Breaking News

নীতি শিক্ষা, সন্তান আৰু অভিভাৱক

নীতি শিক্ষা, সন্তান আৰু অভিভাৱকঃ
বিন্দু কলিতা ৰাজবংশী 

সময়ৰ পৰিবৰ্তনক বাধা দি ৰাখিব পৰা শক্তি হয়তো কাৰোৰে হাতত নাই। সময়ৰ সতে খোজ মিলাই চলিবলৈ আমিবোৰো কৰবাত বাধ্য। তথাপিও মাজে মাজে মনটো বিষাদেৰে ভৰে। তীব্ৰ গতিত সময়ৰ পৰিবৰ্তনে যেন কিছুমান মধুৰ সময়ৰ প্ৰতিচ্ছবি সময়ৰ বুকুত জাহ নিয়ালে। হয়তো সেই সময় আৰু কেতিয়াও ঘুৰি নাহে।

সময়ৰ পৰিবৰ্তনক বাধা দি ৰাখিব পৰা শক্তি হয়তো কাৰোৰে হাতত নাই। সময়ৰ সতে খোজ মিলাই চলিবলৈ আমিবোৰো কৰবাত বাধ্য। তথাপিও মাজে মাজে মনটো বিষাদেৰে ভৰে। তীব্ৰ গতিত সময়ৰ পৰিবৰ্তনে যেন কিছুমান মধুৰ সময়ৰ প্ৰতিচ্ছবি সময়ৰ বুকুত জাহ নিয়ালে। হয়তো সেই সময় আৰু কেতিয়াও ঘুৰি নাহে। বহুতেই অনুভৱ কৰি আহিছে, লিখিছেও পিয়নজনৰ পিঠিত কঢ়িয়াই অনা মৰম, ভালপোৱা, বিষাদ আৰু প্ৰেমৰ টোপোলাটোৰ সেই ছবিখন। পিয়নজনৰ কথা ভাৱি নষ্টালজিহৈ পৰিছো। মই আজি আৰু এটা কথা কব বিচাৰিছোঁ; দেখা পোৱা যায় যে নৱ-প্ৰজন্মৰ শিশুসকলকলৈ বৰ্তমানৰ পিতৃ-মাতৃয়ে আজি বিভিন্ন সমস্যাত ভূগিছে। এচাম কম বয়সীয়া ল’ৰা-ছোৱালীয়ে মোবাইলৰ প্ৰভাৱত পৰি এখন কদৰ্য জগতত সোমাই পৰিছে। তাৰ পৰা সিহঁতৰ নৈতিক চৰিত্ৰৰ স্খলন ঘটিছে, কথাই কথাই পিতৃ-মাতৃক ফাঁকি দিয়া, নিচা জাতীয় দ্ৰব্য সেৱন কৰা, উগ্ৰ মানসিকতা, অপৰাধ প্ৰৱণতাই মন মগজুত থিতাপি লৈছে। বহুক্ষেত্ৰত নিজেই দেখিছো, পৰামৰ্শদাতাৰ ওচৰলৈ নি ও কৃতকাৰ্য হব পৰা নাই বহু অভিভাৱক। ইয়াৰ বাবে কেৱল ল’ৰা-ছোৱালীহঁতকে দায়ী কৰা উচিত নে বাৰু? সঁচাকৈয়ে চিন্তনীয়। আজি মাত্ৰ কেইটামান বছৰ আগতে আমিও শিশু আছিলোঁ, সেইসময়ত পিতৃ-মাতৃসকলক শিশুসকলে ভয় কৰিছিল, সন্মান কৰিছিল। শিক্ষাগুৰুসকলক দেখিলে দূৰৈতে ভয়ত থৰহৰি কম্পমান হৈছিল। আমি ভুল কৰিব বা ফাঁকি দিব ভয় কৰিছিলোঁ, নকৰিমেই বা কিয়? আমাক মা-দেউতাই শিক্ষা দিছিল যম ৰজাৰ শাস্তিৰ কথাকৈ। এই সংসাৰত মাক-দেউতাকক মিছা ক’লে, বেয়া কাম কৰিলে কিদৰে নৰকত পৰিব লাগে তাকে কৈ, যমৰ দূতে কেনেকৈ ডাঙৰ ডাঙৰ কেৰাহিত তেল অউতলাই আমাক জাপি দিব, কেনেকৈ হুল জোং, ভঙা আইনাৰ বৃহ্ৎ গাঁতৰ ওপৰেৰে  এডাল এৱা সূতাৰ সাঁকো বনাই তাৰ ওপৰেৰে খোজকঢ়াই পৰীক্ষা লব। আৰু আমি সেইবোৰ সঁচা বুলি মানিছিলো, ভয়ত পেপুৱা লাগিছিলো। মা-দেউতাক মিছা কোৱা, বেয়া কাম কৰাৰ কথা ভাৱিব নোৱাৰিছিলোঁ। “মিছা কথাৰ ঠেং ছুটি” এই প্ৰৱচনে আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। ক’ৰবাত লেঙেৰা মানুহ দেখিলে(যদিওবা মিছা কথা কোৱাৰ বাবে ভৰি ছুটি হোৱা নাই) সেই প্ৰৱচন ফাঁকিৰ সত্যতাক মানি লৈছিলোঁ। সন্ধিয়া হোৱাৰ লগেলগে মুকলি আকাশৰ তলত আইতা-ককাৰ সৈতে চোতালৰ মাজত মুক্তভাৱে সাধু শুনিছিলো। তৰাৰে ভৰা আকাশৰ তলত আইতাৰ সাধু শুনি শুনি টোপনি গৈছিলো। মুক্তভাৱে উশাহ লৈ নীতি-শিক্ষা লৈছিলো। আইতাই গোৱা নিচুকনি গীতৰ “কানেখোৱা” নামৰ চৰিত্ৰটোক কল্পনা কৰি এক অদ্ভুত অনুভুতিয়ে জোকাৰি গৈছিল মন-প্ৰাণ। দুৰ্ভাগ্যৰ কথা এয়ে যে নৱ-প্ৰজন্মৰ শিশুৱে আজি সেই সমূহ ছবি অথবা সেই পৰিৱেশৰ পৰা বঞ্চিত। জন্মৰ পিছত ডিঙি পোন হোৱাৰ পিছৰে পৰা পিতৃ-মাতৃয়ে মোবাইল হাতত তুলি দিয়ে। কবলৈ গ’লে এচাম অভিভাৱকে নৈতিক দ্বায়িত্বৰ পৰা অব্যাহতি লৈছে। অলপ জনা হোৱাৰে পৰা মোবাইলৰ পৃথিৱীখনত সোমাই সাধাৰণজ্ঞান খিনিৰ পৰা বঞ্চিত হৈছে।

আমি এটা সময়ত স্কুললৈ গৈছিলো ৰেডিঅ’ৰ গীতিমালিকাৰ সুললিত কণ্ঠৰ গীতবোৰ পান কৰি। গাইছিলো ৰাভা, জ্যোতি অথবা ভূপেন্দ্ৰ সংগীত। আৰু আজিৰ সন্তানে গাইছে হনি সিঙৰ “চাৰ বটল ভোডকা, কাম মেৰা ৰোজ কা”, অভিভাৱকে নিজৰ সন্তানৰ এই প্ৰতিভা দেখি গৌৰৱত হাঁহিছে। আজি বহুতো অভিভাৱকে সন্তানক নীতিশিক্ষা দিয়াৰ ক্ষেত্ৰত চৰম ভাৱে ব্যৰ্থ হৈছে। সন্তানৰ শিষ্টাচাৰৰ অভাৱত আনৰ সন্মুখত লজ্জিত হবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে। এয়া এটি সাংঘাটিক বিপৰ্যয়ৰ কথা। এয়া সাৱধান হোৱাৰ সময়, অভিভাৱক সকল অধিক পৰিমানে দ্বায়িত্বশীল আৰু সংযমী হোৱাৰ সময়। নহলে অভিভাৱকৰ এনে ব্যৰ্থতাই ভয়াবহ ৰূপ লবলৈ বেছি দিন নালগিব।

No comments