বেল
বেলঃ
বেল (ইংৰাজীত Wood apple, Bael) এবিধ ফল ৷ বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।
বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল। কেঁচা অৱস্থাত সেউজীয়া বৰণৰ হয় আৰু পকিলে হালধীয়া বৰণ ধৰে। গছজোপা জোপোহা আৰু কিছু ওখ হয়।
বেলৰ ফলৰ প্ৰতি ১০০ গ্ৰামৰ
খাদ্যগুণ -
পানী - ৬৯.৫ গ্ৰাম
প্ৰটিন- ৭.৩ গ্ৰাম
চৰ্বী- ০.৬ গ্ৰাম
আঁহ - ৫.২ গ্ৰাম
শৰ্কৰা - ১৫.৫ গ্ৰাম
কেলছিয়াম - ০.১১ গ্ৰাম
ফছফৰাছ - ০.১৩ গ্ৰাম
লৌহ পদাৰ্থ - ০.৬ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'খ' - ০.৮ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'গ' - ৩মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'ক' - ৬১ মাইক্ৰগ্ৰাম
শক্তি (কেলৰি) - ৯৭ কেল
বেলৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন:
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
উপপৰিয়াল: Aurantioideae
গোত্ৰ: Clauseneae
গণ: Aegle Corrêa
প্ৰজাতি: A. marmelos
বৈজ্ঞানিক নাম: Aegle
marmelos (L.) Corr.Serr.
ঔষধি গুণ:
বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে
ব্যৱহাৰ কৰিব পাৰি। ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে। Peptic
Ulcer, Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে। ই পায়খানা খোলোচা ৰাখে। বেল পাতৰ
ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি। আধা পকা বেল গ্ৰহণী বা পুৰণা
(cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ।
(সংগৃহীত)
No comments