Tuesday, January 26, 2021

গণৰাজ্য দিৱস আৰু কিছুকথা

 

গণৰাজ্য দিৱস আৰু কিছুকথাঃ

আজি, ২৬ জানুৱাৰীৰ এই দিনটোতে পালন কৰা হয় গণৰাজ্য অৰ্থাৎ গণতন্ত্ৰ দিৱস ৷ গতিকে আজি গণতন্ত্ৰৰ বিষয়ে কিছু কথা এই চেগতে জানি থওঁ আহক-

বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত আমাৰ ভাৰতীয় সংবিধান ৷ সংবিধানৰ গণ্ডিৰে আমি ভাৰতীয় গনতন্ত্ৰ ৰাষ্ট্ৰৰ একো একোজন নাগৰিক আৰু আমাৰ দ্বাৰাই নিৰ্বাচিত তথা পৰিচালিত এই ৰাষ্ট্ৰ  ৷ সংবিধানে আমাক স্বাধীনতাৰ বাট মুকলি কৰে, সংবিধানে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সংবিধানে আমাৰ সমাজ ব্যৱস্থাৰৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰে ৷

ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিক সকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰৱৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম , সমাজতান্ত্ৰিক , ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিক সকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃত্বভাৱ জাগ্ৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। “সমাজতান্ত্ৰিক, “ধৰ্মনিৰপেক্ষ ” ,” সংহতি , আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্বভাৱ ” এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়।

সংবিধান প্ৰৱৰ্তনৰ স্মৃতিত ভাৰতীয় জনগণে প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখটো গণতন্ত্ৰ দিৱস হিচাপে উৎযাপন কৰে। ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান । এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান- অনুসৰিহে কৰা হয়। সংবিধানৰ খচৰা কমিটিৰ সভাপতি ড. ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ প্ৰধান প্ৰণেতাৰ এজন শ্ৰষ্টা আছিল।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments:

Post a Comment

Popular