কবিতা পৰ্যালোচনাৰ বাবে জানিবলগীয়া কথা
কবিতা পৰ্যালোচনাৰ বাবে জানিবলগীয়া কথাঃ
✍ ধীৰেণ শইকীয়া
হীৰুদাৰ(হীৰেন ভট্টাচাৰ্য) সমুখত কবিতা পাঠ কৰাৰ অভিজ্ঞতাই সুকীয়া। আমি তিনিবাৰ তেওঁৰ সমুখত ভয়ে ভয়ে কবিতা পাঠ কৰাৰ অভিজ্ঞতা হৈছে। ২০০৪ ৰ এটা আবেলি তেওঁ আমাক পিঠিত থপৰিয়াই কৈছিল: “তুমি নেৰিবা,লিখি থাকিবা, পঢ়িবা কবিতাৰ বিষয়ে, পিছতহে লিখিবা, তোমাৰ সুকীয়া ঠাঁচ এটা আছে, এইটো আনে বেয়া পালেও নেৰিবা,এইবোৰো কবিতাই ৷ বহুতে তোমাক কিবা কলেও তোমাৰ খোপনি নেৰিবা, মোৰ নিচিনা মানুহৰ কবিতাকে আৰম্ভণিতে কতজনে “হজম নোহোৱা বেসুৰা শব্দমালা” বুলিছিল, ফাইট এগেইনষ্ট ইট, আই হ'প, ইউ উইল কংকুৱেৰ। মনত ৰাখিবা লিখিবা কাটিবা যিমানে, ভাল কবিতা হব সিমানে।” কবি সকলে হীৰুদাৰ কথাষাৰ( লিখিবা, কাটিবা যিমানে ভাল কবিতা হব সিমানে) মানি চলিবই লাগে, কবিতা এটা এবাৰতে লিখি প্ৰকাশৰ বাবে পঠিয়াই দিয়া সামগ্ৰী নহয়। ই হ'ল এক নিৰন্তৰ কৰ্ষণ কলা, একান্ত সাধনাইহে এটা কবিতাৰ জন্ম দিব পাৰে। নগেন শইকীয়া ছাৰে এদিন কৈছিল: তুমি অধৈৰ্য নহবা, লিখি থাকিবা, সকলোৱে সূৰ্যোদয় দেখিবই। তোমাৰ গদ্যগন্ধিযুক্ত কবিতাও কবিতাই, নাভাবিবা বেলেগ কথা, (৫-৫-২০০৪)।
কবিতা পৰ্যালোচনাৰ
বাবে আটাইতকৈ জানিবলগা কথা কি?
এই বিষয়ে ৰবী ঠাকুৰে তাহানিতে কৈছিল – “সন্মান সহকাৰে কবিতাটো পাঠ কৰক, কবিক সদায় উৎসাহিত
কৰি উপমা, ৰূপকবোৰৰ যথাযথ হৈছে নে নাই চাব, কবিতাটো নাই হোৱা বুলি কেতিয়াও নকব, কাৰণ
সৃষ্টিত ব্যস্ত থকাজনৰ গাত ঈশ্বৰ থাকে,তেওঁ সৃষ্টি কৰিছে তেওঁৰ ধৰণে, তেওঁক অৱজ্ঞা
নকৰিব, ই সন্মান হানিকৰ কথা।”
অসমীয়া কবি এগৰাকীৰ “অসমত কবিতাৰ পৰ্যালোচনা কোন বাটে?” পঢ়িছিলো, তেওঁ লিখিছিল –“কবিতা এক সৃষ্টি, ইয়াক লৈ 'লবি' কৰিব নোৱাৰি, ই এক চিৰ স্বাচ্ছত কলা, গান এটা হৃদয় গ্ৰাহী হয়, কবিতা এটাও ভাষা, ছন্দ, চিত্ৰকল্প, ৰূপকৰ গাত ভেজা দি লহপহকৈ উঠি যায়, সকলো কবিকেই প্ৰথম কথাতেই উৎসাহিত কৰিবই লাগিব, অৰ্থবহ নহলে কব লাগে - এনেহ’লে আৰু অধিক ভাল হ'লহেতেন বুলিহে৷ আক্ৰমনাত্মক বাক্য পৰ্যালোচকে কব নালাগে৷ শালিনতা প্ৰতিজন পৰ্যালোচকৰে এটা দৰকাৰী কথা৷জ্যেষ্ঠ কবিজনৰ বাবে এই কথা আৰু দৰকাৰী।”
কবিতা পাঠৰ অনুষ্ঠানবোৰত কবিতাৰ ৰস পান কৰিবলৈ বহুলোকৰ আগমন হয়, তাত কেতিয়াও অমুকৰ কবিতা একো হোৱা নাই, তেওঁ এইবোৰ জাবৰ লিখিছে এনে মন্তব্য নিদিবলৈ অনুৰোধ কৰিলোঁ, কব পাৰেঃ আৰু অধিক চেষ্টা কৰি পঢ়া শুনা কৰিলে, এখেতৰ পৰা আৰু অধিক ভাল কবিতা পাম বুলিহে। কবিতাৰ পৰ্যালোচনাৰ কাম এনেয়েও দুৰূহ কাম, ভাষিক দখল নহলে, আনৰ কবিতা মন দি নুশুনিলে আৰু বিদগ্ধ কবি সকলৰ কবিতাৰ ধাৰাবোৰ নাজানিলে এই কাম কৰিব নোৱাৰি, দৰকাৰী কথাটোৱেই হ'ল: পৰ্যালোচকৰ মন্তব্যই যাতে কবিক বিৰক্ত বা নিৰুৎসাহ নকৰে। সেয়া মনকৰিবলগীয়া কথা।
কবিতা হৃদয়ৰ বস্তু,তাতে আধুনিক কবিতাৰ ঠাল ঠেঙুলিও বহুত, কিছুমান কবিতাৰ বিষয়ো গভীৰ, ব্যঞ্জনাই কবিতাক ওপৰলৈ লৈ গলেও কথাখিনি সৰ্বগ্ৰাহী হব লাগিব। কবিতাৰ বিষয়ত 'সমালোচনা' নহয়, হব নোৱাৰে হব পাৰে পৰ্যালোচনাহে।
আধুনিক কবিতা গদ্যগন্ধিও হব পাৰে, গদ্যগন্ধি হলেও কবিতাৰ কাব্যকতাই যাতে ম্লান নপৰে সেয়া আমি চাবই লাগিব।
No comments