Breaking News

ঐতিহ্য: “ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয়”

ঐতিহ্য: “ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয়
অনুপ অসমীয়া, তেজপুৰ

পৱিত্ৰ দেৱীৰ মহা-নবমীৰ দিনা আমাৰ ভ্ৰমণ আছিল ইতিহাস প্ৰসিদ্ধ সপ্ততীৰ্থ শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয়

জনশ্ৰুতি মতে এই ভূমিতে কোনো খেতিয়কে হাল বাওঁতে এডোখৰ শিল পাই আৰু নাঙলৰ ঘৰ্ষণত শিল ডোখৰত তেজ ওলোৱা দেখি আচৰিত হয় কৌতুহল বশত ৰাইজে গৈ শিল ডোখৰ ভাৰ বান্ধি আনি বৰ্তমান দেৱালয় স্থাপিত হোৱা ঠাইতে জিৰণিত ৰাখে পিছলৈ শিলডোখৰ ডাঙিব নোৱাৰি বিধি মতে প্ৰতিষ্ঠা কৰে ইয়াক হলকৰ্ষণত ওলোৱা বাবে হলেশ্বৰ নামে জনাজাত হয় আচৰিত 'বলগীয়াও যে পুৰোহিতে আপোনাক পুষ্পাল্য অৰ্পণ কৰোঁতে দক্ষিণ মুৱাকৈ সেৱা প্ৰদান কৰে শিল ডোখৰ শিৱ লিংগ বুলি ঠাৱৰ হোৱাত ৰাইজে পিছলৈ বাঁ খেৰেৰে মন্দিৰ আকাৰত ঘৰ সাজি ব্ৰাহ্মণৰ দ্বাৰা দৈনিক পূজা অৰ্চনাৰ ব্যৱস্থা কৰে এই গৃহটিয়েই দেৱতাৰ আলয় অৰ্থাৎ দেৱলায় নামে প্ৰসিদ্ধ হৈ পৰে

সাতসৰী অসম বুৰঞ্জী মতে ১৭০৫ খ্ৰীষ্টাব্দত আহোম মহাৰাজ ৰুদ্ৰ সিংহ দিনতেই ইয়াক স্থাপন কৰা হৈছিল ইয়াত মহাদেৱৰ বিশাল মনৰ নিৰ্জনতাত জিলিকি আছে ৰজা মহাৰজাৰ যশ, খ্যাতি অথবা কোনো ৰাজবংশৰ উত্থান-পতনৰ ঐতিহ্য

 

No comments