Breaking News

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ

চন্দ্ৰবিন্দুৰ ব্যৱহাৰঃ

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ড মহেশ্বৰ নেওগৰ 'নিকা অসমীয়া ভাষা' আৰু ড গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' নামৰ কিতাপ দুখনত উল্লেখ কৰা নিয়মসমূহ তলত আলোচনা কৰা হ'ল।

(১) অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়। সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়। যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ। একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি।
(২) মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়। যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো। ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়। এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে।
(৩) কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া। এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়।

(৪) আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়। " এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে।
(৫) আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে। ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়।

(৬) সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে-গ্ৰাম > গাঁওকণ্টক > কাঁইটঅঙ্ক > আঁকসঞ্চ > সাঁচৱংশ > বাঁহ পঞ্চ > পাঁচ ইত্যাদি।
(৭) কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalization) হোৱা দেখা যায়। যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি। এইবোৰত অনুনাসিকতাই মূল কাৰণ।
(৮) 'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই। যেনে- নেওগ, নেওতা ইত্যাদি।
(৯) বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে। যেনে- সিহঁত, তহঁত।
(১০) মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে। 

যেনে-
কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ)
কাঁচ (দাপোন ), কাচ (সাজ পাৰ কৰা)
আঁহ (ফল মূল্, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰণ কৰা)
বাঁহ (এবিধ গছ ),বাহ (চৰাইৰ ঘৰ)
আঁহত (এবিধ গছ ), আহত (আঘাত পোৱা)

ভাঁজ (কোণ, পাক ), ভাজ (তেলত সিদ্ধ কৰা )
পাঁচ (সংখ্যা), পাচ (পাচত)

ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।
(সংগৃহীত)

No comments