্যাত নৰনাৰায়ণৰ ৰাজত্বকালক নিজৰ বীৰত্বেৰে মহীয়ান কৰি তুলিছিল চিলাৰায়ে। এইজনা মহান বীৰ চিলাৰায়ৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে ২০০৫ চনৰ পৰা চিলাৰায়ৰ জন্ম তিথিটো চিলাৰায় দিৱস হিচাপে পালন কৰি অহাৰ লগতে বীৰ চিলাৰায় বটা প্ৰদান কৰি আহিছে।

 

No comments