নৰকাসুৰৰো আগতে কামৈ আইৰ পূজা হৈছিল নীলাচলত
নৰকাসুৰৰো আগতে কামৈ
আইৰ পূজা হৈছিল নীলাচলত
✍ ধীৰেণ শইকীয়া
আজিলৈ কামাখ্যা মন্দিৰৰ ইতিহাস পৰিকল্পিত ৰূপত ক'তো পঢ়িব পোৱা নাই। কেৱল দেৱী ভাগৱত, কালিকাপুৰাণ,যোগিনী তন্ত্ৰৰ কাহিনীৰ আধাৰত দুই এটা কাহিনীকে কামাখ্যাৰ ইতিহাস বুলি বাতৰিকাকত-আলোচনী কিম্বা দুই এখন গ্ৰন্থত প্ৰকাশ হৈ আহিছে। আজি আমি এই প্ৰবন্ধত ইয়াৰ পীঠখনৰ সামান্য ইতিহাস অৱগত কৰিবলৈ চেষ্টা কৰিম। কামাখ্যাৰ ইতিহাস খুঁচৰিলে ষোল্ল শতিকাত কামাখ্যা মন্দিৰ নিৰ্মানৰ তথ্য থাকিলেও ইয়াৰ পূজা সেৱা পঞ্চম শতিকাৰ পৰাই হৈ আছিল বুলি তথ্য পোৱা যায়। নৰকাসুৰৰ আগৰ কালছোৱাৰ সময়খিনি স্পষ্টভাৱে পোৱা নাযায়।
বিদেহৰ পৰা প্ৰব্ৰজিত প্ৰথম আৰ্য নৰক আৰু কামাখ্যাৰ দেখাদেখিঃ
ইতিহাসৰ তথ্যমতে,নৰকৰ ৰাজত্ব কাল অষ্টম শতিকা
বুলি ধৰিলে পঞ্চম, ষষ্ঠ আৰু সপ্তম শতিকাৰ এই সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে
কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি তথ্য পোৱা যায়,কেৱল শৈল গহ্বৰত চলিছিল এই পূজা।
সেই দিশৰ পৰা চালে কিৰাত ৰাজ্যৰ অধিপতি হৈ বলে বীৰ্যই শক্তিশালী হৈ বিদেহ বা মিথিলাৰ
পৰা কাত্যায়নী আৰু পিতৃ বিষ্ণুৰ সৈতে প্ৰব্ৰজিত নৰকে কেৱল এইসময়ৰ বহুলভাৱে পূজিত দেৱীগৰাকীৰ বাবে
পীঠ স্থানখন নিৰ্মানহে কৰিছিল বুলিও ভাবিব পাৰি। বহুতে নৰকে নীল নামৰ পৰ্বতখনৰ কোনো
এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও কব খোজে।
পিছে,নৰক মিথিলা বা বিদেহৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ অহাৰ সময়তো যোনীপীঠখনৰ ওচৰে পাজৰে
কেইঘৰমান কোচ,মেছ,বড়ো,খাছীয়া আদি লোকে কামাখ্যৰ পূজা অৰ্চনা কৰাৰ কথা কালিকাপুৰাণত
পোৱা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গলে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল
বুলি ভবাৰ অৱকাশ আছে। অষ্ট্ৰিকসকলৰ ধাৰনাত আকৌ কামাখ্যাক শ্মশান সংশ্লিষ্ট দেৱী বুলিহে
জনা যায়। বহুতে কয়ঃ এই ৰাজ্য তেতিয়া কিৰাতৰ অন্তৰ্গত আছিল,সেই সময়ত সকলোৱে কৈছিল কামৈ
আইৰ সন্মতি নহ'লে এই অঞ্চলত ৰাজত্বটো দূৰৈৰ কথা ভৰি থবও নোৱাৰি এই মুলুকত।আদিম কালত
এটা শৈল নিৰ্মিত সুৰংগত কামৈ আইৰ পূজা অৰ্চনা কৰা হৈছিল। অধিবাসীসকলে ভোলানাথ শিৱ আৰু
কামৈ আই বা কামদাক পূজা কৰি মানসিক শান্তি পাই বুলি বিশ্বাস কৰিছিল। এই কামৈ আয়েই কামাখ্যা।নৰকক
লগত লৈ ভগৱান বিষ্ণুও সেইসময়ত কামৈ
আই বা কামদাৰ ওচৰলৈ গৈ প্ৰথমেই হেনো কৈছিলঃ 'আপোনাৰ আজ্ঞা,আশীৰ্বাদ নাপালে নৰকক ইয়াত
থাপিব পৰা নাযাব'। কথাশুনি কামাখ্যাই সুধিছিলঃ'কি ৰূপত থাপিব খুজিছে আপুনি এওঁক,শাসক
নে শাসিত? এইদেশত না ভূমিৰ অভাৱ না প্ৰাকৃতিক সম্পদৰ,পিছে প্ৰকৃতিয়ে যোগ্যজনকহে এই
অধিকাৰ দিয়ে। সিংহৰ সন্তান হলেও সি মৃগ চিকাৰ কৰিবলৈ সামৰ্থ হব লাগিব। যদি তেওঁ নিজ
গুনে আগবাঢ়ে দেখা যাবই.....' এনেদৰেই নৰক আহি প্ৰাগজ্যোতিষপুৰত অধিষ্ঠিত হ'ল আৰু লাহে
লাহে অত্যাচাৰী হোৱাত শেষলৈ নিপাত যাবলগীয়াও হ'ল।
সহজ ভাষাত কবলৈ হ'লে খাচীয়া সকলে ইয়াক 'কামেইখা'হে বোলে। আকৌ প্ৰচলিত এক কাহিনীমতে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই তথা অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। ড• বানী কান্ত কাকতিয়ে কামাখ্যা অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে কব খোজে। ড• সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্ত্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে ৬৩০-৬৪৪খৃঃত ভাৰতলৈ অহাৰ সময়ত পীঠখনৰ কোনো কথা ক'তো বৰ্ণনা নকৰালৈ চাই সেইসময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি ল'বলৈ টান লাগে।
বিশ্বসিংহৰ কামাখ্যা মন্দিৰৰ বিকাশসাধনঃ
কোচ মহাৰাজ বিশ্বসিংহই (১৫১৫-১৫৪০) এবাৰ ভায়েক
শিষ্যসিংহৰ লগত যুদ্ধাভিযানৰ পৰা ঘূৰি আহোতে দুয়ো ভাতৃ ৰাতি হঠাৎ নিজৰ সৈন্যদলৰ পৰা
বিছিন্ন হৈ পৰে।তেওঁলোকে নিশাৰ ভাগত ঘুৰি ঘুৰি গুৱাহাটীৰ সমীপৰ নীলাচলত উপস্থিত হৈ
এগৰাকী বৃদ্ধই এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিৱ
পাৰে।ৰজাই উক্ত পীঠত গৈ সেৱাঁ কৰি শপত ললে যে যদি ভায়েক আৰু সৈন্য সামন্তক লগ পাই তেন্তে
কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মান কৰিব। কিন্তু কথামতেই কাম হ'ল তিনিদিনৰ ভিতৰত বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে
তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যাপীঠত মন্দিৰটোৰ আৰু অধিক বিকাশসাধন কৰে। তেতিয়াৰ পৰা কামাখ্যাভক্ত হৈ পৰে বিশ্বসিংহ।
বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময় ছোৱা উলিয়াব লাগিলে ১৫৪০ খৃঃৰ আগৰ বুলিবই লাগিব। কাৰণ
বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে ১৫৪০।
১৮ গৰাকী ৰাণী একেদিনাই বিয়া কৰোৱা এইগৰাকী বিশ্বসিংহই পুত্ৰ মল্লদেৱ আৰু শুক্লধবজক বাৰানশীলৈ ব্ৰহ্মানন্দ সৈন্যাসীৰ তাত উচ্চশিক্ষাৰ বাবে পঠাইছিল। এই কথাখিনি আছে 'কোঁচ-কমতাৰ ইতিকথা' নামৰ দ্বীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ গ্ৰন্থকাৰ ৬১পৃষ্ঠাৰ পৰা ৬৪ পৃষ্ঠালৈ।
দুবছৰমান নীলাচলত দেৱীপূজা হোৱা নাছিলঃ
কালাপাহাৰে ১৫৫৩ খৃঃত কামাখ্যাৰ মন্দিৰ ভাঙি চিঙি
চুৰমাৰ কৰাৰ পিছত ১৫৬৫ত নৰনাৰায়ণে পুনৰ নিৰ্মান কৰা বুলিলে এই দুবছৰ- ডেৰ বছৰ মন্দিৰ
নোহোৱাকৈ বা ভগ্নস্তুপেৰে ঠাইখন পৰি আছিল বুলিব লাগিব।
নৰনাৰায়ণে কামাখ্যা মন্দিৰ নিৰ্মান কৰাৰ সময়কালঃ
বিশ্বসিংহৰ
দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা
দুৰ্বলতা আছিলেই। ১৫৪০ খৃঃত নৰনাৰায়ণ কোঁচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা
দেশ জয় কৰি ১৫৬৩ত আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিল। তাৰ পিছত এখন এখনকৈ
কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা, কছাৰী, জয়ন্তীয়া আদি ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে। তাৰ পিছত গৌড় দেশ আক্ৰমণ কৰোঁতে সেনাপতি চিলাৰায়
তাত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি কালাপাহাৰে
হেলাৰঙে কামাখ্যা ধ্বংস কৰি থৈ যায়। তেতিয়া গৌড় দেশৰ পৰা মুক্ত হৈ চিলাৰায়ে প্ৰজাহিতকৰ
কাম কৰিব'লৈ লয়। নৰনাৰায়ণ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ
সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদোগত লয়। নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে 'মেঘামুকদুম' নামৰ
ৰাজ ভাস্কৰ্য শিল্পীৰ হতুৱাই মন্দিৰটো নিৰ্মান কৰিছিল। জনামতে মহৎৰাম বৈশ নামৰ ৰাজ
কৰ্মচাৰী এজনক মন্দিৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেবাটাও নেতিবাচক
কথা দেখি এই কাম 'মেঘামুকদুম'ক দিয়ে। কোচঁ
ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙনি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল
বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা
থাৱৰ কৰিৱ পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলে পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্য
সমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে। কোনবোৰ মতে কামাখ্যা মিথিলাৰ দেৱী। মিথিলাৰ পৰা অহা নৰকে তাৰ ধান ধাৰনাৰে
ইয়ালৈ কামাখ্যাক লৈ আহি পূজা কৰিছিল। কামাখ্যা অনা কথাটো বহুতো পণ্ডিতে মানি লব নোখোজে কয় কামাখ্যা স্থানীয় অনাৰ্য সকলৰেই দেৱী। বড়ো,খাচীসকলে
আদিৰ ইতিহাসত এনে দেৱীৰ কথাও পোৱা যায়। 'দৰং ৰাজবংশাৱলী'ত কোৱা হয় দেৱীয়ে হেনো কেন্দুকলাই
নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা উলংগ নৃত্য কৰিছিল মন্দিৰৰ চৌহদৰ ভিতৰত।
এবাৰ তেনে নৃত্য কৌশল কৰি চাবলৈ নৰকাসুৰে অভিসন্ধি কৰাত। দেৱীয়ে খঙতে কেন্দুকলাই নামৰ
পুৰোহিতজনক প্ৰচণ্ড চৰ সোধাই। তেতিয়া তেওঁৰ মূৰটো চিঙি গৈ ওডালগুৰি জিলাৰ কলাইগাঁৱৰ
ওচৰত পৰেগৈ। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত মূৰাদেৱৰ দেৱালয়
আছে। কামাখ্যা মন্দিৰৰ কেইবাটাও কথাত বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ পৰা বুলিও কয় বহুতে। বিশেষকৈ
মন্দিৰৰ পূখুৰীটোত বৰকাছ সংৰক্ষণৰ কথাটোৱে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈও মনত পেলাই
দিয়ে। এই মন্দিৰৰ পূখুৰীটোতো বৰকাছ সংৰক্ষণৰ ব্যৱস্থা আছে। এইকথাবোৰ ভবিষ্যতে গবেষণা
হব লাগে।
No comments