Breaking News

শিশু যদি হয় আঁকোৰগোঁজ

শিশু যদি হয় আঁকোৰগোঁজঃ

শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যৎ। দেশৰ ভৱিষ্যৎ শক্তিশালী কৰি তুলিবলৈ শিশুসকলৰ মূল ভেটি দৃঢ় কৰি কৰি তুলিব লাগিব। কিয়নো, ভেটি মজবুত হলেহে শিশুৰ উত্তৰণ ঘটা সম্ভৱপৰ হয়।

অম্লান(দি লোৱা নাম) ধনী মাক-দেউতাকৰ একমাত্ৰ সন্তান। একমাত্ৰ সন্তান বাবে সি পৰিয়ালৰ অতি মৰমৰ। সকলোৱে তাক মৰম কৰে। তাক দেখিলে একোলা নকলে, চুমা এটি নাখালে পৰিয়ালৰ লগতে স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও থাকিব নোৱাৰে। কিন্তু তাৰ এটি বদভ্যাস আছে। সেয়া হল সি অতি আঁকোৰগোঁজ। লাগ বুলিয়েই সি বিচৰা বস্তু তাক আনি দিবই লাগিব। তাকে নকৰিলে সি মাক-দেউতাককো বেয়া মাত মাতিবলৈ কুন্ঠাবোধ নকৰে।

শিশুৰ এনে স্বভাৱ থকাটো কোনো আচৰিত কথা নহয়। কিন্তু এনে বদভ্যাস দূৰ কৰাৰ বাবে সৰুৰে পৰা শিশুটিক কিছু নীতি-নিয়মৰ মাজত ৰখা উচিত। যিয়ে শিশুটিক মানুহ হিচাপে গঢ়াত সহায় কৰিব-

*সাধাৰণতে ঘৰখন হৈছে শিশুৰ প্ৰথম বিদ্যালয়। সেয়ে শিশুৱে যি শিকে, ঘৰত শিকে। সেই বাবে মাক-দেউতাকে ঘৰত এনে পৰিৱেশ সৃষ্টি নহবৰ বাবে চকু দিয়াৰ লগতে নিজেও তেনে অভ্যাস তাৰ আগত প্ৰকট কৰিব নালাগে।

*শিশুটি আঁকোৰগোঁজ বুলি জানিলেই সি বিচৰা প্ৰতিটো বস্তু প্ৰয়াস কৰিব নালাগে, বৰং তাৰ বাবে সি বিচৰা বস্তুটো প্ৰয়োজনীয়-অপ্ৰয়োজনীয় বিচাৰ কৰিব লাগে।

*শিশুৰ আঁকোৰগোঁজ মনোভাব নিয়ন্ত্ৰণ কৰিবৰ বাবে তাক কেতিয়াও শাৰীৰিক-মানসিক প্ৰহাৰ নকৰি শান্তভাৱে বুজাব লাগেগ।

*শিশুৱে বিচৰা বস্তুটো লগে লগে নিদি কোনো পৰীক্ষা আদিৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে দিব লাগে। ইয়ে শিশুৰ প্ৰতিযোগিতামুখী মনোভাব গঢ়ি তোলে।

*যদি শিশুৱে বিচৰা বস্তুটো দিয়াৰ বাবে অনুপযোগী, তেনেহলে তাক খোলোচাকৈ বুজাই কোৱা ভাল। তাৰ নকৰি কথাটো গোপনে ৰাখিলে ই তাৰ বিপৰীত প্ৰতিক্ৰিয়া কৰিব পাৰে।

*শিশুটি যদি আঁকোৰগোঁজ মনোভাবৰ হয়, তেনে মনোভাবৰ ভৱিষ্যতে তাৰ কিমান অপকাৰ কৰিব পাৰে, সেয়া বুজাই কব লাগে।

*শিশুটিৰ এনে মনোভাব যেতিয়াই আপুনি লক্ষ্য কৰিব, তেতিয়াই তাক নিয়ন্ত্ৰণাধীন কৰিব লাগে।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট, লেখক: দিগন্ত বৈশ্য)

No comments