Breaking News

শিশুৰ বৃদ্ধি আৰু বিকাশত শিক্ষকৰ ভূমিকা

শিশুৰ বৃদ্ধি আৰু বিকাশত শিক্ষকৰ ভূমিকা: 

শিশুৰ বৃদ্ধি আৰু বিকাশত শিক্ষকৰ ভূমিকা সম্পৰ্কে কোৱাৰ আগতে আমি শিশুৰ বৃদ্ধি আৰু বিকাশ সম্বন্ধে চমুকৈ ধাৰণা এটি লওঁ আহক “বৃদ্ধি মানে হ’ল আকাৰত ডাঙৰ হোৱা; ই বিকাশৰ কায়িক প্ৰক্ৰিয়া। সহজ অৰ্থত শাৰীৰিকভাৱে ডাঙৰ হৈ যোৱা প্ৰক্ৰিয়াটোৱে হ’ল বৃদ্ধি। ই এটা পৰিমাণলব্ধ প্ৰক্ৰিয়া অৰ্থাৎ ইয়াক জুখিব পাৰি। এটি শিশুৰ উচ্চতা, ওজন আৰু অংগ-প্ৰত্যংগবোৰৰ আকাৰ বঢ়াই হ’ল শাৰীৰিক বৃদ্ধি। শিশুৰ বিকাশ বুলি কলে জন্ম আৰু কৈশোৰ কালৰ মাজত হোৱা জৈৱিক, মানসিক আৰু আবেগিক পৰিবৰ্তনৰ কথাকে কব পাৰি। ইঅয়াত ব্যক্তিনিৰ্ভৰশীলতাৰ পৰা স্বয়ংক্ৰিয়তা প্ৰাপ্ত স্তৰসমূহ অন্তৰ্ভুক্ত হয়। ই এক ভৱিষ্যতিবাণী কৰিব পৰা অবিৰত প্ৰক্ৰিয়া আৰু প্ৰত্যেক শিশুৰ ক্ষেত্ৰতে এই প্ৰক্ৰিয়া ভিন্ন ভিন্ন হয়। বিকাশৰ পৰিবৰ্তনসমূহ জন্ম-পূৰ্বৰ (মাতৃগৰ্ভত থকা অৱস্থাৰ) ঘটনাৰদ্বাৰা প্ৰভাৱিত হয়।”

এজন শিক্ষক হিচাপে আমি ভিন্ন বয়সৰ, ভিন্ন সামাজিক-অৰ্থনৈতিক আৰু সাংস্কৃতিক পটভূমিৰ শিশুৰ সৈতে মূখামুখি হ’বলগীয়া হয়। আমি এজন সমাজৰ দ্বায়িত্বশীল প্ৰতিনিধি হিচাপে শিশুৰ কাংক্ষিত বিকাশ আৰু জাতিৰ বিকাশ তথা দেশৰ বিকাশত গুৰুত্ব পূৰ্ণ ভূমিকা লয়। বৰ্তমানৰ বিকাশ অতীতৰ বিকাশৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে। বিদ্যালয়ত ভৰি দিয়াৰ বহু আগৰে পৰাই শিশুৱে ঘৰ আৰু চৌপাশৰ পৰিৱেশৰ পৰা বহু অভিজ্ঞতা আহৰণ কৰে, যিবোৰ শিশুসকললৰ আনুষ্ঠানিক শিক্ষাৰ বাবে অতি প্ৰয়োজনীয়। শিশুসকলৰ মাজত থকা ব্যক্তিগত পাৰ্থক্যয়ো শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। শিক্ষক হিচাপে আমি প্ৰতিজন শিশুৰ দক্ষতা সম্পৰ্কে জনা উচিত, যাৰদ্বৰা তেওঁ ব্যক্তি আৰু সমাজৰ বিকাশ সাধন কৰিব পাৰিব। ইয়াৰোপৰি শিক্ষকসকলে বৃদ্ধি আৰু বিকাশ প্ৰাৰম্ভিক নীতি সম্পৰ্কে জনা উচিত, যাৰদ্বাৰা শিশুক প্ৰভাৱশালী পৰামৰ্শ প্ৰদান কৰিব পাৰিব। পৰিৱেশৰ বাবে সলনি হোৱা শিশুৰ ব্যৱহাৰ সম্পৰ্কেও শিক্ষকে জনা উচিত।

এজন শিক্ষকৰ শিশুৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনত গুৰুত্বপূৰ্ণ অৱদান থাকে। গতিকে এজন ভাল শিক্ষক হিচাপে আমি:
১।        শিশুৰ প্ৰয়োজনসমূহ পূৰণ কৰিব লাগিব।
২।        শিশুসকলক অনুসন্ধান কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগিব।

৩।        সমাজত কেনেকুৱা আচৰণ কৰিব লাগে তাৰ বাবে সামাজিক প্ৰশিক্ষণ দিব লাগিব।
৪।        মানসিক বিকাশ সাধনৰ বাবে সুবিধা দিব লাগিব।

৫।        শিশুৰ বাবে এক বন্ধুত্বপূৰ্ণ আৰু অতিথ্যপূৰ্ণ পৰিৱেশৰ নিৰ্মান কৰিব লাগিব।

No comments