Tuesday, January 19, 2021

বৰপেটা সত্ৰৰ অখণ্ড প্ৰদীপ “অক্ষয় বন্তি”

বৰপেটা সত্ৰৰ অখণ্ড প্ৰদীপ “অক্ষয় বন্তি”

একশৰণ হৰিনাম ধৰ্মৰ ধ্বনিৰে অবিৰত মুখৰিত বৰপেটা সত্ৰ। ঐতিহ্যমণ্ডিত এই বৰপেটা সত্ৰ অদ্যাপি উজলি আছে মহাপুৰুষ মাধৱদেৱে জ্বলাই যোৱা অখণ্ড প্ৰদীপ শিখাৰে। এই আলোক শিখা প্ৰত্যেক নৰনাৰীৰে সেৱাৰ বস্তু। যাৰ ক্ষয় নাই, যিয়ে অবিৰতভাৱে প্ৰতিনিয়ত উজ্জ্বল শিখাৰে ইয়াৰ চাৰিওদিশ আলোকিত কৰি ৰাখিছে, সেয়াই অক্ষয়বন্তি। প্ৰজ্জ্বলিত হোৱাৰ দিন ধৰি কোনোদিনে ই নুমাই যোৱা নাই। এই শিখা অখণ্ড প্ৰদীপশিখা। বৈষ্ণৱসকলৰ দৃষ্টিত অক্ষয়বন্তি ধৰ্মীয় বিশ্বাসৰ প্ৰতীক। এন্ধাৰৰ বুকু ফালি অগত্নিশিখাই যিদৰে মানুহৰ জীৱন আলোকিত কৰিব পাৰে, তেনেকৈ সেই উজ্জ্বলিওত শিখাৰ নিৰ্বাণে অনা এন্ধাৰে মানুহৰ জীৱনত অমানিশাৰ সৃষ্টিও কৰিব পাৰে। অক্ষয়বন্তিয়ে ধৰ্মৰ ধ্বজা উৰুৱাই থকাৰ কথাই নৈমিষাৰণ্যত সৌণকাদি মুনিসকলে হাজাৰ হাজাৰ বছৰ ধৰি নিয়মৰ মাজেদি সম্পাদিত কৰা সত্ৰানুষ্ঠানুৰ গৰিমাৰ স্মৃতিকেই উজাৰি দিয়ে।

মহাপুৰুষ মাধৱদেবে সুন্দৰীয়াদিয়া সত্ৰৰ পৰা আহি তাহানিৰ তাঁতীকুছি বৰ্তমান বৰপেটাত থাকিবলৈ লোৱাৰ পিছত এদিনাখন তেওঁৰ প্ৰিয় শিষ্য গোপালআতাৰ আগত ব্যক্ত কৰিলে- ‘গোপাল নাম গাবলৈ বৰ ঠেক পাওঁ। এফেৰি হৰি মন্দিৰ কৰিব লাগিল। কিবা ৰবই পাৰো, দেখো ঠায়েই নাই। মাটি বিচৰা আৰম্ভহল। গুৰুৰ বচনমতে বুঢ়আতাই ৰামচন্দ্ৰ( ৰাম লাডুৱা বুঢ়া নামে খ্যাত)ক মাটিৰ ববে ধৰিব দিলে। ৰাম লাডুৱা বুঢ়াৰ হেনা-হুঁচা ভাৱ। তেতিয়া মাধৱ গুৰুৱে গীত কৰি মাতি শুনালে-
বুঢ়া ভাই, হৰি গুণ গাই নাচা
কোনদিনা ঢলি শৰীৰ পৰয়
আৰ কি বাট চাই আছা

গুৰুজনে আকৌ ক
লে-‘বোলে তোমাৰ চাউল হব, মোৰ শ্ৰীশঙ্কৰদেউৰ প্ৰসাদত জীৱ পাৰিবা। আত শত সহস্য নাম হব নিতে। জীৱৰো কুশল হব; চাউল কানি যি হবই। চিন্তা কৰা কিহলৈ?
(কথাগুৰু চৰিত)

মাধএ গুৰুৰ চেষ্টাত মাটি এডৰা পোৱা গল। সময়ত তাত গুৰুজনাই ৰঙিয়ুআল গৃহ সাজি, থাপনা থাপি গুঅৰৰ আসনৰ আগত এগছি বন্তি প্ৰজ্জ্বলিত কৰিলে। সেই বন্তিগছি বৰ্তমান গুৰু আসনৰ সমীপৰ পৰিৱৰ্তে মণিকূট গৃহতহে প্ৰজ্জ্বলিত হৈ আছে। গুৰুৰ্জনাৰ সেই আশাৰ বন্তি এতিয়াও অক্ষত অৱস্থাতে আছে। কালক্ৰমত বনপোৰা জুইৰ ফিৰিঙতি উফৰি আহি খেৰ-বাহেৰে সজা সেই ৰঙিয়াল গৃহ এদিন ধংসস্তুপত পৰিণত হৈছিল যদিও সেইদিনাই গোপালআতাৰ পত্নী সুমতি আয়ে জুই-ছাই আঁতৰাই খাগতৰিৰ তিনি ঠেকনাৰ ওপৰত ৰাখি বন্তিগছি জ্বলাই ৰাখিলে। গুৰুজনাৰ ধাৰণাক সুস্থিৰ ৰুপ দিছিল। ফলত এনিশাৰ বাবেও সেই শিখা নিৰ্বাপিত নহল। সেই বন্তি অক্ষয় বন্তি-যি গছি আজিও উজ্জ্বল শিখাৰে গুৰুজনাৰ মহিমা প্ৰচাৰ কৰি আছে। এই বন্তিৰ আলোকে ভকতৰ অন্তৰত যি ভক্তিৰ ভাব জগাই আহিছে তাৰ বাবে বন্তিৰ প্ৰয়োজনীয় মিঠাতেলৰ উভৈনদী সত্ৰত দেখিবলৈ পোৱা যায়। ভক্তগণে ভগৱান কৃষ্ণৰ ওচৰত মূৰ দোৱাই আশিস বিচৰাৰ সময়ত বন্তিৰ বাবে মিঠাতেল আগবঢ়ায়। বৰপেটা সত্ৰত এই অক্ষয় বন্তিৰ বাবে প্ৰতিদিনে পাঁচ লিটাৰকৈ তেলৰ প্ৰয়োজন। এই তেলৰ অভাৱ আজিও সত্ৰই অভাৱ অনুভৱ কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগে লগে এটা ধাৰা প্ৰৱৰ্ত্তিত হল যে নতুনকৈ সত্ৰ স্থাপন কৰাৰ সময়ত বহু নীতি-নিয়মৰ মাজেৰে এই বন্তিৰ জুইশিখা আদৰসহ লৈ গৈ নতুন সত্ৰত মূলবন্তি জ্বলোৱা হয়। কিবা কাৰণত তেনে সত্ৰত বন্তি নুমাই গলে বৰপেটা সত্ৰৰ বন্তিৰ জুইৰেহে পুনৰ প্ৰ্জ্জ্বলিত কৰিব লাগে। মাধৱগুৰুৱে নিজ হাতেৰে জ্জ্বলাই যোৱা বন্তিৰ আলোকত শাখা সত্ৰবিলাকৰো বন্তি জ্বলি উঠি কৃষ্ণ ভক্তসকলৰ অন্তৰ আলোকিত কৰি ভক্তিৰসৰ নিজৰা প্ৰবাহিত কৰি আছে এতিয়াও।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট, লিখক: কাঞ্চন দাস, দৈনিক অসম)

 

No comments:

Post a Comment

Popular