Friday, January 15, 2021

দৰঙৰ বড়ো, শৰণীয়া কছাৰী আৰু ৰাভা জনগোষ্ঠীয়ে পালন কৰা ভোগালী বিহু

দৰঙৰ বড়ো, শৰণীয়া কছাৰী আৰু ৰাভা জনগোষ্ঠীয়ে পালন কৰা ভোগালী বিহু
অজয় বৰুৱা

উৎসৱ-পাৰ্ব্বণেই হ'ল এটা জনগোষ্ঠীৰ স্পষ্ট প্ৰতিচ্ছবি। যাৰ দ্বাৰা এটা জাতিক পৰিস্কাৰ কৰি চিনিব, জানিব পাৰি। অসমৰ অন্যান্য জিলা সমূহৰ লগতে দৰঙটো অনৈক্যৰ মাজত ঐক্য বহন কৰি অহা বড়ো, কছাৰী, ৰাভা, গাৰো, কোচ, যোগী,কুমাৰ আদি জনগোষ্ঠী সমূহে বিভিন্ন সময়ত বিভিন্ন উৎসৱ-পার্বণ পালন কৰি আহিছে।ঋতুকালীন,তিথি, পঞ্জিকাশ্রয়ী, সীমিত অংশ গ্ৰহণ কৰা,সংস্কাৰ, খেতি চপোৱাৰ আগত বা পিছত আদিক মূল সময় বা সমল হিচাপে লৈ এই উৎসৱ সমূহ উলাহ-মালহেৰে পালন কৰি আহিছে। এইবোৰে জাতি, জনগোষ্ঠীৰ লগতে জিলাখনৰ সাংস্কৃতিক পৰিমণ্ডল চহকী কৰিছে। প্রতীকাত্মক আচৰণ অন্তনীহিত থকা এই উৎসৱসমূহ জনগোষ্ঠীটোৰ স্বাভিমান জড়িত হৈ থাকে। প্রতিটো জাতি-জনগোষ্ঠীয়ে পালন কৰা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ ভিতৰত অন্যতম বিহু। এই উৎৱ সমূহত আছে প্ৰাপ্তি-অপ্রাপ্তি,প্রাচুৰ্যৰ আনন্দ।

বড়ো সকলৰ মাঘ বিহু
কছাৰী বা বড়ো জনগোষ্ঠী লোকসকল মূলত কৃষীজীৱী। মঙ্গোলীয় সভ্যতাৰ তিব্বতধর্মী শাখাৰ উত্তৰ পূব ভাৰত, বাংলাদেশ আদিত সিঁচৰিত হৈ থকা বৰ' ভাষাগোষ্ঠীয় বড়ো বা কছাৰী শাখাৰ অন্যতম। এই বড়ো সকলৰ  সদস্য দৰং জিলাৰ ভৌগোলিক সীমাৰ মাজত  বসবাস কৰা ব্যক্তিসকলে দৰঙী বড়োসকল। পিতৃ প্রধান এই জনগোষ্ঠীটোৱে শস্য উৎপাদন বৃদ্ধিৰ কামনাৰে পালন কৰা কাতি বিহুৰ লেখীয়াকৈ খেতি সামৰাৰ উৎসৱ হিচাপে মাঘ বিহু পালন কৰে। বাৰিষাৰ শালি খেতি কাম শেষ কৰি খেতি সামৰা উৎসৱ হিচাপে মাঘ বিহু পালন কৰে।  ন চাউল, ন ধানৰ পিঠা, চুঙাপিঠা, ন-চাউলৰ জুমাই বা মদ লগতে প্রচুৰ মঙহৰে পৰিপূৰ্ণ এই মাঘ বিহু। এই বিহুৰ লগত জড়িত উৰুকাৰ নিশা ভেলাঘৰত খোৱা ভোজ। বৰ' সকলে ভেলাঘৰত ভোজ হয় গাঁৱৰ  গৰখীয়াসকলৰ নেতৃত্বত। গাঁৱৰ গৰখীয়াসকলৰ মাজৰ পৰা এজন বা দুজনে প্রতি ঘৰে ঘৰে গৈ এদিন দুদিন ধান কাটি দি বিনিময়ত চাউল, ভোজৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী, প‌ইচা, লৈ আহে। ইয়াৰ উপৰিও গৰখীয়াসকলে ভেলাঘৰৰ ভোজৰ সামগ্ৰী যোগাৰৰ বাবে  গাঁৱৰ কোনোবা গৰখীয়াহীন গৃহস্থৰ গৰু চৰাবলৈ চুক্তি কৰি লয়। চুক্তি অনুযায়ী গৃহস্থৰ গৰু গৰখীয়াসকলে পাল পাতি গোৱালিৰ পৰা খেদি নি দিনটো চৰাই সন্ধ্যা গোহালিত সুমুৱাই থৈ আহে মাঘ বিহুৰ দিনলৈ। সেইদিনা গৃহস্থক গৰু চমজাই দি ভোজৰ সামগ্ৰী যেনে চাউল, দাইল, কুকুৰা  আদি লৈ আহে। সেইখিনিৰে কম হোৱা যেন অনুমান হলে পৰিয়ালবোৰৰ পৰা তোলা সামগ্ৰীৰে মাঘ বিহুৰ ভোজ পতা হয়। সম্প্ৰতি নানা কাৰণত লোপ পাই অহিছে এই সংস্কৃতি। এতিয়া বিহুৰ ভেলাঘৰৰ ভোজ  ৰাজহুৱা ভাৱে  ধন তুলি খোৱা দেখা যায়। এই বিহু মূলত খেতি সামৰাৰ উৎসৱ যদিও ইয়াৰ সৈতে ভবিষ্যত কৃষি উৎপাদন বৃদ্ধিৰ নানা সংস্কাৰো জড়িত হৈ আছে। উৰুকাৰ দিনা তামোল, পাণ, কঠাল, আম, নাৰিকল, আদি গছত ধানখেৰেৰে বন্ধা হয়।বৰ' সকলৰ জনবিশ্বাস তেনে কৰিলে গছবোৰ সগৰ্ভা আৰু অধিক ফল ধৰে। ইয়াৰ উপৰিও প্রতিঘৰতে চালত এৱা সূতাৰে এপাক মেৰুৱাই দিয়া হয় যাতে মাঘ বিহুৰ পিছৰে পৰা বাযুৰ দেৱতা বাওবুলিৰ বল বাঢ়ে আৰু অগ্নিৰ শক্তিও বাঢ়ে। সেইদৰে বায়ু ,অগ্নিৰ গৰহাৰ পৰা ঘৰবোৰ ৰক্ষা পৰে বিশ্বাস কৰে।আকৌ আগলি বতৰা জানিবলৈ উৰুকানিশা শুকান দোঙাত চেপা পাতি ৰাখে আৰু কচুপাতৰ টোপোলা বান্ধি চোতালত ৰাতি থৈ দিয়ে।

পুৱাটে উঠি টোপোলাত পানী জমা হোৱা দেখিলে, চেপাত মাছ, কেকোৰা লগা পালে সেই বছৰটো কৃষি কৰ্মৰ বাবে ভাল আৰু কৃষিকায্যৰ বাবে প্ৰয়োজনীয় বৰষুণ হ'ব বুলি বিশ্বাস কৰে। সেইদৰে আগন্তুক বছৰৰ বৃষ্টি, অনাবৃষ্টি আদি জানিবলৈ বহাগ, জেঠ আদি কৰি প্রতিটো মাহৰ নামত এটিকৈ কচুপাতৰ টোপোলা বান্ধি থৈয়ো আগলি বতৰৰ উমান লয়। মাঘ বিহুৰ দিনা সূর্যদয়ৰ পূর্বে উঠি পৰিয়ালৰ সকলোৱে গা ধোৱে। এনেদৰে গা ধুলে বাৰিষা কৃষি কৰ্মৰ কৰোতে দেহত লগা বোকা বা নানা অপায় অমঙ্গল, বেমাৰ আজাৰ আদিৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস। ইয়াৰ পিছত পাণ-তামোলৰ বাৰীত গৈ হিলৈ মৰা, দলি চপৰা মাৰি অনিষ্টকাৰী, অন্যায়কাৰী জন্তু খেদি পঠিয়াই। বাঁহ গছৰ গুৰিত মাটি দিয়া, নজৰ নালাগিবলৈ ভেলাঘৰৰ আধাপোৰা বাঁহ আনি গছত আঁৰি দিয়া,গৰুবোৰ মুকলিকৈ চৰিবলৈ উলিয়াই দিয়া(গৰু বিহুৰ সময়লৈ) আদি কাৰ্য কৰে। সময় পৰিবেশৰ বাবে বৰ'সমাজতো বহুখিনি পৰম্পৰা লোপ পায় যদিও ঠাই বিশেষে পৰম্পৰা ৰক্ষা কৰি থকা দেখা যায়।

শৰণীয়া কছাৰীৰ মাঘ বিহুঃ
বিভিন্ন জনজাতি জনগোষ্ঠীৰ সংমিশ্ৰণ ত গঢ় লৈ উঠা শৰণীয়া কছাৰীয়ে দৰঙতো এক সু-নিয়ন্ত্ৰিত, নীতি-নিয়মৰ মাজেৰে উৎসৱ পাৰ্বণ,আচৰ-অনুষ্ঠান পালন কৰি আহিছে। মাঘ বিহুৱেই শৰণীয়া সকলৰ মাঘৰ দোমাহী।পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনটোকে দোমাহী কোৱা হয়। ইয়াৰ আগদিনা উৰুকা। শৰণীয়া সকলৰ ডেকা-গাভৰু আৰু গৰখীয়া সকলে মিলি উৰুকাৰ ৰাতি ভেলাঘৰত ভোজভাত খোৱাৰ পৰম্পৰা চলি আহিছে। ইয়াক দল ভাত বুলিও কয়। এমাহমান আগৰে পৰা  ডেকাবিলাকে আনন্দ উৎসাহেৰে পথাৰত বিভিন্ন আর্হিৰে সৰু -ডাঙৰকৈ ভেলাঘৰ সাজিবলৈ আৰম্ভ কৰে।লগতে ভেলাপুঁজি। শুকান কলপাত, নৰা,  কোমল বাঁহ আহি হ'ল এইবোৰ সাঁজিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী। শৰণীয়া সমাজ বিশ্বাস যে ভেলাঘৰটো সন্তানহীন ভেলাবুঢ়াৰ মৃত্যুৰ পিছত গৰখীয়া সকলে মিলি শ্ৰাদ্ধ পাতিছিল। বুঢ়াৰ উত্তৰাধিকাৰী নোহোৱাৰ বাবে ঘৰটো জ্বলাই দিছিল। সেয়ে উৰুকাৰ নিশা খোৱা দলিচাত ভেলাবুঢ়াৰ শ্রাদ্ধৰ ভোজভাত আৰু ঘৰটো ভেলাঘৰ বুলি জনশ্ৰুতি থাকি গ'ল। ভেলাঘৰত  বিভিন্ন জনে দিয়া সা-সামগ্ৰীৰে আয়োজন কৰা ভোজ ভাতৰ লগতে চলি থাকে ৰং ৰহ‌ইছ পানী হিলৈ ফুটুৱা কাৰ্য, নাচ-গান। ৰাতিয়েই ভেলাঘৰটো জু‌ই জ্বলাই পুৱা গা-পা ধুই নৈবেদ্য আগবঢ়াই সেৱা জনাই ভেলাপুঁজিত জুই দিয়ে। বিশ্বাস ভেলাপুঁজি  বা মেজিৰ জুইৰ তাপ ললে শীত সহ্য কৰিব পৰা ক্ষমতা বাঢ়ে। তাৰ পৰা আহি জেষ্ঠ সকলক সেৱা জনাই আৰ্শীবাদ লোৱা হয়। শৰণীয়া সকলেও উৰুকাৰ দিনা তামোল, পাণ, আম, কঁঠাল,নাৰিকল আদি গছত খেৰেৰে নুৰিয়াই বান্ধে। ধুমুহা, অপায় অমঙ্গল, অপশক্তিয়ে নাপাবৰ বাবে দৰ্জাত নাহৰৰ পাত, বাঁহৰ শলা সী গুজি থোৱা হয়। মাছ-মাংখৰে উভয় নদী মাঘ বিহুত  পিঠা-সান্দহ,দৈ -মিঠাইও থকাটো অপৰিহার্য।এনেদৰে খাদ্য সম্ভাৰে উভৈনদী মাঘ বিহু পালন কৰি শৰণীয়া সকলে বছৰৰ ব্যস্ততাপূর্ণ কৃষি কাৰ্য সামৰণি মাৰে।

ৰাভা সমাজত মাঘ বিহুঃ
ভূটান আৰু অৰুণাচল ৰাজ্যৰ পাদভূমিত আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত অবিভক্ত দৰং জিলাৰ ৰাভা সকলক টোটোলা বুলি জনা যায়। টোটোলাসকল হ'ল বৃহত্তৰ ৰাভা জাতিৰ এটা থাল। দৰঙৰ টোটোলা সমাজৰ পূজা পাৰ্বন সমূহক গৃহস্থকেন্দ্রিক আৰু গাঁও বা সমাজকেন্দ্রিক এই দুই ভাগত বিভক্ত। বহুটো হ'ল গৃহস্থকেন্দ্রিক পূজা। ৰাভা সমাজে তিনিওটা বিহু পালন কৰে। মাঘ বিহুত টোটোলা সমাজে পূজা-পাতলতকৈ প্রচুৰ পৰিমাণে ন-চাউল পিঠা আৰু মাছ মাংস গোৱাত প্ৰাধান্য দিয়ে। পিঠা-পনা, মাছ-মাংখ গ্রহণ কৰাৰ পূর্বে মৃত ব্যক্তিসকললৈ ভোগ-‌অন্ন আগবঢ়ায়। পুহ মাহৰ শেষৰ দিনটো বা উৰুকাৰ দিনাখন "গৰখীয়া সোমোৱা বিহু" হিচাপে উৎযাপন কৰে এই সমাজে। ঘৰতে পোহা পাল দিয়া গৰু মহ'বোৰ তদাৰকৰ দায়িত্ব দিছিল গৰখীৰ দ্বাৰা।প্ৰত্যেক গাঁৱতে থকা গৰখীয়া দলে এই গৰুবোৰ ৰাখিছিল।গৰখীয়া দলত থকা বৰৰখীয়াৰ পৰিচালনাত পৰিচালিত দলটোৱে বহাগ মাহৰ পৰা পুহ মাহলৈ গৰু চৰাইছিল।বাকী তিনিমাহ মুকলি কৈ এৰি দিছিল। এই গৰখীয়া সোমোৱা দিনাখন বৰ গৰখীয়াই গৃহস্থক গৰুবোৰ সপি দিছিল।পুহ মাহৰ শেষৰ দিনটো হ'লগৰখীয়া সোমোৱা বিহু। এই দিনটো ঘৰ-বাৰী লেপি মচি নিত্য কামবোৰৰ লগতে কাপোৰ কানি ধোঁৱা, গছ-গছনিত ধানখেৰৰ ৰছীৰে বন্ধা, ঘৰৰ চাল, খুটা আদিত সূতা মেৰিওৱা আদি কাৰ্য সম্পাদন কৰা হয়। আন আন জনগোষ্ঠীৰ দৰে গৰখীয়া, চেমনীয়া, ডেকা-গাভৰুহঁতে ভেলাঘৰত ভোজ ভাত খায়, আনন্দ কৰে। প্রথম কুকুৰাৰ ডাকত নদীত গৈ স্নান কৰি মেজিৰ জুই পুৱায়। টোপোলা সমাজৰ মতে উৰুকাৰ ৰাতি প্রথম কুকুৰা ডাকত সকলো খাল বিল, নদ নদী, জান জুৰিৰ পানী গংগা নদীৰ পানীত দৰে পবিত্ৰ হয়। তাহানিতে হাবি-জংগলত চিকাৰ কৰি ভোজ ভাত খোৱা পৰ্ব, ভেলাঘৰত আনন্দ ৰহ‌ইছ কৰি খোৱা পৰম্পৰা ক্রমাৎ লোপ পাই আহিল।

সহায়ক গ্ৰন্থপঞ্জীঃ
১)অসমৰ জন জাতি
২)শৰণীয়া কছাৰীৰ সমাজ আৰু সংস্কৃতি।
৩)দৰঙৰ সমাজ-সংস্কৃতি।

৪)অসমৰ লোকসংস্কৃতি।

 

1 comment:

  1. ওদালগুৰি জিলাত বসবাস কৰি থকা ৰাভা জনগোষ্ঠীটোৰ খাদ্য সম্ভাৰৰ যদি কিতাপ আছে অনুগ্ৰহ কৰি জনাবচোন দাদা। Topics এটা খুবেই প্ৰয়োজন হৈছিলে ।

    ReplyDelete

Popular