Breaking News

অন্ধবিশ্বাস আৰু জনসমাজত ইয়াৰ প্ৰভাৱ

অন্ধবিশ্বাস আৰু জনসমাজত ইয়াৰ প্ৰভাৱঃ
(অতুলনীয় অন্তৰীপ ২০১৯ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)

পল্লৱী হাজৰিকা


সময়ৰ সোঁতত যিদৰে সমাজ খন সফলতাৰ দিশত আগুৱাব লাগিছিল....বৰ্তমানে কিন্তু কিছু মানুহ এনে আছে, যাৰ মানসিকতা অতি নিকৃষ্ট মনৰ এক কথাত 'বলৈ 'লে পশুতুল্য..... এনেবোৰ মানুহৰ বাবেই আজিও মানৱ সমাজ অন্ধবিশ্বাসৰ কৰালগ্ৰাসত আবদ্ধ। মানুহৰ মনবোৰ মানুহৰ অনুভৱ,অনুভূতি তেওঁলোকৰ বাবে মূল্যহীন...সেইচাম মানুহে  সমাজ খন  নিজ দৃষ্টিৰেই পৰিচালিত কৰিব বিচাৰে।

ইয়াৰে  উদাহৰণ  স্বৰূপ  বৰ্তমানেও  সমাজত ঘটি থকা  ঘটনাৰাজী। আজিও  শিক্ষিত সমাজত এনে বহু শিক্ষিতৰ নামত এচাম মানুহ আছে  যি  টকা-পইচাৰ বাবে  যিকোনো অমানৱীয় কাম কৰে। মানুহে  যিদৰে  '  পাৰে  যে  বৰ্তমান  এগৰাকী  জীয়ৰীয়ে  বোৱাৰী  অৱস্থাতে  স্বামী গৃহত  জীয়ৰী  মৰ্য্যাদা  পায়। তাৰে  কিন্তু  ৭০%  মানুহে  বৰ্তমানেও  নিজ  জীয়ৰী  আৰু  বোৱাৰী  মাজত  ভেদা ভেদ ৰাখিছে  যাৰ  ফলশ্ৰুতিতে  চাগৈ আমাৰ  সমাজৰে  আমাৰ চকুৰ  সন্মুখতে এক দুৰাৰোগ্য ৰোগত  স্বামীৰ  মৃত্যু হোৱাৰ  পাছৰে পৰা   তিনিদিনৰ দিনাই পত্নী গৰাকী তথা  কণমানি  এবছৰীয়া  'ৰাটি  যি  বৰ্তমানেও অবুজ  শিশু। স্বামী তথা পিতৃগৃহ এৰিব লগা 'ল; কি দোষ আছিল সেই তিৰোতা গৰাকীৰ তথা কনমানিটোৰ। মানুহবোৰ সঁচাই সুযোগসন্ধানী; কিদৰে মানুহক মানসিক,শাৰীৰিক আঘাত হানিব পাৰে  মাথোঁ সেই কথাকে চিন্তি থাকে। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে  সেইসকলে  যিকোনো কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। বহু ক্ষেত্ৰত যৌতুকৰ বাবেও  বোৱাৰী গৰাকীক  মানসিক, শাৰীৰিক হাৰাশাস্তি কৰাও বৰ্তমানে পৰিলক্ষিত হয়।

সমাজ খনত যি সময়লৈকে মানুহৰ মানসিকতা সলনি নহব; সমাজ খন নিকা 'হব।

সকলোলৈ মাত্ৰ এটি অনুৰোধ মানসিকতাৰ পৰিৱৰ্তন কৰক....'হলে কোনে জানে আজি যি পৰিস্থিতিৰ মুখলৈ আপোনসৱে নিজ বোৱাৰী তথা কনমানিটোৰ লগত কৰিছে তেনে পৰিস্থিতি যদিহে আপোনাসৱেও সন্মুখীন ' লাগে।

মৰম,স্নেহ,একতাৰ এনাজৰীৰে  সৰ্ম্পকবোৰ ধৰি ৰাখক  প্ৰতিদিনে  তেতিয়াহে  এখন  সুস্থ,নিকা  অপৰাধ মুক্ত সমাজ গঢ় লৈ উঠিব।

No comments