সু-শিক্ষাই মানুহৰ অহংকাৰ কমায়
অহংকাৰ মানুহৰ জীৱনৰ এটা বৃহৎ প্ৰাচীৰ।অহংকাৰে মানুহৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব পাৰে।যেতিয়া কোনো এজন মানুহৰ মনৰ ভিতৰত অতিমাত্ৰা অহংকাৰ বাঢ়ি থাকে বা জন্মহৈ থাকে তেতিয়া সেই মানুহজনৰ সাধাৰণ চেতনা আৰু স্বাভাৱিক চিন্তা আৰু সু-পৰিকল্পনাৰ লোপ পায়।নিজকে বৰবৰ বুলি ভাৱিব আৰম্ভ কৰে,নিজে নিজকে সৰ্বে-সৰ্বা(All in all) বুলি গণ্য কৰে। মানুহৰ প্ৰয়োজনীয় শক্তিৰ ভিতৰত থকা শ্ৰৱন শক্তিটো ক্ৰমান্বয়ে হ্ৰাস পাব ধৰে,অন্য কোনো বিজ্ঞ মানুহে কোনো কথা কলেওঁ তেতিয়া সেই অহংকাৰ থিতাপি লোৱা মানুহজনে এটা বিৰক্তি কিম্বা আমনি দায়ক ভাৱৰ সৃষ্টি হয় বুলি অনুভৱ কৰে আৰু ধৈৰ্য্যও নোহোৱা হয়। এই
আটাইবোৰ বিষয়ৰ কাৰণ সু-শিক্ষাৰ অভাৱ।এজন সু-শিক্ষাৰে শিক্ষিত মানুহে কেতিয়াওঁ এনে ভাৱৰ তেওঁলোকৰ মনত স্থান নিদিয়ে। সু-শিক্ষাৰে শিক্ষিত হোৱা মানুহবোৰৰ নিজা নিজা এটা সুকিয়া সত্বা আছে।তেওঁলোকে কেতিয়াওঁ নিজৰ আলফুলা সত্বাবোৰ অলপ স্বাৰ্থৰ খাতিৰত বিসৰ্জণ নিদিয়ে,বৰং সেই সত্বাবোৰোক সেউজীয়া কৰি তুলিবলৈ,সমাজৰ বুকুত ঐক্য সৃষ্টিৰ ক্ষেত্ৰত ইন্ধন যোগায়। এখন সভ্য আৰু শৃংখল সমাজ গঢ়াত প্ৰধানকৈ ভুমিকা গ্ৰহন কৰে সু-শিক্ষাৰে শিক্ষিত হোৱা মানুহবোৰে।
যদি আমি অহংকাৰি হওঁ তেন্তে আমাৰ মাজত ভেদা-ভেদৰ সৃষ্টি হব,আমাৰ মাজত যি ঐক্য আৰু প্ৰেম এই সুন্দৰ বস্তুদুটা আমাৰ মাজৰ পৰা ভাগ ভাগ হব যিটো আমাৰ বাবে কল্যাণ নহয়।
সদায় আমি সু-শিক্ষা গ্ৰহন কৰা উচিত।সু-শিক্ষাৰে শিক্ষিত হলেহে এজন মানুহ সঠিক মানুহ হব পাৰে। সু-শিক্ষাই আমাৰ মনত থকা অমানুসবোৰ দুৰ কৰি,পৱিত্ৰ বস্তু খিনিয়ে প্ৰতিষ্ঠা কৰে। সু-শিক্ষাৰে শিক্ষিত হলেহে আমাৰ অনুজ সকলে আমাক অনুকৰণ কৰিব আৰু অনাগত দিনত এখন সভ্য সমাজৰ পৰা সভ্য দেশ গঢ়াত সুবিধা হব। আমাৰ মাজত সু-শিক্ষা প্ৰতিষ্ঠা হওঁক,সমাজৰ বুকুৰ পৰা কু-সংস্কাৰ,অন্ধবিশ্বাস দুৰ হওঁক আৰু নিকা ভাৱে আৰু উন্নত নিয়ম-নীতিৰে গোটেই খিনিয়ে ভালদৰে পৰিচালিত হওঁক।
No comments