সময়ৰ ব্যৱহাৰ
সময়ৰ ব্যৱহাৰ
দিবাকৰ ৰেণু
আমি সময় আৰু ব্যস্ততাৰ বিষয়ে যিকোনো কথাতেই আলোচনা কৰোঁ।সময় আচলতে এনে এটি সত্য যি পুনৰ ঘূৰি নাহে।এবাৰ ওলাই যোৱাৰ পিছত সময় হৈ পৰে ইতিহাস।এই মুহূৰ্তত আপোনালোকে এই লেখাটোৰ সৈতে গতি কৰি আছে,যিটো গতি এই লেখাটো নপঢ়াকৈও কৰি থাকিবই লাগিব।আপোনাক জোৰপূৰ্বক সময়ৰ আগত বা পিছত ৰাখিব নোৱাৰো।আমি নিজেও গতি কৰি আছোঁ,সময়ৰ সৈতে।এই সময়খিনিত মই আন এটা কামত ব্যস্ত থাকিলোঁহেতেন।কিন্তু এই মুহূৰ্তত মই এই লেখাটো লিখি আছোঁ ,,আপোনালোকে পঢ়ালৈকে সেইয়া অতীত হৈ যাব।লেখাটো লিখি উঠাৰ পিছতেই মইও অতীত হৈ যাব পাৰোঁ ! আচলতে বৰ্তমান ইমানেই দ্ৰুত বেগী যে আমি প্ৰতিটো মুহুৰ্ততে অতীতহে পাওঁ ।সেয়ে অতীত আমাৰ বাবে সোণালী।আমাৰ শৈশৱ কালটোক আমি অতি বিমুগ্ধতাৰে বুকুত সাৱতি ৰাখোঁ,শৈশৱৰ ফটো এখন চাবলৈ আনতকৈ নিজৰ উৎসুকতা বাঢ়ে।এই আটাইবিলাক আমাৰ মনস্তত্ত্বাতিক কথা।কিন্তু সময়ক আমি সঠিক মূল্যায়ণ কৰিব পাৰিছোঁ জানোঁ ।আমি কোন খিনি সময় কেনেকৈ পাৰ কৰিছোঁ---বেছি ভাগ সময় নিঃচৰ্ত ভাৱে আনৰ বাবেই খৰচ কৰিছোঁ,কিন্তু হিতৰ বাবে নহয় অহিতৰ বাবেহে।পৰচৰ্চা,পৰশ্ৰিকাতৰতাৰেই আমি অধিক সময় নষ্ট কৰিছোঁ ।
আপোনালোকে এটা কাম কৰিব পাৰে, সময়ক জুখিবৰ বাবে---প্ৰতিটো সপ্তাহৰ বাবে সাতটাকৈ শিল আপুনি দুটা পাত্ৰত ৰখা ব্যৱস্থা কৰিব।এটাত সময়ৰ সৎব্যৱহাৰ আৰু আনটোত অসৎ ব্যৱহাৰ হিচাপ কৰি অতি নিৰ্দোষিতাৰে জমা কৰিবচোন।এইয়া একান্ত ব্যক্তিগত ভাৱে কৰিব।তেতিয়া ফাঁকি দিয়াৰ কথা নাহিবই।সপ্তাহৰ অন্তিম দিনা ক'ত কিমানটা শিল জমা হ'ল চাব।দেখিব এনে কৰাৰ ফলত আপোনাৰ সময়ৰ সৎ ব্যৱহাৰ কৰা ভাগৰ পাত্ৰত বেছিকৈ শিল জমা হোৱা আৰম্ভ হ'ব।কাৰণ আমি আমাৰ বিচাৰক নিজেই।নিজেই আমি জানো আমাক। সেয়ে এই হিচাপটো ভুল নহ'ব।
বিশ্বৰ মনীষী সকলৰ কোনো এজনেও সময় অপব্যয় কৰা নাছিল।সেয়ে অতি কম বয়সতেই বহু বিখ্যাত কবি আৰু বৈজ্ঞানিকে আমাক অনেক অমূল্য সম্পদ দি থৈ যাব পাৰিছে।সময়ৰ লগত লক্ষ্য আৰু উদ্দেশ্য অতি গুৰুত্বপূৰ্ণ।লক্ষ্য যদি পশ্চাদগামী হয়,উদ্দেশ্য যদি অসৎ হয়,তেওঁৰ সময়ৰ ব্যৱহাৰকলৈ কি আহে বা কি যায়।এইখিনিতেই উল্লেখযোগ্য যে ব্যক্তিচিন্তা বিষয়ক লক্ষ্য উদ্দেশ্য হ'ল আটাইতকৈ নিম্ন কাৰ্য।সেই নিম্ন লক্ষ্য লোৱাটো মানৱ জীৱনধাৰী হিচাপে অন্যায়।আমাৰ লক্ষ্য যিমানে ডাঙৰ হ'ব ,আমি সফলতাৰ বাটো সোনকালে দেখিম।এঠাইত খান্দিলেহে পানী ওলাই।সেয়ে হে উত্তৰ পুৰুষ,সমাজৰ হিতৰ বাবে,মানুহৰ হিতৰ বাবে,প্ৰানী আৰু উদ্ভিদ জগতৰ হিতৰ বাবে আমাৰ অমূল্য সম্পদক ব্যৱহাৰ কৰোঁ আহক।এনে কাৰ্য কৰোঁতে আপুনি অনেক বাধা পাব,অনেক ঠাট্টা বিদ্ৰুপৰ সন্মুখীন হ'ব ।কিন্তু নিজেই শুদ্ধ হৈ থাকিলে আপুনি কেতিয়াও লক্ষ্যৰ পৰা বিচলিত হ'ব নোৱাৰিব।মানৱজীৱনটো অতি সুন্দৰ জীৱন সৎ,সাহস আৰু সাদাচাৰেৰে আগুৱাই গৈ এই জীৱন সফল কৰক।
No comments