Breaking News

নাৰ্চিছিষ্ট পাৰ্চনেলিটি ডিছঅৰ্ডাৰ আৰু শিশুৰ মানসিক বিকাশ

নাৰ্চিছিষ্ট পাৰ্চনেলিটি ডিছঅৰ্ডাৰ আৰু শিশুৰ মানসিক বিকাশ:


শিশুৰ বৌদ্ধিক বিকাশ আৰু সংস্কাৰ সমাজৰ বাবে অতি প্রয়োজনীয় প্রতিযোগিতাৰ আঁৰত আৰু শিশুক অধিক আত্মবিশ্বাসৰ দিয়াৰ ফলত শিশুৰ মানসিকতা বেয়াৰ ফাললৈ ঢাল খাই অৱশেষত নাৰ্চিছিষ্ট পাৰ্চনেলিটি ডিছঅৰ্ডাৰত ভুগি নিজৰ তথা সমাজৰ সকলো সম্পৰ্ক বিৰূপ কৰিব পাৰে

নাৰ্চিছিষ্ট পাৰ্চনেলিটি প্রায় সকলো মানুহৰ তাতে কম-বেছি পৰিমাণে থাকে, কিন্তু যদি অধিক পৰিমাণে ব্যৱহাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰে তেন্তে তাক ব্যৱহাৰৰ বিকৃতি বোলে চমুকৈ ইয়াক NPD অৰ্থাৎ Narcissist Personality Disorder বুলি কোৱা হয় অসমীয়াত ইয়াক স্বকামী ব্যক্তিত্বৰ বিকৃতি বোলা হয় এনেকুৱা বিকৃতি শিশু, কিশোৰ-কিশোৰী, প্রাপ্তবয়স্ক পুৰুষ-মহিলা সকলোতে দেখা যায় কিছুমান শিশুৰ বংশগতভাৱে এই বিকৃতি আহে, কিছুমানৰ পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে হয় আৰু কিছুমানৰ পিতৃ-মাতৃয়ে শিকায় উদাহৰণস্বৰূপে যিবোৰ শিশুক সৰুৰে পৰা প্রয়োজনতকৈ বেছিকৈ প্রশংসা কৰে, তেনেকুৱা শিশুৱে নিজকে আনতকৈ বেলেগ আৰু উন্নতমানৰ বুলি ভাবিবলৈ লয় এইধৰণৰ চিন্তাধাৰাই পাছলৈ স্বকামী ব্যক্তিত্বক প্ৰভাৱশীল কৰি তুলি ব্যক্তিত্ব বিকৃতি ঘটোৱাত অৰিহণা যোগায় কিছুমানে আকৌ নিজৰ সন্তানৰ সফলতাক স্বীকৃতি প্রদান নকৰি আৰু অধিক ভাল আশা কৰে ফলত শিশুটো প্রকৃততে যিমান ক্ষমতাসম্পন্ন তাতোকৈ নিজকে অধিক বুলি ভাবি নিজৰ অসফলতাক স্বীকাৰ কৰিব নোৱাৰে আৰু আনক দোষাৰোপ কৰি নিজক সুৰক্ষিত ৰখাটো অভ্যাস হৈ পৰে পাছলৈ তেনেকুৱা লোকৰ কোনোবাই দোষ দেখুৱাই দিলে সহ্য কৰিব নোৱাৰি সেই মানুহজনক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে এইদৰে লাহে লাহে শিশুটোৰ ব্যৱহাৰৰ বিকৃতি আৰম্ভ হয় ঘৰুৱা সৎ সংস্কাৰৰ অভাৱতেই এনেকুৱা ব্যক্তিত্ব বিকাৰগ্ৰস্ত হৈ পৰে বহুতো মানুহ পাছলৈ কোনো এটা সম্পৰ্ককে সুখী ৰাখিব নোৱাৰে আৰু নিজেও সুখী হৈ থাকিব নোৱাৰে সুখ অবিহনে সুস্থ মানসিক বিকাশ সম্ভৱ নহয় আনহাতে কম বয়সৰ পৰাই ফেচবুকৰ নিচিনা চছিয়েল মিডিয়াত অধিক ব্যস্ততাৰে জড়িত কম বয়সীয়া লোকৰ এনেকুৱা বিকৃতি হোৱাৰ সম্ভাৱনা অধিক ফেচবুকত অধিক লাইক বা কমেন্টেও মানুহক অহংকাৰী কৰি তোলে, তাৰ উপৰি এটা সম্পৰ্ক এৰা পৰিলে আন এটা সম্পৰ্ক ফেচবুকৰ জৰিয়তে বিচাৰি পাব বুলি নিশ্চিত হৈ থাকিও স্বকামী ব্যক্তিত্বৰ বিকৃতিক নিমন্ত্রণ দিয়ে সকলোৱে কয় চছিয়েল মিডিয়াৰ সম্পৰ্কৰ ওপৰত পৰা প্ৰভাৱবোৰৰ কথা প্রকৃততে নাৰ্চিছিষ্ট ব্যক্তিত্বৰ বিকৃতি বঢ়াই তুলি শিশুৰ মানসিক বিকাশত বিৰূপতা আনি দিয়ে

ডাঙৰ লে শিশুসকলৰ লক্ষণবোৰ ভৱিষ্যতে এনে ধৰণৰ পাৰে -
অধিক
গুৰুত্ব আকৰ্ষণ কৰিব খোজা ব্যৱহাৰঃ
স্বকামী ব্যক্তিত্ব বিকৃতিৰ দ্বাৰা গ্রস্ত লোকে অনবৰতে সকলো মানুহৰ আকৰ্ষণ কৰিবলৈ যিকোনো কাম কৰিব পাৰে কিছুমানে আকৌ দুজন বেলেগ ব্যক্তিয়ে কথা পাতি থাকিলে সিহঁতৰ দৃষ্টি আকর্ষণ কৰিবলৈ কথা-বতৰাত ব্যাঘাত জন্মায় নিজে সহানুভূতি আকৰ্ষণ কৰিবলৈ কথাবোৰ নাটকীয়ভাৱে অতি সংবেদনশীল কৰি প্ৰকাশ কৰে সকলো পুৰুষক আকৰ্ষণ কৰাকৈ সাজ-পোচাক পৰিধান কৰি ভাল পায় অবিভাজিতভাৱে যেতিয়ালৈ গুৰুত্ব পাই থাকে, তেতিয়ালৈকে এনেকুৱা ব্যক্তিয়ে অধিক সুখী হৈ থাকে

আত্মকেন্দ্ৰিকতাঃ
স্বকামী
ব্যক্তি তুৰ মহিলাসকল আত্মকেন্দ্ৰিক হয় তেওঁলোকে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক গতানুগতিকভাৱেও চলাই নিব নোৱাৰে নিজে দায়িত্ব নোৱাৰি সম্পর্কৰ ক্ষেত্ৰত উৎপন্ন হোৱা সমস্যাবোৰৰ একমাত্র কাৰণ পুৰুষজন বুলি অভিহিত কৰি আঁতৰি যায় স্বকামী ব্যক্তিত্ব বিকৃতি থকা মহিলাসকল ইমানেই আত্মকেন্দ্ৰিক যে বিবাহৰ পিছত নিজৰ আশা অনুযায়ী যদি সন্তান বা গিৰিয়েক নাপায় সম্পর্কৰ পৰা আঁতৰি যায় তেওঁলোকে নিজৰ মতে সজাই লোৱাৰ ইচ্ছা নকৰে আনকি টকা-পইচাবোৰ কাপোৰ-কানি বা নিজকে সজোৱা বস্তু কিনাত বেছিকৈ খৰচ কৰে নিজৰ সন্তানক যত্ন লোৱাতকৈ নিজৰ নখ পলিচ লগোৱাৰ নিচিনা কামতহে অধিক গুৰুত্ব প্রদান কৰে

ভব্যতাঃ
এনেকুৱা ব্যক্তিত্বসম্পন্ন লোকে সদায় নিজকে অধিক বুদ্ধিমত্তাসম্পন্ন বুলি ভাবে তেওঁৰ বিশৃংখল চিন্তাধাৰাৰ কাৰণে আনক গুৰুত্ব দিবলৈ টান পায়, সমমৰ্মিতাহীনভাৱে ব্যৱহাৰ কৰে আনৰ প্রয়োজনৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে সকলো কাম আনৰ চিন্তাক গুৰুত্ব নিদিয়াকৈ বলপূৰ্বকভাৱে কৰে তেওঁ নিজকে বিশেষ ব্যক্তি বুলি ভবাৰ কাৰণে পৃথিৱীখন তেওঁৰ চাৰিওফালে ঘূৰিব বুলি ভাবে যিকোনো বিষয়বস্তু যদিহে নিজৰ পছন্দ হয় বা ভাল লাগে তাৰ প্ৰতিহে গুৰুত্ব প্রদান কৰে এনেকুৱা ব্যক্তিত্বৰ লোকে যিবোৰ ঠাইত তোষামোদ নাপায় বা হয় সেই ঠাই অতি শীঘ্ৰে পৰিত্যাগ কৰে নিজৰ বিফলতা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰে এনেকুৱা লোকৰ কাৰ্যক বা চেষ্টাক যদি কোনোৱে প্ৰশংসা নকৰে তেন্তে অতিশীঘ্ৰে কামবোৰ বন্ধ কৰে মনতে ভাৱে কামবোৰ কৰি কি লাভ ?

সমালোচনাঃ
স্বকামী বিকৃতি ব্যক্তিত্বসম্পন্ন মহিলাই গঠনমূলক আৰু চিন্তাশীল সমালোচনা সহ্য কৰিব নোৱাৰে যদিও আনৰ সমালোচনা সঘনাই কৰে এনেকুৱা ব্যক্তিত্বৰ মানুহক লগৰ কোনোবাই বা পিতৃ-মাতৃ অথবা বন্ধু-বান্ধৱীয়ে যদি তেওঁৰ ভুল দেখুৱায় বা সমালোচনা কৰে অত্যধিক খঙাল হৈ পৰে তেওঁলোকে কথাবোৰত লাজ পালেও খঙেৰে ঢাকিবলৈ চেষ্টা কৰে শুদ্ধই হওক বা ভুলেই হওক নিজে কৰা কৰ্মৰ বাবে নিজৰ মাজতে সঠিক যেন লগা এটা উত্তৰ তৈয়াৰ কৰি লয়

সহমৰ্মিতাহীনঃ
সহমৰ্মিতাহীন লোকে বহুতো সামাজিক সমস্যাৰ সৃষ্টি কৰে যেতিয়া কোনো মহিলাই নিজক আনৰ লগত সহমৰ্মিতাৰে সংযোগ কৰিব নোৱাৰে তেওঁৰ কৰ্মস্থলীৰ সম্পৰ্কও বিৰূপ হৈ পৰে উদাহৰণস্বৰূপে স্বকামী ব্যক্তিত্বৰ বিকৃতি থকা মহিলাই সামাজিক কৰ্ম আদি ভাল নাপায় যদি কোনোবা দুখী হৈ থাকে এনেকুৱা ব্যক্তিত্বৰ লোকে পৰিস্থিতিটো বিপৰীত কৰি দিব পাৰে আৰু যদি কোনোবাই খঙত থাকে তাৰো বিপৰীত ক্রিয়া কৰে

অসামাজিক ব্যৱহাৰঃ
শিশুকালৰ
পৰাই স্বকামী ব্যক্তিত্বসম্পন্ন লে নিজকে সৰ্বোচ্চ বুলি ভবাৰ ফলত নিজৰ ভুলবোৰ মানি নোৱাৰি আনৰ অনুভূতিত আঘাত হানে যিকোনো কামতে প্রথমে সামাজিক নিয়ম অনুযায়ী আৰম্ভ কৰে, পাছলৈ নিজৰ সুবিধা অনুযায়ী কিছুমান নিয়ম কৰি লয় যিকোনো খেল খেলিলে যদি তেওঁ হাৰিবলৈ আৰম্ভ কৰে, তেন্তে খং দেখুৱাই আনক দোষাৰোপ কৰি সেই ঠাই পৰিত্যাগ কৰিব খোজে এনেকুৱা ব্যক্তিত্বৰ লোকৰ কোনো সুহৃদ বন্ধু নাথাকে যদিও নিজৰ ইচ্ছাবিলাক পূৰণ কৰিবলৈ বা আন কামত ব্যৱহাৰ কৰিবলৈ বহু বন্ধু ৰাখি থয় কেতিয়াবা বন্ধুবোৰক অতি দৰকাৰী বুলি ভাবি আপোন মানুহৰ লগতে কাজিয়া কৰে, আনহাতে কেতিয়াবা সিহঁতৰ ফালে পিছ দিয়ে যিকোনো সমস্যাৰ পৰা বাহিৰ হৈ আহিবলৈ তেওঁলোকে সাধাৰণভাৱেই মিছা কথা কয় স্বকামী ব্যক্তিত্বৰ লোকে সামাজিক নিয়ম-নীতিবোৰ মানি চলিবলৈ টান পায় তেওঁলোকে যিকোনো পৰিস্থিতিৰ পৰা বাহিৰ হৈ আহিবলৈ লে সঁচা কথাবোৰ বিকৃত কৰে অথবা মিছা কথা কৈ সমাধান কৰে নিজে কৰা ভুল কেতিয়াও মানি নোৱাৰে প্ৰতিটো কথাৰ বিপৰীতে নিজে নিজে একোটা যুক্তি তৈয়াৰ কৰি লয়

স্ব-মিথ্যা অনুভূতিঃ
স্বকামী ব্যক্তিত্বৰ বিকৃতি থকা লোকসকলে নিজৰ ক্ষমতা আৰু যোগ্যতা অনুযায়ী নিজকে নাভাবি এক স্ব-মিথ্যা অনুভূতিৰে নিজকে সৰ্বোচ্চ আৰু সবাতোকৈ ভাল হিচাপে দেখুৱাব বিচাৰে এনেকুৱা মানসিকতা সৰুৰে পৰা পিতৃ-মাতৃ অথবা প্রতিপালকে মগজুত সুমুৱাই দিয়া কিছুমান চিন্তাধাৰা আৰু কামবোৰ নিখূত নোহোৱালৈ গ্ৰহণ নকৰা স্বভাৱৰ ফলত গঠিত হয় এনেকুৱা মানসিকতাৰ গঠন লে কোনো মানুহে সম্পৰ্কত মৰমৰ পাত্ৰ হৈ থাকিব নোৱাৰে অতি মধুৰ সম্পৰ্কতো যেতিয়া স্বকামী ব্যক্তিত্বৰ লোকে ধাৰণা কৰি লয় যে তেওঁৰ প্রেমিকজনে তেওঁ দেখুৱাব বিচৰা ধৰণে বিশ্বাস নকৰে, তেতিয়া এই ব্যক্তিত্বৰ সকলোবোৰ গুণ বাহিৰ হৈ আহে এনেকুৱা ব্যক্তিয়ে উপৰুৱাকৈয়ে সম্পৰ্কবোৰ চলাই থাকে নিজৰ মিছা অনুভূতিৰ বাবে সম্পৰ্কত কোনো ধৰণৰ গাঢ় অনুভূতি নাথাকে

সন্মানত আঘাতঃ
নাৰ্চিছিষ্টসকলে লজ্জা আৰু বিফলতাত অতি ভয়ানকভাৱে ক্রিয়া কৰে যদি কোনোবাই তেওঁলোকৰ ভুল দেখুৱাই দিয়ে অথবা তেওঁলোকৰ বিফলতাৰ কাৰণবোৰ বিশ্লেষণাত্নকভাৱে বুজাই দিয়ে, তেন্তে তেনেকুৱা মানুহৰ প্রতি প্রতিশোধাত্মক হৈ উঠে লগতে যিকোনো শাস্তি দিবলৈ তৎপৰ হৈ উঠে অত্যধিক প্রতিশোধাত্মক ভাৱনাৰ কাৰণে স্বচ্ছভাৱে ভুল-শুদ্ধ বিবেচনা কৰিব নোৱাৰি আক্রমণাত্মক হৈ আনৰ লগতে নিজৰো হানি কৰে

চ্যালেঞ্জড কনফিডেন্সঃ
স্বকামী ব্যক্তি নিজে কৰি থকা কামবোৰৰ ওপৰত প্রয়োজনতকৈ অধিক আত্মবিশ্বাসী হয় এই ধৰণৰ ব্যক্তিত্বৰ মানুহে নিজে যিমানখিনিৰ যোগ্য তাতোকৈ বহুত বেছিকৈ দেখুৱায় আৰু যিকোনো সম্পৰ্কতে অবাস্তৱ ডিমাণ্ড কৰে এই ডিমাণ্ডবোৰ পাছলৈ চেলেঞ্জৰ নিচিনা হৈ পৰে যেতিয়া সিহঁতে কথাবোৰ চেলেঞ্জ হিচাপে লয়, সিহঁতৰ ভংগুৰ অহংবোধৰ বাবে নিজেও ভুল-শুদ্ধ বিচাৰ কৰিব নোৱাৰে আৰু আনে ভাল দিশ দেখুৱাই দিলেও গ্রহণ কৰিব নোৱাৰে নিজক সকলোতকৈ ওপৰত যেন দেখুৱাবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে কোনোবাই তেওঁক আক্রমণ কৰিব বুলি মিছাতে অধিক সতর্ক হৈ থাকে

নিয়ামকঃ
স্বকামী
ব্যক্তিত্বৰ বিকৃতি থকা লোকসকল সাধাৰণতে আনক নিয়ন্ত্ৰণ কৰি ৰাখিব বিচাৰে যেতিয়া আন মানুহে কি ভাবিব বুলি বিচাৰ কৰে তেতিয়া তেওঁ বিশেষভাৱে সম্পৰ্কিত থকা মানুহজনক তেওঁৰ মতে নিয়ন্ত্ৰণ কৰি ৰাখিব বিচাৰে আনকি তেওঁৰ সম্পৰ্কত থকা মানুহজনে কি পিন্ধিব, কেনেকুৱা ব্যৱহাৰ কৰিব সেইবোৰো নিৰূপণ কৰি দিয়ে যদি মানিবলৈ সফল নহয় তেন্তে খং কৰে নাৰ্চিছিষ্টবোৰে সময় বা পৰিস্থিতিৰ প্ৰতি নজৰ নৰখাকৈ তেওঁৰ পৰিকল্পনা অনুযায়ী সকলোৱে কাম কৰাটো বিচাৰে

চেহেৰাৰে আৱেশক অথবা বুদ্ধিমত্তাঃ
স্বকামী ব্যক্তিত্বৰ বিকৃতি থকা লোকসকলক সাধাৰণতে দুটা ভাগত ভগাব পাৰি চোমাটিক নাৰ্চিছিষ্ট আৰু চেৰেব্ৰেল নাৰ্চিছিষ্ট চোমাটিক নাৰ্চিছিষ্টসকলে নিজৰ শৰীৰটোক বা নিজে কৰা কামবোৰক অধিক প্রাধান্য দি আত্মকেন্দ্ৰিক হৈ পৰে আনহাতে, চেৰেব্ৰেল নাৰ্চিছিষ্টসকলে তেওঁলোকৰ বুদ্ধিমত্তাক অগ্রাধিকাৰ দি আত্মকেন্দ্ৰিক হৈ পৰে এই ধৰণৰ লোকে নিজক সজাই ৰাখে আৰু আনে যদি প্রশংসা নকৰে তেন্তে অতি শীঘ্ৰে দুখী হৈ পৰে

ভংগুৰ অহংবোধঃ
ক্লিভলেণ্ড চাইকাইট্রিক ক্লিনিকৰ মতে, নাৰ্চিছিষ্টসকলে কোনো যুক্তি নোহোৱাকৈ আনৰ দোষ দেখে উদাহৰণস্বৰূপে যিকোনো মানুহে তেওঁক লক্ষ্য নকৰিলেও তেওঁ ভাবি পাৰে যে তেওঁক বেয়া ভাৱেৰে চাইছে প্রকৃত সত্যক স্বীকাৰ কৰিব নোৱাৰে তেওঁ নিজৰ অহংবোধটো উন্নত কৰাৰ বাবে যিকোনো কাম কৰিব পাৰে

আনক কম সন্মান দিয়াঃ
উচ্চ আসনযুক্ত মানুহৰ প্রতি এই ধৰণৰ ব্যক্তিয়ে সহজে প্ৰেমমুগ্ধ হৈ পৰে যদি সেই মানুহজনে এনেকুৱা লোকক গুৰুত্ব নিদিয়ে, তেওঁৰ চৰিত্ৰত আঘাত হনাৰ চেষ্টা কৰে সাধাৰণ মানুহক এইধৰণৰ লোকে সন্মান দিবলৈ টান পায় আনৰ আৱেগ-অনুভূতিক বুজিবলৈ অক্ষম হোৱা বাবে যেতিয়া কোনো লোক দুখী হয় বা কান্দে, তেওঁলোকে মানুহজনক সান্তনা দিয়াৰ বিপৰীতে ৰুক্ষ ব্যৱহাৰ কৰে অথবা গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে এই ধৰণৰ ব্যৱহাৰে নিজৰ বন্ধু অথবা প্রেমিক-প্রেমিকা তথা পিতৃ-মাতৃৰ লগতো সম্পৰ্কৰ বিৰূপতাৰ সৃষ্টি হয়

উদ্বায়ী সম্পৰ্কঃ
এনেকুৱা ব্যক্তিত্বৰ লোকৰ অতীততে বহুতো সম্পৰ্ক বেয়া হোৱাৰ উদাহৰণ থাকে অতীততে সম্পৰ্কত থকা মানুহবোৰক এওঁলোকে মূল্যহীনবুলি ভাবে আৰু এইবিষয়ে যিয়ে সোধে সকলোবোৰ বিৱৰণ দি কয় সাধাৰণতে এই ধৰণৰ লোকৰ পিতৃ-মাতৃ, ভাই-ভনী, আনকি নিজৰ লগত কাম কৰা বা পঢ়া মানুহৰ লগতো সম্পৰ্ক ভাল নাথাকে ফলত নিজৰ খংটোৰ কাৰণে একো ভাল নালাগি সঘনাই চাকৰি আদি সলাই থাকিবলগীয়া পাৰে

প্রথমে সন্মান কৰি পাছত মূল্যহীন কৰি পেলোৱাঃ
স্বকামী ব্যক্তিত্বৰ লোকে সম্পৰ্কৰ প্ৰথমছোৱাত অতিপাত সন্মান দেখুৱায় যদিও পাছলৈ নিজৰ অহংভাৱটোৰ কাৰণে আৰু আনক বুজি পোৱাৰ ইচ্ছা নথকাৰ বাবে মূল্যহীন কৰি তোলে এই ধৰণৰ বিকৃতিয়ে সম্পৰ্ক বিৰূপতাৰ সৃষ্টি কৰাটো নিশ্চিত

এনেকুৱা পাৰ্চনেলিটি ডিছ অৰ্ডাৰৰ দ্বাৰা গ্রস্ত লে যিকোনো শিশুৱে পাছলৈ সুস্থ সমাজ গঢ়াত সহায়ক নোৱাৰে আনহাতে এইধৰণৰ সু-পৰিৱেশ দি অথবা সু-সংস্কাৰ দি ডাঙৰ-দীঘল কৰিব নোৱাৰে গতিকে, এনেকুৱা ব্যক্তিত্বৰ বিকাৰৰ প্ৰতি গুৰুত্ব প্রদান কৰি মনোবিশেষজ্ঞৰ কাউন্সেলিং অথবা মানসিক চিকিৎসকৰ চিকিৎসাৰ দ্বাৰা সুস্থ মানসিকতা গঢ়ি সুস্থ সমাজ কৰ্তব্য হোৱা উচিত শিশুৰ বৌদ্ধিক বিকাশ আৰু সংস্কাৰ সমাজৰ বাবে অতি প্রয়োজনীয় প্রতিযোগিতাৰ আঁৰত আৰু শিশুক অধিক আত্মবিশ্বাসৰ দিয়াৰ ফলত শিশুৰ মানসিকতা পাৰ্চনেলিটি ডিছঅৰ্ডাৰত ভুগি নিজৰ তথা সমাজৰ সকলো সম্পৰ্ক বিৰূপ কৰিব পাৰে গতিকে বিষয়টোৰ প্ৰতি সামাজিক সচেতনতাৰে সক্রিয়ভাৱে কাৰ্যকৰী ব্যৱস্থা লোৱা উচিত
(সংগৃহীত)

No comments