শীতকালি গছৰ পাত সৰে কিয় ?
শীতকালি গছৰ পাত সৰে কিয় ?
শীতকালি বৰষুণৰ পৰিমাণ কমে। বায়ুৰ আৰ্দ্ৰতা হ্ৰাস পায়। গতিকে গছজোপাত আৱশ্যক হোৱা পানীৰ অভাৱ হয়। পানীৰ অভাৱত সেউজীয়া পাতবোৰ হালধীয়া বা ৰঙচুৱা হৈ সৰি পৰে। গছত বেছি পাত থাকিলে বেছি পানীৰ আৱশ্যক হয়। শীতকালি পানীৰ পৰিমাণ কমি যোৱাৰ বাবে গছৰ পাত সৰি পানীৰ অভাৱ পূৰণ কৰিবলৈ প্ৰকৃতিয়ে এনে সুন্দৰ ব্যৱস্থা লয়।
শীতকালি গছৰ সকলো পাত সৰি গ’লে গছে কিদৰে খাদ্য প্ৰস্তুত কৰে?
শীতকালি কিছুমান গছৰ সকলো পাত সৰি লঠঙা হয়। তেনে অৱস্থাত আগতে প্ৰস্তুত কৰি গা-গছ, ঠাল-ঠাঙুলিত সঞ্চিত কৰি ৰখা খাদ্য খাই এই সময়ছোৱা গছে অতিবাহিত কৰে।
কিছুমান গছৰ পাতৰ পৰা পানী সৰে কিয় ?
কিছুমান গছৰ শিপাই যথেষ্ট পৰিমাণৰ পানী শুহি গছজোপাৰ পাতলৈ প্ৰেৰণ কৰে। পাতত পানী নিৰ্মোচক অংগ আছে। এই অংগবোৰেৰে গছৰ অপ্ৰয়োজনীয় পানীভাগ বাহিৰ হৈ পাতৰ আগেৰে টোপটোপকৈ পৰা। কিছুমান গছৰ পাতৰ পৰা দিনৰ ভাগতো এইদৰে পানী পৰা দেখা যায়। আমেৰিকাত বৃষ্টিবৃক্ষ নামেৰে এবিধ গছ আছে যাৰ পাতৰ পৰা পানী বৰষুণৰ টোপালৰ দৰে পৰি থাকে।
No comments