কাৰোৰে ওচৰত নিজৰ গুৰুত্ব নিবিচাৰিব, নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখক, এদিন আপুনি সকলোৰে আপোন হ'ব
কাৰোৰে ওচৰত নিজৰ গুৰুত্ব নিবিচাৰিব, নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা
ৰাখক, এদিন আপুনি সকলোৰে আপোন হ'বঃ
(অতুলনীয় অন্তৰীপ ২০২০ জানুৱাৰী সংখ্যাত
প্ৰকাশিত প্ৰবন্ধ)
✍ দিবাকৰ ৰেণু, ধুবুৰী
কাৰোৰে ওচৰত নিজৰ গুৰুত্ব নিবিচাৰিব, নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখক, এদিন আপুনি সকলোৰে আপোন হ'ব। এই কথাখিনিয়ে বহু দিনৰ পৰাই মোৰ মনত আন্দোলিতহৈ আহিছে । কিয়নো বহু ক্ষেত্ৰত আমি উপেক্ষিত। উপেক্ষিত হোৱাৰ বাবে মাজে সময়ে কিছুমান সৰু সৰু অথচ অতিশয় স্পৰ্শকাতৰ ঘটনাই আমাকো আলোৰিত কৰিছিল। তেতিয়া মোৰ ভাব হৈছিল – কিয় তেওঁ মোক উপেক্ষা কৰিছে, কি হ'ল, মইতো তেওঁৰ কোনো অন্যায় কৰা নাই বা তেওঁৰ উন্নতিৰ পথৰো হেঙাৰ হোৱা নাই। তথাপিও কিয় তেওঁৰ পৰা মই কোনো সহাৰি নাই পোৱা বাৰু! ইত্যাদি ইত্যাদি ভৱনাই মোক বৰ সমস্যাত পেলাইছিল। এদিন এনেকৈয়ে ভাবি থাকোতে এগৰাকী বিখ্যাত মনোবিজ্ঞানী, নাট্যকাৰ চেফোক্লিছৰ বিষয়ে পঢ়িলোঁ। চেফোক্লিছে এখন গ্ৰন্থত তেখেতৰ মনোভাব মোৰ উপৰিউক্ত শিৰোনামেৰে কৈছে যে, তেখেতে জীৱনৰ কিছুমান চৰম মূহূৰ্তত সেই সকলমানুহকহে পাইছিল, যাৰ বাবে তেখেতে একোয়েই কৰা নাছিল। সামান্য মাতষাৰো দিয়া নাছিল যিসকল লোকক তেনে লোকসকলে তেখেতেৰ প্ৰতি অজ্ঞাতে কিমান চেনেহ বা মৰম দেখুৱাইছিল, তেখেতৰ বিপদৰ সময়তহে অনুভৱ কৰিছিল, অথচ যিসকলৰ বাবে তেখেতে অহৰ্নিশ চিন্তা কৰিছিল, তেওঁলোকৰ পৰা তেখেতে কোনো সহায় পোৱা নাছিল। আনকি সমসাময়িক একাংশ লোকে তেখেতক ফুটপাথত ৰাস্তা এৰি দিয়াৰ সলনি আগচি ধৰি অভদ্ৰ বুলি ইতিংকী কৰিছিল। কিন্তু তেখেতে কোনো লোকৰে অভব্য ব্যৱহাৰৰ উত্তৰ অমাৰ্জিতভাবে দিয়া নাছিল। তেখেতে সদায় অতি মাৰ্জিত আচৰণেৰে দূগুণ বিনয়েৰে প্ৰতিপক্ষক অপমান কৰিবলৈ সুযোগদি তেওঁলোকৰ অজ্ঞতাক উপভোগ কৰিছিল। কেতিয়া অতি ভব্য অনুষ্ঠানত উপস্থিত হওতে সহজ সৰলভাবে নিজৰ ব্যক্তিত্বক উজলাই তুলিছিল। কিন্তু কিছুমান অনুষ্ঠানত তেখেতে অহমিকাৰ চৰম ভেমক তেখেতৰ সাজ-পাৰ, কথা, আদব কায়দাৰে অতি নাটকীয় আচৰেণেৰে মোহাৰি পেলাইছিল। তেখেতে সেই সকলৰ বাবে এটা তিলমাত্ৰও সময় চিন্তা কৰি ব্যয় কৰা নাছিল। তেখেতে কৈছিল যে মোক বেয়া পোৱা বা মোৰ অন্যায় চিন্তা কৰা সকলৰ বাবে মোৰ মূল্যবান সময় খৰচ কিয় কৰিম। এনেদৰে বহু কথা চেফোক্লিছৰ পৰা জানিব পাৰি আনন্দিত হৈছো। আমি তেখেতৰ ঠাইত থিয় হোৱাৰ যোগ্যতা হয়তো কেতিয়াও লাভ নকৰিম। কিন্তু অনুভৱ কৰিছোঁ-নাট্যকাৰ গৰাকীৰ দৰে আমি প্ৰতিজনে চিন্তা কৰাৰ প্ৰয়োজন আছে।
আপুনি কাৰোবাক ফোন কৰাৰ এমাহ পিচতো যদি কোনো সহাৰি নাপায়, হোৱাটচ এপত মেজেচ দিয়াৰ এমাহ পিছতো যদি কোনো সহাৰি নাপায় – ডিজিটেল যুগৰ অৱস্থিতিয়ে বুজাব আপুনি আচলতে তেওঁলোকৰ পৰা উপেক্ষিত। তেন্তে চিন্তা কিহৰ, আপুনি তাতেই আপোনাৰ যৱনিকা টানক। অৱশ্যে তৃতীয় পক্ষৰ বিষয়ে জানক, তেখেতৰ পৰিস্থিতি বুজিহে সিদ্ধান্ত দিয়ক। কিন্তু প্ৰায়ভাগ ক্ষেত্ৰতেই এয়া ওলোটা হয়।
মুঠতে নিজৰ ওপৰত আস্থা ৰাখি চলিলে, “কাৰোৰে ওচৰত নিজৰ গুৰুত্ব বিচৰাৰ প্ৰয়োজন নাই, নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিলে, এদিন আপুনি সকলোৰে গুৰুত্ব পাব।”
No comments