Breaking News

অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱ

অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱঃ

গামোচাৰ অবিহনে আমি আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰো । পুৱাৰ পৰা নিশালৈকে ই আমাৰ জীৱনৰ এক এৰাব নোৱাৰ সংগী হৈ আহিছে । গামোচাৰ অভিধানিক অৰ্থ গা মোচিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ । কিন্তু ই কেৱল এই সীমিত সংজ্ঞাতে সীমাবদ্ধ হৈ নাথাকিল । বিভিন্ন সময়ত বিভিন্ন ৰূপে ই আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি ললে । আনকি আন্তৰাষ্টীয় পৰ্য্যায়তো ই আমাৰ জাতীয় জীৱনৰ চিনাকী স্বৰুপে জিলিকি উঠিবলৈ সক্ষম হৈছে । আহোম ৰজাৰ ৰাজত্ব কালৰ পৰা স্বকীয় বৈশিষ্টৰে উদ্ভাসিত হৈ গামোচাখনে অসমীয়া জাতিৰ সাংস্কৃতিক প্ৰতীক তথা জাতিৰ এক অন্যান্য সত্বাৰুপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হল । আহোম যুগৰ পৰাই বিভিন্ন ক্ষেত্ৰত খাপ খোৱাকৈ বেলেগ বেলেগ মানৰ গামোচা ব্যৱহাৰৰ উল্লেখ বুৰঞ্জী সমূহত পোৱা যায় । অন্য ৰাজ্যৰ ৰজা বা বৰমূৰীয়া সকলক গামোচা উপহাৰ আগবঢ়াই বন্ধুত্ব চিন স্বৰূপে সন্মান প্ৰদৰ্শন কৰিবলৈ লোৱাৰে পৰা গামোচাই তাৰ অভিধানিক অৰ্থ অতিক্ৰমি এক বিস্তৃত অৰ্থত ব্যৱহৃত হবলৈ ললে । অসমৰ বাহিৰলৈ কৰবালৈ গলে তাত কোনো মানুহৰ গাত গামোচাখন দেখিলেই এক বুজাব নোৱাৰা আনন্দই দেহ মন চুই যায় । তেনে লোকজন অচিনাকী হলেও আমাৰ ঘৰৰে কোনো আপোন মানুহ যেন ধাৰণা মনলৈ আহে । সঁচা অৰ্থত কবলৈ গলে, গামোচাখনে আমাক একতাৰ এক পৱিত্ৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ।

এই গামোচা ব্যৱহাৰৰ ভিন্নতা অনুসৰি পাঁচ প্ৰকাৰত ভাগ কৰিব পাৰি ।

১) সাধাৰণ গামোচা এই বিধ গামোচা কেৱল গা বা মুখ মচিবলৈ ব্যৱহাৰ কৰা হয় । এই গামোচা কপাহী সূতাৰে বোৱা হয় আৰু ইয়াৰ দুয়োফালে সাধাৰণতে ৰঙা পাৰি দি বোৱা হয় । সকলো সময়তে আৰু সকলো কামতে ব্যৱহাৰ উপযোগীকৈ এইবিধ গামোচা কিছু আগল বহলকৈ বোৱা দেখা যায় । গাঁৱৰ পুৰুষ সকলে এইবিধ গামোচা পিন্ধনতো ব্যৱহাৰ কৰে ।

২) হাঁচতি এইবিধ গামোচা সাধাৰণতে ধৰ্মীয় কাম কাজত ব্যৱহাৰ হয় । এইখন উচ্চমানৰ কপাহী সুতাৰে বোৱা হয় আৰু এফালে ৰঙা পাৰিৰ ফুল বছা হয় । বিভিন্ন পূজা পাৰ্বন, ধৰ্মীয় অনুষ্ঠান আদিত পুৰুষ আৰু মহিলা সকলে ডিঙিত মালাৰ দৰে ওলোমাই লয় । এইবিধ গামোচাক হাঁচতি বোলা হয় ।

৩) ফুলাম গামোচা ফুলাম গামোচা আমাৰ জাতিৰ সংস্কৃতিৰ ধ্বজাবাহক স্বৰুপ । সমাজৰ সন্মানীয় ব্যক্তিসকল, অন্য ৰাজ্য বা ৰাষ্ট্ৰক বিশিষ্ট ব্যক্তিসকলক এই ফুলাম গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয় । এইবিধ গামোচা অতি উন্নত মানৰ কপাহী সূতা নাইবা পাট সূতাৰে এই গামোচা বোৱা হয় । গামোচাৰ দুয়োমূৰে ৰঙাসুতাৰে ধুনীয়া ভমকাফুলীয়া ফুল বচা এইবিধ গামোচা দেখিবলৈ অতি সুন্দৰ । এনে গামোচাই আহোম ৰজাসকলে অন্য ৰাজ্যৰ ৰজাসকলক বন্ধুত্বৰ চিন স্বৰূপে আগবঢ়াই সন্মান প্ৰদৰ্শন কৰিছিল ।

৪) ধৰ্ম বস্ত্ৰ এইবিধ গামোচা ধৰ্মীয় গ্ৰন্থ, থাপনা, মণিকূট আদিত ব্যৱহাৰ কৰা দেখা যায় । এই গামোচাত অসমীয়া সমাজৰ আন এক আপুৰুগীয়া সম্পদ শৰাই, বৰতাল, আদিৰ ফুল বছা হয় । কেতিয়াবা এনে গামোচাৰ গোটেই গাত হৰে ৰাম হৰে কৃষ্ণ, নাইবা কীৰ্তন, নামঘোষাৰ সুন্দৰ ঘোষা আদি ধৰ্মমূলক বাক্য তথা পদ লিখা দেখা যায় । সেয়ে ইয়াক ধৰ্ম বস্ত্ৰ বোলাহে যুগুত ।

৫) বিহুৱান বিহুৱান আমাৰ সকলোৰে আদৰৰ অতি অমূল্য সম্পদ । এইবিধ গামোচা বিহুৰ সময়ত সৰুৱে ডাঙৰক সেৱা ভক্তিৰ আৰু ডাঙৰে সৰুক মৰমৰ তথা আশীৰ্বাদৰ চিন স্বৰুপে আগবঢ়ায় । চতৰ আগমনিৰ লগে লগে গাভৰুহঁত ব্যস্ত হৈ পৰে বিহুৱান ববলৈ । আমাৰ সমাজত বিশ্বাস আছে যে গামোচা বিহুচেৰা কৰিব নেপায় । সেয়েহে হাজাৰ ব্যস্ততাৰ মাজতো শিপিনীয়ে চতৰ কেইদিন মান থাকোতেই গামোচা তাঁতশালৰ গামোচা বৈ কাটি উলিয়ায় । মোচাত অসমীয়া শিপিনী গাভৰুহঁতে সপোন ৰচে। বিভিন্ন গামোচাত বছা ধুনীয়া ফুলবোৰে অসমীয়া নাৰীৰ সুন্দৰ শিল্পী মনৰ পৰিচয় দিয়ে । গাভৰুহঁতে নিজৰ মনৰ বতৰা প্ৰিয়জনক দিবলৈ হেঁপাহৰ দীঘ আৰু চেনেহৰ বাণীৰে বিহুৱান বৈ উলিয়াই আৰু বিহুৰ দিনা নিজৰ প্ৰিয়জনক বিহুৱান আগবঢ়াই বিহুৰ ওলগ তথা শুভেচ্ছা জনায় । এই বিহুৱান আমাৰ অসমীয়া সমাজৰ হৃদস্পন্দন স্বৰুপ আমাৰ বাপতি সাহোন ।

অসমৰ সমাজ জীৱনত গামোচাৰ প্ৰভাৱ অপৰিসীম । ঘৰলৈ কোনো মান্যলোক বা ন-আলহী আহিলে তেওঁলোকক নতুন গামোচাৰে সন্মান জনোৱা হয় । কইনা চাবলৈ অহা লোকসকলকো ছোৱালীজনীয়ে গামোচাৰে মান ধৰি নিজৰ পৰিচয় দিয়ে ।আমাৰ সমাজত গামোচাৰ নিজস্ব এক সুকীয়া আসন আছে আৰু আছে ইয়াৰ গুৰুত্ব । সেয়ে আমি গামোচাৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া উচিত । ইয়াৰ অপব্যৱহাৰে আমাৰ সমাজলৈ ভাবুকি কঢ়িয়াই আনিব তথা আমাৰ সাংস্কৃতিক পৰিবেশ বিনষ্ট হব ।
(তথ্যসংগ্ৰহঃ ইণ্টাৰনেট, সাৰদা শ্ৰেষ্ঠ)

No comments