Monday, January 11, 2021

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেল ধেমালি আৰু বিভিন্ন মেলাসমূহ

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেল ধেমালি আৰু বিভিন্ন মেলাসমূহঃ


বুলবুলি
চৰাইৰ যুঁজঃ
অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয় কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে

ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয় উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়

এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাছনি কৰা হয় যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয় সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয় যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়

বৰ্তমান বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজো অঞ্চলত (বিশেষকৈ সোণাৰীটোলা আৰু ভৰালীটোলা গাঁও) প্ৰচলিত হোৱা দেখা যায় অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়

' যুঁজঃ
মাঘ বিহুৰ সময়ত ' যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায় এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায় আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল

মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা 'হবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি সাজু কৰোৱা হয় ' যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এউ খেল উপভোগ কৰে

মাঘ বিহুৰ ' যুঁজত দুবিধ ভিন্ন জাতিৰ 'হে অংশগ্ৰহণ কৰা দেখা যায়- অসমীয়া আৰু আদৰাঙী (mixed origin) অসমীয়া 'হৰ শিংযোৰ মেলাহি (wide mouthed), কপাল বহল আৰু অৱয়ব ডাঙৰ ইহঁতে প্ৰতিপক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো ডাঙি ফেৰ পাতে গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত সানিবলৈ চেষ্টা কৰে কিন্তু ইহঁতে বেছি সময় নুযুঁজে

আনহাতে আদৰাঙী 'হে বহুসময় যুঁজি থাকিব পাৰে ইহঁতৰ শিংযোৰ ঘূৰণীয়া ইহঁতে ইটোৱে সিটোক গলধনত আঘাত হানিবলৈ চেষ্টা কৰে এই যুঁজক উজনি অসমত 'কাপ যুঁজ' বুলি কোৱা হয়

'হে যুঁজোতে চকু দুটা মুদি লয় যুঁজত এবাৰ হৰা 'হে জাকত চৰোতে পুনৰ অন্য 'হৰ লগত নুযুঁজে

নাওখেলঃ
প্ৰাচীন কালৰে পৰা যিবোৰ খেল অসমত প্ৰচলিত তাৰ ভিতৰত নাও খেল অন্যতম অসম এক নদীমাতৃক দেশ সেয়েহে পানীৰ লগত জড়িত খেলসমূহ অতিপুৰণি ইয়াৰ ভিতৰত নৌকা চালনা মুখ্য পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশে পাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰৰ অনুদান আৰু সত্ৰীয়া কাকত-দলিলসমূহেও তাকে প্ৰমাণ কৰে বৰ্তমানেও নাওখেল অত্য়ন্ত জনপ্ৰিয় খেল বিশেষত বৰ্তমান সংবাদ মাধ্যমৰ প্ৰচাৰৰ ফলত বহুলভাৱে প্ৰসাৰ পাইছে নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে এইখেলে বৰ্তমান এক প্ৰতিযোগিতামুলক সৰ্বজনীন ৰূপ লৈছে বিহূ আৰু দুৰ্গা পূজা দুয়ো উৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠান পতা হয় নামনি অসমৰ নৈ-উপনৈসমূহ এক ৰঙীন ৰূপ লয় এই নাওখেলৰ নাওসমূহ সাধাৰণ নাওতকৈ দীঘল আৰু ভিন্ন প্ৰতীক আৰু ৰংবিশিষ্ট নাওখেলৰ লগত জড়িত আন এক লোকাচাৰ হৈছে নাওখেলৰ গীতসমূহ ইয়াকে নাৱৰীয়া গীত বোলে এই গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় অসমৰ লোকসংস্কৃতিৰ এক অন্যতম উপাদান

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন মেলাসমূহঃ
জোনবিল
মেলাঃ
অসমৰ
এটা অতি আকৰ্ষণীয় উৎসৱ ' জোনবিল মেলা মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা

জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয় সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয় মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয় সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায় ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে

উৰুচ মেলাঃ
ভোগালী বিহু উপলক্ষে এই মেলা হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হয়

মাঘী মেলাঃ
মাঘ
বিহুৰ বা মাঘী পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত সমূহীয়াভাৱে নাম পালন কৰা হয় উদাহৰণস্বৰূপে, বৰপেটা জিলাৰ বাংলীপাৰা অঞ্চলত মাঘী পূৰ্ণিমাৰ বিশাল আয়োজন কৰা হয় মাঘৰ বিহূৰ এই অংশ বৈষ্ণ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ইয়াৰ লগত সংগতি ৰাখি মেলাৰো আয়োজন কৰা হয়
(সংগৃহীত)

No comments:

Post a Comment

Popular