Breaking News

৪৫০ বছৰীয়া দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ

৪৫০ বছৰীয়া দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ
দীপশিখা চলিহা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আদিকালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। 'সত্ৰ' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুস্থান।শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাতে প্ৰথমখন সত্ৰ স্থাপন কৰিছিল।সত্ৰ শব্দটোৰ আভিধানিক অৰ্থ হৈছে অধিবেশন, হোম-যজ্ঞানুষ্ঠান, আবাসস্থান। সত্ৰৰ আন এক অৰ্থ ' ধৰ্ম শৰণ আদি।অসমত প্ৰায় সাতশ এনে সত্ৰ আছে।বহুকেইখন সত্ৰ বৰ্তমান বানপানী আৰু গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে

অসমৰ সত্ৰ সমূহৰ ভিতৰত নামনি অসমৰ দৰংজিলাৰ খটৰা সত্ৰ,দেবানন্দ সত্ৰ আদিৰ নাম উল্লেখযোগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাপৰ লেচাকনীয়া গোবিন্দ আতাই ১৫৬৮ খ্ৰীষ্টাব্দত নিকা সংহতিভুক্ত সত্ৰখনি স্থাপন কৰিছিল।ইয়ালৈ সদায় ভক্তৰ সমাগম হয়।সত্ৰীয়া গীত, নৃত্য, বাদ্য, ভাওনা আদি বিবিধ কৃষ্টিৰ চৰ্চা অব্যাহত ৰাখি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰি আহিছে সত্ৰখনে। কাতি বিহুৰ সমান্তৰালভাৱে খটৰা সত্ৰত 'মথনী' নামৰ এটি লোক উৎসৱ পালন কৰা হয়।খটৰা সত্ৰতপাঁচেতি’ (পচতি ) উৎসৱ ৩৬ ঘণ্টা জুৰি ওজাপালি, ভাৱৰীয়া, ৰং ধেমালিৰে পালন কৰা হয় বুলিও জনা যায়৷ ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা খটৰা সত্ৰত পাঁচেটি উৎসৱ পালন কৰা হয়।সত্ৰৰ সত্ৰাধিকাৰৰ দ্বাৰা এই উৎসৱ পালন কৰা হয় যদিও ৰাইজৰ সহযোগিতা আৰু আন্তৰিকতাই এই উৎসৱক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। ইয়াৰোপৰি নন্দ উৎসৱ পালিত হয় ইয়াত, এই উৎসৱ উপভোগ কৰিবলৈও বহু দূৰ দূৰনিৰ পৰা ভক্তৰ সমাগত হয়।এনেদৰে খটৰা সত্ৰৰ মাহাত্ম প্ৰচলন হৈ আছে। মহিমা মণ্ডিত সত্ৰখনে প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ৪৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে মাৰ্চ মাহৰ ১৩, ১৪ আৰু ১৫ তাৰিখে৪৫০ বছৰীয়া জয়ন্তীউৎযাপনৰ মনস্থ কৰিছে   

 

No comments