Breaking News

ৰাষ্ট্ৰধৰ্ম মোৰ শ্ৰেষ্ঠ ধৰ্ম

ৰাষ্ট্ৰধৰ্ম মোৰ শ্ৰেষ্ঠ ধৰ্ম
শ্ৰী  প্ৰেম বৈষ্ণ

ৰাষ্ট্ৰ হিতৰ চিন্তা কৰা ভাই,
মানৱতাক দিয়া প্ৰাথমিকতা,
ৰাষ্ট্ৰধৰ্ম হওঁক আমাৰ শ্ৰেষ্ঠ ধৰ্ম,
ৰাষ্ট্ৰ ভক্তিৰে তুমি প্ৰমাণ কৰা।

ৰাষ্ট্ৰৰ নিৰ্ভীক পূজাৰী তুমি,
সত্যৰ বাহক তুমি , সাধক তুমি।
অন্যায় অত্যাচাৰত জৰ্জৰিত সমাজ,
হত্যা-হিংসা, ধৰ্ষণ- লুণ্ঠনকাৰীয়ে,
অৰ্থবল ও বাহুবলেৰে ৰাজত্ব কৰিছে,
দুখীয়াৰ তেজ শুহি, চলাহী কথাৰে,
ৰাজপাট ভোগ কৰা, কথাচহকী
নেতাবোৰে , অপৰাধীৰ  অনুজ্ঞাপত্ৰত,
টকাৰ লোভত স্বাক্ষৰ কৰিছে ।
সত্য পথত সাহসেৰ আগুৱাই যোৱা,
লক্ষ্য বিন্দু তোমাৰ কাষতে আছে,
সফলতাই তোমালৈ বাট চাই আছে,
কেৱল আত্মবিশ্বাসক প্ৰাধান্য দিবা ।
ভোল নাযাবা ধৰাৰ  মায়া-মোহত,
তোমাৰ জীৱন যায় যদিও যাওঁক,
স্বদেশৰ গৰিমা আৰু দহৰ স্বাৰ্থত...
জঁপিয়াই পৰা আপোচহীন সংগ্ৰামত ।
ৰাষ্ট্ৰ হিতৰ বাবে নিজকে অৰ্পণ কৰা,
ঘৰে ঘৰে জ্ঞানৰ শিখা প্ৰজ্বলনেৰে,
অন্ধবিশ্বাসৰ পৰা দেশক মুক্ত কৰা ।
ধৰ্মান্ধ আৰু ধৰ্মৰ ঠিকাদাৰ সকলৰ ,
কৰাল হাতোৰাৰ পৰা দেশক মুক্ত কৰা ।

No comments