Breaking News

শিশুৰ বিকাশত আমাৰ কৰণীয়

শিশুৰ বিকাশত আমাৰ কৰণীয়
পৰিস্মিতা বৰা


আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। এই শিশুসকলৰ সুস্থ বিকাশেই হৈছে মানৱ জাতিৰ উত্তৰণৰ আধাৰগতিকে এটি শিশুক সুনাগৰিক কৰি তুলিবলৈ হলে শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক ইত্যাদিৰ বিকাশৰ ক্ষেত্রত গুৰুত্ব দিব লাগিব আৰু এই ক্ষেত্রত পিতৃ-মাতৃ তথা পৰিয়ালৰ ভূমিকা অপৰিসীম

শিশুৰ শিক্ষাৰ প্রথম খোজটি আৰম্ভ হয় ঘৰখনৰ পৰামাতৃগৰাকী হৈছে আদি গুৰু। গতিকে এটি শিশুক জন্ম দিয়াৰ পৰা আৰম্ভ কৰি সুনাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব মাতৃগৰাকীৰযিহেতু শিশুটিৰ একেবাৰে ওচৰৰ মানুহগৰাকীয়েই হৈছে মাতৃগৰাকী গতিকে সন্তানতিৰ উন্নতি -অবনতি এই সকলোবিলাক  মাতৃগৰাকীৰ ওপৰতে ভালেখিনি নিৰ্ভৰ কৰেদ্বিতীয়তে, দেউতাকৰ লগতে পৰিয়ালৰ আন সদস্য সকলৰ ভূমিকাও অনস্বিকাৰ্যশিশুৰ দৈহিক আৰু মানসিক প্রয়োজন পূৰণৰ ক্ষেত্রত পিতৃ-মাতৃ দুয়োজনেই দৃষ্টি দিব লাগিবএই বয়সত দৈহিক সঞ্চালনৰ বাবে খেল ধেমালীৰ খুবেই প্রয়োজনএখন ঘৰৰ পৰিবেশেও এটি  শিশুৰ মনত যথেষ্ট  প্রভাৱ পেলায়, গতিকে ঘৰখনৰ পৰিবেশ সুস্থ সবল কৰি ৰখাতো পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্য সকলৰ ভূমিকা অপৰিসীম। যিহেতু শিশু অবস্থাত মন বিলাক অতি ঠুনুকা আৰু সংবেদনশীল হয়, গতিকে মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে মৰম, চেনেহ, স্বাধীনতা, আবেগিক নিৰাপত্তাও প্রদান কৰিব লাগিব।

শিশু সকলে মাক-দেউতাক, পৰিয়ালৰ সদস্যসকলৰ কথা বতৰা, কাৰ্য্যকলাপ অনুকৰণ কৰি ভাল পায় গতিকে শিশুটিৰ আগত কথা কওঁতে, যিকোনো কাম কৰোতে সাবধান হোৱা উচিত যাতে সি কোনো বেয়া অভ্যাস শিকিব নোৱাৰে।

শিশুৰ সুস্থ ব্যক্তিত্ব বিকাশত বিদ্যালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এজন  শিক্ষকে শিশুৰ মনস্ততক বুজিবলৈ  চেষ্টা কৰা উচিত আৰু বন্ধুভাবেৰে, সহানুভূতিৰে তেঁওলোকক শিক্ষা দিব লাগেঅত্যধিক অনুশাসন, আনৰ  লগত তুলনা ইত্যাদিয়ে  শিশুৰ মনত বিৰূপ প্রভাৱ পেলায়

শিশুটিক আধ্যাত্মিক শিক্ষা দিয়াটোও প্রয়োজন। পুৱা, গধূলি শিশুটিক প্রাৰ্থনা কৰিবলৈ শিকাব লাগেপ্রাৰ্থনাই মনটো স্থিৰ কৰি ৰখাৰ ওপৰিও আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰেখেল ধেমালী, নৃত্যগীতৰ প্রতিও আগ্রহি কৰি তুলিব লাগে মহৎলোকৰ জীৱনী সমূহ পঢ়ি শুনাব লাগে আৰু তেওলোককো পঢ়িবলৈ উৎসাহ যোগাব লাগেএই জীৱনী সমূহে তেওঁলোকৰ জীৱনৰ বুনিয়াদ গঢ়াত যথেষ্ট সহায় কৰেদয়া, ক্ষমা, সততা, নিয়মানুবৰ্তিতা আদি চাৰিত্রিক গুণাৱলীসমূহৰ বিষয়ে পিতৃ-মাতৃয়ে শিক্ষা দিব লাগে

বৰ্তমান শিশুসকল অত্যধিক 'বাইলৰ প্রতি আসক্ত হোৱা দেখা গৈছেএই আসক্তিয়ে শিশুটিৰ কোমল মনত বিৰূপ প্রভাৱ পেলোৱাৰ লগতে অনাগত ভবিষ্যত জীৱনটো যথেষ্ট প্রভাৱ পেলায়গতিকে এই ক্ষেত্রত পিতৃ-মাতৃ সজাগ হোৱাটো বাঞ্ছনীয়শিশুটি বিদ্যালয়লৈ যোৱাৰ লগে লগে সমনীয়া 'ৰা-ছোৱালীৰ লগত, শিক্ষক- শিক্ষয়েত্রীৰ লগত পৰিচয় ঘটে আৰু ক্রমান্নয়ে সামাজিক পৰিবেশৰ পৰিসৰ বৃদ্ধি হবলৈ ধৰে, এই সামাজিক পৰিবেশেও শিশুটিৰ বিকাশত যথেষ্ট প্রভাৱ পেলায়

মুঠতে, শিশুটিৰ পূৰ্ণ বিকাশৰ বাবে পিতৃ-মাতৃ, ঘৰখন তথা সমাজখনৰ সঠিক পথ প্রদৰ্শনৰ দায়িত্ব অপৰিসীমতেতিয়াহে সুস্থ -সবল সমাজ গঠন 'ব।

No comments