মানুহ বেছি হোৱা মানেই সভাবোৰ সফল নেকি?
মানুহ বেছি হোৱা মানেই সভাবোৰ সফল নেকি?
✍ ধীৰেণ শইকীয়া
বিগত কেইবা বছৰৰ পৰাই সভাবোৰলৈ মানুহৰ এলাৰ্জি বৃদ্ধি পাইছে। সেয়েহে সভা এখনলৈ আশা কৰাধৰণে মানুহ নহাৰ আশংকাই সৰ্বাধিক, তথাপি বহু সভালৈ মানুহ হিল-দল ভাঙি অহাও দেখা যায়, এইবোৰ দেখি কবলৈ মন যায়ঃ সভাবোৰ হৈছে এক গেমপ্লেন, ই সিদ্ধান্ত নিদিলেও মতামত এটা বিতৰণৰ দিশত সভাৰ সমকক্ষ একো নাই। পিছে সেইবুলি সভা এখনলৈ মানুহ বেছি অহা দেখিলেই মানুহবোৰ সভাৰ পক্ষত আছে বা সভাৰ সমৰ্থক বুলি ভবাটোও বহু সময়ত শুদ্ধ নহয় বুলি পৰিগনিত হয়। ‘মানুহবোৰ সভালৈ আহে কিয়’ এই বিষয়ে এক গৱেষণাত প্ৰকাশ আছে যে, সময় অধিক থাকিলে, কি হৈছে চাও বুলি, টিভিৰ কেমেৰাত বা মোবাইলত ছেলফি উঠিবলৈও মানুহবোৰ সভালৈ আহে। ইয়াৰোপৰি ৰিফ্ৰেছমেণ্টৰ লোভত, কাৰ্যালয় বন্ধ বাৰ বাবে নতুবা সভা এখনলৈ অহাৰ বিবিধ সা-সুবিধা পালে বা সভাৰ পক্ষত থাকিও বহুতে এনেদৰে সভালৈ মানুহ আহে। বহু সময়ত জাতীয় সমস্যা এটাই সকলোৰে অন্তৰাত্মাত আঘাট হানিলে তাৰ প্ৰভাৱত পৰিও তেনে সভালৈ হিল দল ভাঙি মানুহ আহে। পিছে যিকোনো লোকেই সভা এখনলৈ দৰ্শক, শ্ৰোতা গ’লেই মানুহবোৰে সভাৰ দৰ্শক শ্ৰোতাক সভাৰ পক্ষত থকা বুলি ভবাটোও বহু সময়ত শুদ্ধ নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন, অসম সাহিত্য সভা বা অসমৰ বিবিধ স্থানত হোৱা গ্ৰন্থমেলাসমূহ বা ভ্ৰাম্যমানৰ নাটক চাবলৈও মানুহ নধৰা হোৱা দেখিছো, পিছে এইবোৰ মানুহৰ কেইজন ক্ৰমে শংকৰ সংঘৰ সংগী, সাহিত্য চৰ্চা কৰা লোক, গ্ৰন্থমেলাৰ পৰা কিতাপ কিনা লোক বা ভ্ৰাম্যমানৰ নাটক ভাল পাই উৎসাহী মন লৈ উভতা লোক সহজে অনুমেয়। গতিকে যি কোনো সভালৈ মানুহ বেছি যোৱা দেখিলেই মানুহবোৰ সভাৰ পক্ষত বুলি ভবাটোও বহু সময়ত শুদ্ধ নহয় বুলি পৰিগনিত হৈ আহিছে।
সভাবোৰ হৈছে এটা আদৰ্শ বিতৰণৰহে মাধ্যম। A meeting is an idea or thinking distribution media, it never give final judgement us. But always we take it as final judgement। বিহুৰ ফাংচন এখনলৈও হিল দল ভাঙি মানুহ যায়, পিছে কেইজনে তাত পৰিকল্পিতভাবে সুস্থিৰে বহি কলাত্মক ভাবে বিহুৰ ফাংচন উপভোগৰ সুবিধা পায়, তথাপি মানুহবোৰ যায় তালৈ কেইবাটাও কাৰণত (১) মানসিক সকাহ বিছাৰি (২) বন্ধ বাৰ বুলি (৩) সময় কটাও বুলি (৪) কোনোবা নিৰ্দিষ্ট গায়ক আহিব বুলি (৫) ওচৰৰ ফাংচন বুলি (৬) প্ৰায়বোৰকে তালৈ যোৱা দেখি আৰু (৭) সকলোতে ফাংচন কেন্দ্ৰিক পৰিবেশ এটা গঢ়ি উঠাৰ বাবে আদি কেইবাটাও কাৰণত বিহুৰ ফাংচন এখনলৈ হিল দল ভাঙি মানুহ যায়।
সভা এখনে সিদ্ধান্ত দিব নোৱাৰে, ই সিদ্ধান্ত লোৱাৰ পৰিৱেশ এটা ৰচনাহে কৰিব পাৰে। বিয়াগোম ৰাজনৈতিক নেতাৰ এনে ৰাজনৈতিক সভালৈ গলে অহা যোৱাৰ সা- সুবিধা পোৱাৰ ওপৰিও বহু সময়ত অৰ্থনৈতিক সা-সুবিধাও লাভ কৰাৰ খবৰ পোৱা যায়,পিছত দেখা যায় তেওঁ নিৰ্বাচনত পৰাজয় বৰণ কৰিলে,গতিকে সভালৈ মানুহ বেছি যোৱাটোকে সভাৰ পক্ষত বুলি ভবাটোও বহু সময়ত শুদ্ধ নহয়।
No comments