Breaking News

পঢ়া-শুনা কৰি আপোনাৰ শিশুটি কি হ’ব?

পঢ়া-শুনা কৰি আপোনাৰ শিশুটি কি ? 

শিশুসকল হৈছে এখন দেশৰ ভৱিষ্যৎ
শিশুসকল
হৈছে এখন দেশৰ ভৱিষ্যৎ দেশৰ ভৱিষ্যৎ মজবুত কৰিবলৈ লে শিশুক সৰুৰে পৰা এটি পথ নিৰ্মাণ কৰি দিব লাগিব যি পথেৰে গৈ গৈ শিশুৱে দেশৰ নামত, দেশৰ বাবে অৰিহণা আগবঢ়াব পাৰিব

শিশু অলপ ডাঙৰ হোৱাৰ লগে লগে মাক-দেউতাকৰ মনত এটি প্ৰশ্নই বাহ লয়- শিশুটি পঢ়া-শুনা কৰি কি ? বহু মাক-দেউতাকৰ ভুল সিদ্ধান্ত বা ভুল বিচাৰে শিশুটিৰ ওপৰত প্ৰভাৱ পেলায় তেওঁলোকে সৰুৰে পৰা শিশুটিক পঢ়াশুনা কৰি ভৱিষ্যতে চিকিৎসক বা অভিযন্তা হোৱাৰ প্ৰতি লালয়িত কৰিব খোজে এক সম্পূৰ্ণ নেতিবাচক কথা কাৰণ, সি পঢ়াশুনা কৰি কি সেয়া নিৰ্ভৰ কৰিব সেই সময়ৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত সেয়ে চিকিৎসক, অভিযন্তা হোৱাৰ সপোন দেখুওৱাৰ পৰিৱৰ্তে সিহঁতক এটি ইতিবাচক চিন্তা কৰিব পৰাৰ ভেটি তৈয়াৰ কৰি দিব লাগে-যি ভেটিৰ ওপৰত সিহঁতে নানাৰঙী চিন্তা ব্যৱহাৰ কৰি জীৱনক আপোন ইচ্ছানুযায়ী সজাই পাৰে

তাৰ বাবে আপুনি তলৰ দিশসমূহ মানি চলিব পাৰেঃ
শিশুটিক
পঢ়াশুনা কৰি চিকিৎসক বা অভিযন্তা হোৱাৰ বদ্ধমূল ধাৰণা মনত ৰোপণ কৰি নিদিব কিয়নো, চিকিৎসক বা অভিযন্তাৰ অভাৱ নাই, কিন্তু ভাল মানুহৰ অভাৱ সদায় আছে সেয়ে তাক পঢ়াশুনা কৰি ভৱিষ্যতে ভাল মানুহ হোৱাৰ কথা উনুকিয়াই থাকিব লাগে

শিশুটিক ভাল মানুহ হোৱাৰ সুপথ দেখুৱাবলৈ লে সৰুৰে পৰা তাক মহৎ মহৎ ব্যক্তিৰ জীৱনী বা তেওঁলোকৰ কাহিনী শুনাব লাগে তেওঁলোকৰ জীবিকাতকৈ কর্মইহে যে তেওঁলোকক মহৎ কৰিছে সেয়া বুজাই লাগে, যাতে শিশুটোৱে তেনে ব্যক্তিৰ পথ অনুকৰণ কৰিব পালে

শিশুটিৰ মনত এটি সুন্দৰ ধাৰণা দিবলৈ লে তাৰ ঘৰত বা কোঠাটো গ্রন্থেৰে আবৰা লাগে যাতে তেনে এক ইতিবাচক পৰিবেশে তাক গ্রন্থপিপাসু কৰি আগবঢ়াই নি ভাল মানুহ হিচাপে থিতাপি লোৱাত সহায় কৰে

শিশুটিক মানুহ হিচাপে গঢ় দিবলৈ লে কেতিয়াও তাৰ আগত বেয়া চিন্তা, বেয়া ভাবনা, বেয়া কথা উলিওৱাৰ চেষ্টা কৰিব নালাগে, বৰং সদায় ভাল তথ্য, ইতিবাচক চিন্তা ৰোপণ কৰাব প্রয়াস কৰিব লাগে

জন্মতে কোনো শিশু ভাল অথবা বেয়া মানুহ হৈ নাহে পৰিৱেশ বা পৰিস্থিতিয়েহে সিহঁতক মানুহ বা অমানুহৰূপে গঢ় দিয়ে সেয়ে অভিভাৱকে সদায় তেনে পৰিৱেশ এটা বর্তাই ৰাখিব লাগে পৰা ভাল চিন্তাৰে ভাল মানুহৰ গঢ় দিব পাৰি

আপুনি ভাল মানুহৰূপে গঢ় দিব খোজা সন্তানটি সংগৰ দোষত পৰিও ভুল পথে পৰিচালিত পাৰে সেয়ে শিশুটিৰ সংগৰ প্ৰতিও আপুনি চোকা নজৰ দিব যাতে সংগ দোষ তাৰ যাত্ৰাপথৰ অন্তৰায় নহয়

শিশুটিয়ে পঢ়াশুনা কৰি কি সেয়া আপুনি নিৰ্ধাৰণ কৰি নিদিব আপুনি আপোনাৰ মনোভাৱ প্রকাশ কৰাত দ্বিধাবোধ নকৰিব কিন্তু তাৰ জীৱনৰ লক্ষ্য নির্ধাৰণত অধিক হস্তক্ষেপো নকৰিব তাৰ মনোভাব-দৃষ্টিভংগী আপুনি প্রত্যক্ষ কৰিলেই তাৰ জীৱনৰ লক্ষ্য সম্পর্কে আপুনি নিশ্চিত সিদ্ধান্ত পাৰিব

শিশুটিক ভাল মানুহ হিচাপে গঢ় দিবলৈ লে সৰুৰে পৰা তাক শিশু উপযোগী নানা কিতাপ উদাহৰণস্বৰূপে দিব লাগে আৰু সেইবোৰ যাতে অধ্যয়নৰ প্ৰতি আগ্রহী হয়, তাৰ বাবে অভিভাৱকে নিজেও পঢ়াশুনা কৰাৰ এটি পৰিৱেশ তৈয়াৰ কৰিব লাগিব এনে নৈতিকতা সম্বলিত কিতাপ শিশুটিক ভৱিষ্যতে এগৰাকী ভাল মানুহ হোৱাত পাথেয়

শিশুটিক ভাল মানুহৰূপে গঢ় দিবলৈ লে ঘৰত নানা মহৎ ব্যক্তিৰ ফটো ৰাখিব লাগে আৰু সময়ে সময়ে তেওঁলোকৰ বিষয়ে ব্যাখ্যা আগবঢ়াব লাগে শিশুক তেনে ব্যক্তিৰ পথ অনুকৰণ কৰাত সহায় কৰিব
তথ্য সংগ্ৰহঃ ইণ্টাৰনেট,
লিখক: দিগন্ত বৈশ্য, অসম বাণী

No comments