Breaking News

আশা:এক চালিকা শক্তি

আশা:এক চালিকা শক্তি
 নৱ ডেকা


কবিৰ ভাষাত…
জীৱন গছৰ পুলি
নৰ সি ফুলৰ মালী
আশা তাৰ সঞ্জীৱনী পানী
ন'হলে ফুলনিডৰা ক্ষন্তেকতে জয়ঁ পৰা
নাই তাৰ একোৱে মোহিনী 

ফুল আৰু তাৰ গছ ভাল নোপোৱা মানুহ পৃথিৱীত নোলাব কিজানি। ফুল সৌন্দৰ্যৰ আকৰে নহয় ই বংশ বৃদ্ধি মূল সমল, সৌৰভৰ উৎস,আৰু পূজা- পাৰ্বনৰ অন্যতম উপাদান। ফুলৰ সৌন্দৰ্য আৰু মনমতলীয়া সৌৰভৰ বাবেই মানুহৰ মাজত সমাদৃত। তেনে আলফুলীয়া ফুলপাহ যথোপযুক্ত আপদালৰ অভাৱত ক্ষন্তেকতে জয়ঁ পৰি যাব পাৰে। পানী যিহেতু প্ৰানীৰ প্ৰাণ। যথাসময়ত পানী আৰু উপযুক্ত প্ৰতিপালন গছ জোপা বাবে হৈ পৰে সঞ্জীৱনী সুধা, অথাৎ আশা। এই আশা উদ্ভিদ জগতৰ ক্ষেত্ৰত যিমান ফলপ্ৰসু ঠিক একেদৰে প্ৰাণীজগতৰ ক্ষেত্ৰতো।

উপভোগ্যৰ ৰম্যভূমিত প্ৰতিনিয়ত বিচলন কৰি জীৱনটো উদ্ যাপন কৰাই সম্ভৱপৰ সকলো মানুহৰ আশা-আকাংক্ষা। এশ-এবুৰি আশাই বুকুৰ চুবুৰীত মিতিৰালি পাতি অহৰ্নিশে জিৰণি ল'ব বিচাৰে শান্তিৰ তপোবনত। আশাৰ চাতুৰ্যতা যিমানেই প্ৰখৰ হয় জীৱনৰ মোহনীয়তা সিমানেই গভীৰৰ পৰা গভীৰতম হয়।  প্ৰাচুৰ্যৰ টোকাল-টঁকা বানে জীৱন নদীৰ দুয়োটি পাৰ ৰূপ মাধুৰ্যৰে প্লাৱিত কৰাত ব্যস্ত হৈ পৰে। ৰূপোৱালী জীৱনটোক সোণোৱালী সূতাৰে গাঁঠিবলৈ সম্ভৱ সকলো প্ৰয়াসক তিলমাত্ৰও ক্ৰুটি নকৰে। কাংক্ষিত ফল পূৰণৰ বাবে আহোপুৰুষাৰ্থ কৰি যায় অহৰ্নিশে । মুঠ-মাঠ কৰি ক'ব পাৰি, কচুপাতৰ পানী সদৃশ ক্ষন্তেকীয়া জীৱনটোক সময়ৰ বালিত খোজ পেলাই থৈ যাব বিচাৰে চিৰদিনৰ বাবে, অনন্ত কালৰ বাবে। কোনোবাই যেনিবা হিমালয় সদৃশ ধন দৌলতেৰে, কোনোবাই যেনিবা ওৱাদানি জ্ঞান অন্বেষণেৰে, কোনোবাই যেনিবা প্ৰজ্ঞাৰ সাধনাৰে, কোনোবাই যেনিবা আকাশলংঘী প্ৰযুক্তিৰ বিকাশেৰে, কোনোবাই যেনিবা আধ্যাত্মিকতাৰ পৰম উৎকৰ্ষতাৰে, আৰু কোনোবাই ইত্যাদি, ইত্যাদি।

সকলোৱে স্বকীয় গুণ গৰিমাৰে মহিমামণ্ডিত হৈ উন্নতিৰ বিজয়ী ধ্বজা উৰুৱাব খোজে নিজস্ব ধ্যান-ধাৰণ চোতালত।

“মনে সন্দা পুখুৰীত গা ধুব নাপায়” বুলি এষাৰ কথা আছে। মনে বিচৰা ধৰণে সকলো হ'লে এক কথাত পৃথিৱীখন শান্তিৰ আলয় হ'ল হয়। আশাবোৰ সংপৃক্ত হ'ল হয়।আশাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থিত নিৰাশাবাদী অসুৰটোক দূৰ দিগন্তলৈ খেদি পঠিয়ালে হয়। জীৱনটো মধুময় হ'ল হয়। কিন্তু বাস্তৱত সেয়া এশ শতাংশ হৈ নুঠে। জীৱনটো হৈ পৰে প্ৰহেলিকাময়। মনে সন্দা পুখুৰীৰ পৰিবৰ্তে হতাশাগ্ৰস্ততাৰ আহল-বহল পুখুৰীতহে নিতে গা ধুব লগাত পৰে। ইতিবাচক চিন্তাৰ দেউলত পুৰাতন টাটৰি বান্ধে। অন্তঃসাৰশূন্য হয় সামগ্ৰীক মানৱীয় সত্ত্বা। পথ এৰি বিপথে চালিত হব ল'গাত পৰে জীৱন ৰথৰ চকৰি।

আশাৰ কোনো ব্যাকৰণ নাই, কোনো সূত্ৰৰ আওতাতো নাহে। আশাৰ পৰিধি দিগন্তব্যপী।পূৰ্ণপ্ৰাপ্তি আশাৰ বুকুতে পোখা মেলে হয় হেজাৰ-বিজাৰ ন-ন আশাৰ কুঁহিপাতে। আশাৰ শেষ নাই। অত্যুগ্ৰ আশাই যিদৰে জীৱনটোক এন্ধাৰৰ সৰোবৰত ডুবিবলৈ বাধ্য কৰায় ঠিক একেদৰে পৰিমিত আশাই আকৌ ঘনঘোৰ তমসাৰ মাজতো প্ৰোজ্জ্বল সপোন ৰচিবলৈ শিকায়। গতিকে আশাক আমি পোহৰৰ লগত তুলনা কৰিব পাৰোঁ। পোহৰে যিদৰে এন্ধাৰৰ সেওঁতা ফালি জ্যোতিৰ্ময় কৰে চতুৰ্দিশ, আলোকৰ মেলা পাতে। ঠিক একেদৰে আশাৰ গণ্ডীয়ে পৰিসীমাৰ মাজত বিচৰণ কৰিলে সোণালী ফচল হৈ পৰে প্ৰহেলিকা সদৃশ জীৱন। আনহাতেদি তীক্ষ্ণ পোহৰে চকু চাট মাৰি ধৰি অন্ধ কৰাৰ দৰে আশাতীত আশাই জীৱনটো অন্ধ কৰি পেলায় সমুলাঞ্চে। জ্ঞানীজনে সেয়েহে আঠুৱা চাই ঠেং মেলাৰ যত্ন কৰে আৰু আশাক জীৱনৰ চালিকা শক্তি হিচাপে সদ্-ব্যৱহাৰ কৰাত অকনো কাৰ্পণ্য কৰা দেখা নাযায় ওৰেটো জীৱনে।

উল্লেখনীয় যে মানুহ আশাধাৰী জীৱ। সকলো মানুহে আশাত বন্দী আৰু সকলোতে দেখোন আশা।

আশা শেষ মানে সমস্ত শেষ।

আশা থকা বাবে এই পৃথিৱীখন সজীৱ প্ৰাণৱন্ত হৈ আছে। সদ্যোজাত নৱজাতকৰ পৰা আৰম্ভ কৰি মৃত্যু দুৱাৰদলিৰ ক্ষণ গণি থকা মুমূৰ্ষু ব্যক্তি লৈ সকলোৱে আশাক কেন্দ্ৰ কৰি জীৱন বৃত্তৰ পৰিধিত ভ্ৰমণ কৰি থাকে। আনকি মৃত্যুৰ পিছতো পুনৰ জন্মৰ আশা এটা পুহি ৰখা দেখা যায়। প্ৰণিধানযোগ্য যে আশা-আকাংক্ষা আমাৰ গাৰ ছাঁৰ দৰে সততে বিৰাজমান। গতিকে আকাশলংঘী আশা নকৰি পৰিমিত আশাৰে জীৱনৰ পদূলিত সুখৰ এগছি বন্তি জ্বলাওঁ আহক।

 

No comments