ণত্ববিধি আৰু ষত্ববিধিৰ বিষয়ে চমু আভাষ
ণত্ববিধি আৰু ষত্ববিধিৰ বিষয়ে চমু আভাষঃ
ণত্ববিধিঃ
সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয়
তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি (Change of ন
into ণ) বোলে।
বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।
ণত্ববিধিৰ নিয়মঃ
এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ -ৰ পাচত দন্ত্য ন থাকিলে সি মূৰ্ধন্য
হয়। যেনে- ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰষুণ।
(১) ঋ, ৰ, ষ আৰু ণ -ৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ
কোনো বৰ্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও ন মূৰ্ধন্য হয়। যেনে- কৃপণ, গ্ৰহণ,
ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।
(২) এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্ৰংশ শব্দত
মাথোন খাটে। অসমীয়া শব্দত ঋ, ৰ, ষ -ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ -ৰ বাহিৰে আন স্বৰবৰ্ণ
থাকিলে দন্ত্য ন মূৰ্ধন্য নহয়। যেনে- ৰইনা, বৰিয়নি, ফেৰেঙ্গনি, গেৰেকনি, বৰীয়ানী।
(৩) অসমীয়া স্ত্ৰী প্ৰত্যয় নী -ৰ ন মূৰ্ধন্য নহয়। যেনে-
বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিয়নী।
(৪) দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে, আগৰ শব্দটোত ঋ, ৰ,
ষ থাকিলেও পাচৰ শব্দৰ ন মূৰ্ধন্য নহয়। যেনে- দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম,
হৰিনাৰায়ণ, হৰিনাথ।
মূৰ্ধন্য বৰ্গৰ লগত সদায় মূৰ্ধন্য ণ-হে যোগ হয়। দন্ত্য বৰ্গৰ
লগত মূৰ্ধন্য ণ কেতিয়াও যোগ নহয়। যেনে-
(১) ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্ধন্য হয়। যেনে-
কণ্টক, পিণ্ড, মুণ্ড।
(২) ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ -ৰ পাচত থাকিলেও
ন মূৰ্ধন্য নহয়। যেনে- ৰান্ধন, বৃন্দাবন।
ষত্ববিধিঃ
বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে
দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি (Change of স into ষ) বোলে।
ষত্ববিধিৰ নিয়মঃ
(১) ক, খ, ত, থ, প, ফ আৰু ম ইহঁতৰ কোনো সৈতে কেৱল “স”ৰ যোগ হয়।
যেনে- বয়স্ক, স্খলিত, অস্ত, স্থান, স্ফটিক, ভস্ম ইত্যাদি। কিন্তু ই, ঈ, উ বা ঊ স্বৰৰ
পাচত থকা ক, খ, প, ফ বা ম আখৰে সৈতে ষ মাথোঁন যোগ কৰা হয়। যেনে- নিষ্কৰ, দুষ্কৰ, নিষ্পাপ,
ভীষ্ম, পুষ্প ইত্যাদি।
(২) "ট" আৰু “ঠ”ৰে সৈতে
কেৱল মূৰ্ধন্য “ষ” ৰ যোগ হয়; যেনে। কষ্ট, ষষ্ঠ ইত্যাদি।
(৩) অসবৰ্ণৰ বাহিৰে আন স্বৰবৰ্ণ, বা 'ক' বা 'ৰ' আগত থাকিলে,
প্ৰত্যয়ৰ = জি + সন্ + আ = জিগীষা, মৃ + সন্ + উ = মুমূৰ্ষুু, শ্ৰীচৰণ + সু = শ্ৰীচৰণেষু,
(৭মী বহুবচন) ইয়াত সন্ প্ৰত্যয়েৰ দন্ত্য স মূৰ্ধন্য ষ হৈছে। সাৎ প্ৰত্যয় স মূৰ্ধন্য
ষ নহয়। যেনে- ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ।
(৪) ই বা উ অন্তত থকা উপসৰ্গৰ পাচত সদ্, সিচ্, সিধ্, নম্ আৰু
স্থা আদি ধাতুৰ স মূৰ্ধন্য ষ হয়। যেনে, বি—সদ্ + ঘঞ
= বিষাদ, অভি—সিচ্ + ঘঞ = অভিষেক, নি—সিধ্ + অল্
= নিষেধ, অভি—লস্ + ঘঞ = অভিলাষ, প্ৰতি—স্থা + ঙ
= প্ৰতিষ্ঠা, অনু—স্থা + ক্ত = অনুষ্ঠিত। ইয়াত ধাতুবিলাকৰ স মূৰ্ধন্য ষ হৈছে।
(৫) ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি
শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্ধন্য ষ হয়। যেনে ভূমি + স্থ = ভূমিষ্ঠ, গো + স্থ
= গোষ্ঠ, অঙ্গু + স্থ = অঙ্গুষ্ঠ, যুধি + স্থিৰ = যুধিষ্ঠিৰ।
(৬) প্ৰত্যয় যোগ হ’লেও হবিস্ আৰু চক্ষুস্, শব্দৰ স মূৰ্ধন্য
ষ হয়। যেনে- হবিস্ + ষ = হবিষ্য, চক্ষুস্ + ষ্ণ = চাক্ষুষ।
(সংগৃহীত)
No comments