Breaking News

হীনমন্যতা কি?

হীনমন্যতা কি?

হীনমন্যতাত ভোগা বুলি কলে আমি সাধাৰণতে অপৰাধবোধত ভোগা, অসহায় বোধ কৰা, পৰিচয় সঙ্কটত ভোগা, নিৰাপত্তাহীনতাত ভোগা বা আত্মবিশ্বাসৰ অভাব হোৱাকে বুজো।

আপোনাৰ কোনো বন্ধু হয়তো দেখাত চিনেমাৰ নায়কৰ দৰে অথবা আপোনাৰ কোনো বান্ধবী দেখাত খুবেই সুন্দৰী। আপুনি তেওঁলোকৰ নিচিনা সুন্দৰ-সুঠাম নহয়। এনেকুৱা নানাত অভিযোগ, আপত্তি, হীনম্যনতা থাকে এনেক মানুহৰ। হীনম্যনতাত ভোগা একো অস্বাভাবিক নহয়। কোনোবাই কি বিচাৰে, আনতকৈ পিছ পৰি থকটো, কোনেও নিবিচাৰে। সকলোৱে ভালদৰে থাকিব বিচাৰে, সুন্দৰ হব বিচাৰে, সুখী হব বিচাৰে।

আপুনি কি এবাৰো ভাৱি চাইছেনে, আপোনাৰ শক্তিৰ মূল উৎসটো ক'ত? আপুনি কি সদায় দুৰ্বল হয়েই থাকিব নেকি? আৰু সকলো সময়তে নিজৰ নানান দুৰ্বলতা লৈয়েই ব্যস্ত থাকে। এবাৰলৈও নাভাৱে যে আপোনাৰ মাজতো এনেকুৱা কিছুমান গুণ, প্ৰতিভা আৰু শক্তি যি আন কাৰোৰে ওচৰত নাই। সুন্দৰ, নিয়াৰিকৈ জীৱন নিৰ্বাহ কৰিবলৈ হ'লে, জীৱনত সুখী হবলৈ এই ধৰণৰ চিন্তা ভাৱনা আপুনি পৰিত্যাগ কৰিব পাৰিব লাগিব।

১. নিজৰ আত্মসন্মান বৃদ্ধি কৰকঃ
মনোবিজ্ঞানৰ ভাষাত আত্মসম্মান বুলি কলে নিজৰ মৰ্য্যদা, সন্মান সম্পৰ্কে এজন ব্যক্তিৰ মনোভাবক বুজোৱা হয়। সাফল্য, হতাশা, অহংকাৰ আৰু লজ্জাৰ অনুভূতিয়ে এই মনোভাব গঠন কৰে। এজন ব্যক্তিৰ আত্মসম্মান তেওঁৰ আত্মসচেতনতাৰ লগত ওতপ্রোতভাৱে জড়িত। আত্মসম্মানৰ অভাব বা হীনমন্যতা এজন ব্যক্তিৰ সামাজিক-পাৰিবাৰিক সম্পৰ্ক, পেশা আৰু শাৰীৰিক অবস্থাসহ জীবনৰ প্রত্যেকটো অংশতে নেতিবাচক প্রভাব পেলাব পাৰে। তথাপিও মানসিক স্বাস্থ্য পৰামৰ্শ (Mental Health Counseling)ৰ মাধ্যমেৰে এই সমস্যাসমূহ দূৰ কৰিব পৰা যায়।

২. কোন কোন বিষয়বোৰে হীনমন্যতা ভোগাৰ প্রবণতা বৃদ্ধি কৰে? 
শৈশবৰ আৰম্ভণিৰ পৰাই আত্মসম্মান গঠনৰ সূত্রপাত ঘটে। যিবোৰ বিষয়ে হীনমন্যতা বা আত্মসম্মানক প্রভাবিত কৰিব পাৰে সেইবোৰ হ'লঃ

নিজস্ব চিন্তা আৰু উপলব্ধি,

অন্য ব্যক্তিৰ আচৰণ,

ঘৰ, স্কুল-কলেজ, কৰ্মক্ষেত্র আৰু সামাজিক ক্ষেত্রৰ অভিজ্ঞতা,

অসুস্থতা, অক্ষমতা বা আঘাত,

ধৰ্ম আৰু সংস্কৃতি,

সামাজিক অবস্থান আৰু ভূমিকা,

প্ৰিণ্ট, ইলেকট্ৰনিক আৰু ছ'চিয়েল মিডিয়াৰ প্রভাব ইত্যাদি।

৩. অহেতুক তুলনা কৰা বা পাৰ্থক্য কৰাঃ
এজনে হয়তো খুব ভালদৰে, ৰসাল আৰু আকৰ্ষণীয়কৈ কথা কব পাৰে। যিকোনো স্থান বা আড্ডাৰ আকৰ্ষণ বা আলোচনাৰ কেন্দ্ৰ বিন্দু তেওঁ। সকলোৱে তেওঁকেই পছন্দ কৰে আৰু তেওঁৰ কথা শুনি ভাল পায়! আৰু আপুনি হয়তো সহজে মিলি যাব নোৱাৰে সকলোৰে লগত। দল বা গোটত স্পষ্ট কথা কব নোৱাৰে। কিন্তু আপোনাৰো ইচ্ছা হয়, সকলোৱে যদি আপোনাক লৈ কথা-বতৰা পাতিলে বা আলোচনা কৰিলে হয়! আপুনি যদি কোনো আড্ডাৰ আলোচনাৰ কেন্দ্ৰ বিন্দু হব পাৰিলে হয়!

কিন্তু এবাৰ ভাৱি চাওঁ‌কচোন, সকলোৱে কি সকলোবিলাক হব পাৰে, কওঁ‌কচোন? আপুনি হয়তো সুন্দৰ-শুৱলাকৈ গান গাব জানে, কোনোবাই আকৌ অসাধাৰণ ছবি অংকন কৰিব পাৰে। আকৌ কোনোবাই, কোনোবাই হয়তো ভাল অভিনয় কৰিব, নাচিব জানে, ভাল বিতর্ক কৰিব পাৰে। বা কোনোবাই হয়তো ভাল ক্রিকেট/ ফুটবল খেলে। আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা দিশত পাৰদৰ্শী হয়। এতিয়া আপুনি যদি সংসাৰৰ সকলোবোৰ গুণ নিজৰ মাজত ধাৰণ কৰিব নোৱাৰি হা-হুতাশ কৰে, তেতিয়াহ'লে আপুনি ভুল কৰিছে। পিতৃ-মাতৃ, ভাই-ভনী, বন্ধু, শিক্ষক আৰু অন্যান্য পৰিচিত ব্যক্তিসকলৰ লগত থকা সম্পর্কই আপোনাৰ আত্মসম্মানক প্রভাবিত কৰে। অন্য ব্যক্তিসকলৰ লগত আপোনাৰ সম্পর্ক যদি ভালে থাকে, তেতিয়াহ'লে নিজৰ সম্পৰ্কে আপোনাৰ ধাৰণা ইতিবাচক হব আৰু আপোনাৰ আত্মসম্মান বৃদ্ধি পাব। আপোনাৰ সম্পৰ্কে যদি অন্য ব্যক্তিসকল নেতিবাচক হয় তেতিয়াহ'লে আপুনি আত্মসম্মানৰ অভাবত ভুগিব পাৰে; আপোনাৰ হীনমন্যতা হব পাৰে। এটি কথাত মন দিব, “নিজৰ ভিতৰত লুকাই থকা শক্তিৰ উৎস বিচাৰিবলৈ আৰু এই শক্তিক জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰক। আৰু এইটো আপুনি নিজেই কৰিব লাগিব।”

৪. হীনম্যনতা আপোনাৰ আত্ম-উন্নয়নৰ অন্তৰায়ঃ
আপুনি যদি সকলো সময়তে হীনম্যনতাত ভোগে, নেতিবাচক চিন্তাত আপোনাৰ মন আচ্ছন্ন হৈ থাকে, আপুনি নিজেকে সময় দিব নোৱাৰিব। আপুনি যদি ভাৱি থাকে, অইনৰ লগত ক্রমাগত ভাৱে নিজকে তুলনা কৰি আপুনি নিজকে সেই পর্যায়লৈ লৈ যাব, তেনেহ'লে আপুনি বহুত ডাঙৰ কৰিব গৈ আছে। এইদৰে নিজকে ক্রমাগত ভাৱে কৰোবাৰ সতে তুলনা কৰি আপুনি কেতিয়াও তেওঁৰ দৰে হব নোৱাৰিব; বৰঞ্চ তেওঁৰ দৰে হব নোৱাৰিলো বুলি আপুনি হতাশাত ভাগি পৰিব। আপুনি সময় দিব পাৰিব লাগিব, নিজকে পৰিবৰ্তন কৰি উন্নত কৰাৰ বাবে। নিজৰ শক্তিশালী দিশবিলাকক বিচাৰি উলিয়াব পাৰিব লাগিব, সেইবোৰক আৰু অধিক শক্তিশালী কৰাৰ বাবে আৰু নিজৰ দুৰ্বলতা, অক্ষমতাক সক্ষমতালৈ পৰিবৰ্তন কৰাৰ বাবে।

৫. আপুনি নিজেই আপনাৰ সাফল্যৰ পৰিমাপকঃ
জীৱনত আপুনি কিমান খিনি সফল হৈছে, সেইটো পৰিমাপ কৰাৰ ক্ষমতা একমাত্র আপোনাৰ হে আছে; অইন কাৰোবাৰ বাবে সেয়া সাধ্য নহয়। জীৱন আপোনাৰ নিজৰ। জীবনৰ আইনাত নিজৰ সাফল্য-ব্যৰ্থতা পৰ্যালোচনা কৰাৰ দায়িত্ব, অধিকাৰ সকলোবিলাকেই আপনাৰ। জীৱনত নিজকে সূখী কৰি ৰখাৰ প্ৰয়াস কৰক। আৰু নিজকে সুখী আৰু সন্তুষ্ট ৰাখিব পাৰিলেই আপুনি সফল।

জীৱনত সুখী আৰু সফল হবলৈ হ'লে, সৰ্ব প্ৰথমে আপুনি আপোনাৰ দৃষ্টিভঙ্গীৰ পৰিবর্তন কৰিব লাগিব। “মোৰ সেইটো নাই” এই কথাৰ পৰিবৰ্তন কৰি “মোৰ এইটো আছে” আছে বুলি কবলৈ সামৰ্থ্য হব লাগিব। এই কথাষাৰ হয়তো বহুত সৰু যেন লাগিছে নিশ্চয় কিন্ত ইয়াৰ অৰ্থ বহুত ব্যাপক। সাফল্যতাৰ আহৰণৰ এইটোৱে হৈছে আটাইতকৈ বৃহৎ শক্তি আৰু উপদেশ।

 

No comments