Breaking News

মোৰ আদৰ্শ সমাজ

মোৰ আদৰ্শ সমাজ.
প্ৰেম বৈষ্ণৱ

সেইখন সমাজত মই থাকিব নিবিচাৰোঁ,
যি খন সমাজত অন্যায় অবিচাৰ
দুৰ্নীতি,  ভৎসনা আৰু ভ্ৰষ্টাচাৰ,
দীন-দুখীয়াৰ শোষণ, দুষ্টক পালন,
সকলো বোৰ পাপ য'ত হয় একাকাৰ ।

সেইখন সমাজত মই থাকিব নিবিচাৰোঁ,
য'ত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ব্যভিচাৰ,
পৰচৰ্চা , পৰনিন্দা, আৰু তিৰস্কাৰ,

মানৱতা ভুলণ্ঠিত হয় য'ত পদে পদে
তেনে ঠেক সমাজক কৰোঁ পৰিহাৰ

সেইখন সমাজত মই থাকিব নিবিচাৰোঁ,
যি খন সমাজত সততাৰ পৰাজয়,
দুস্কৃতিকাৰীৰ পালন আৰু শান্তক দমন

দৰ্প অহংকাৰীৰ সৰ্বত্ৰে জয় গান ,
জ্ঞানী গুনীৰ নাই কোনো মান সন্মান।

মই সেইখন সমাজত থাকিব নিবিচাৰোঁ,
যি খন সমাজত নাৰী অৱহেলিতা,
নিজৰ ঘৰৰ ভিতৰতো নাই নিৰাপত্তা

পুৰুষৰ  বাবে কেৱল  ভোগৰ সামগ্ৰী,
পুৰুষৰ কুদৃষ্টিত পলে পলে হয় ধৰ্ষিতা,

য'ত নাই আই-মাতৃৰ মান মৰ্যদা।

মই নিজেই এখন নতুন সমাজ গঢ়িম,
জ্যেষ্ঠ-কণিষ্ঠ, গুৰু-গোসাঁই, গুণীজনক
যথাযোগ্য মূল্য ও সন্মান যাচিম,

অন্ধবিশ্বাস,কুসংস্কাৰ ব্যভিচাৰ
সমাজৰ পৰা চিৰবিদায় দিম

মই এক নতুন আদৰ্শ সমাজ গঢ়িম।

No comments