Breaking News

পৰিৱেশ অধ্যয়ন

পৰিৱেশ অধ্যয়নঃ

পৰিৱেশ অধ্যয়ন (Environmental studies) হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজৰ সমন্ধ সম্পৰ্কেও অধ্যয়ন কৰা হয় পৰিস্থিতিবিদ্যা (Ecology) আৰু পৰিৱেশ অধ্যয়ন (Environmental studies) এটাক আনটোৰ অনুৰূপ শব্দ বুলি কোৱা হয় যদিও প্ৰকৃততে পৰিস্থিতিবিদ্যা, পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত এক শৃঙ্খলাবদ্ধ ভাগ বৰ্তমান আধুনিক ধাৰণা মতে মানৱ সমাজৰ আৰ্থসামাজিক দিশটোকো পৰিৱেশ অধ্যয়নৰ লগতে সামৰি লোৱা হৈছে আমাৰ চাৰিওপিনে থকা সকলো জৈৱ আৰু অজৈৱ সম্পদবোৰ তথা সিহঁতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কই ' পৰিৱেশ অধ্যয়ন সেইবাবে সমাজবিজ্ঞানৰ পৰা আদি কৰি বিজ্ঞানৰ সকলোবোৰ ভাগ এই পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত বুলিব পাৰি

পৰিৱেশৰ প্ৰকাৰঃ
পৰিৱেশক দুই ধৰণে অধ্যয়ন কৰিব পাৰি প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ বায়ু,পানী,মাটি,অৰণ্য,বন্যপ্ৰাণী ইত্যাদিক লৈ প্ৰাকৃতিক পৰিৱেশ গঠিত আনহাতে পৰিৱেশ ক্ৰিয়া,ঘৰ-দুৱাৰ,প্ৰযুক্তি বিদ্যা,যাতায়ত,উপযোগিতা,সংস্থাপন ইত্যাদি লৈ মানৱ সৃষ্ট পৰিৱেশ গঠিত

পৰিৱেশৰ ভৌতিক উপাদানঃ
ভৌতিক
আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ হৈছে
(১) বায়ুমণ্ডল
(Atmosphere)
(২) জলমণ্ডল
(Hydrosphere)
(৩)
ভূমণ্ডল (Lithosphere)
(৪)
জীৱমণ্ডল (Biosphere)

বায়ুমণ্ডলঃ
পৃথিৱীৰ
উপৰিভাগত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে এই বায়ুমণ্ডলপ্ৰাধানকৈ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড,পানীআৰু কিছুমান নিষ্ক্ৰিয় গেছৰ দ্বাৰা গঠিত তলত এই উপাদান সমূহৰ শতকৰা অৱস্থিতি উল্লেখ কৰা

গেছ                                          শতাংশ
নাইট্ৰ
'জেন (N2)                        78.09
অক্সিজেন
(O2)                         20.94
কাৰ্বন
ডাই অক্সাইড (CO2)      .03
পানী
(H2O)                             1.00
নিষ্ক্ৰিয়
গেছ                               অতি কম পৰিমাণৰ

বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ চাৰিটা স্তৰত ভাগ কৰা হৈছে
(১)
ট্ৰপস্ফিয়াৰ
(২)
ষ্ট্ৰেটস্ফিয়াৰ
(৩)
মেচস্ফিয়াৰ
(৪)
আয়নস্ফিয়াৰ

ট্ৰপস্ফিয়াৰঃ
বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপস্ফিয়াৰ (Trposphere) বোলে বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয় ভূ-পৃষ্ঠৰ পৰা 11 kilometres (6.8 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপস্ফিয়াৰত পোৱা যায়

ষ্ট্ৰেটস্ফিয়াৰঃ
ট্ৰপস্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেটস্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো 50 kilometres (31 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে ট্ৰপস্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে কেৱল উষ্ণতা ১০°-২০°চে: গ্ৰে: লৈ বেছি হোৱা দেখা যায় এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে

মেচস্ফিয়াৰঃ
ষ্ট্ৰেটস্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচস্ফিয়াৰ (Mesosphere) আৰু ভূ-পৃষ্ঠৰ পৰা 85 kilometres (53 মাইল)লৈ বিস্তৃত এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে অজনৰ গাঢ়তা এই স্তৰত কম হয়

আয়নস্ফিয়াৰঃ
মেচস্ফিয়াৰৰ ওপৰত প্ৰায় 500 kilometres (310 মাইল) উচ্চতালৈ আয়নস্ফিয়াৰ (Ionosphere) বা থাৰ্ম'স্ফিয়াৰ (Thermosphere) স্তৰ বিস্তৃত আয়নস্ফিয়াৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে ষ্ণতাৰ পৰিমাণো বাঢ়ি যায়

জলমণ্ডলঃ
ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে জলমণ্ডলে পৃথিৱীৰ প্ৰায় ৭০% ঠাই অধিকাৰ কৰি আছে এই জলমণ্ডলত ঘটা যিকোনো পৰিৱৰ্তনে স্থলভাগৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ পেলায়

ভূমণ্ডলঃ
পৃথিৱীৰ খোলাটোৰ গোটা,শিলাময় ভাগটোক ভূমণ্ডল বোলে

জীৱমণ্ডলঃ
ভূ-পৃষ্ঠৰ উপৰিভাগৰ যিটো স্তৰত জীৱ সমূহ বিদ্যমান তাক জীৱমণ্ডল বোলে এই মণ্ডলটো ভূগোলকৰ ওপৰৰ এটা জৈৱিক আৱৰণ জীৱই কোনো কৃত্ৰিমতাৰ সহায় নোলোৱাকৈ জীয়াই থাকিব পাৰে পৰিৱেশৰ বিভিন্নতাৰ বাবে এই স্তৰটোত সৰল জীৱৰপৰা জটিল জীৱলৈ নানা ধৰণৰ জীৱই বাস কৰে

পৰিৱেশ অধ্যয়নৰ গুৰুত্বঃ
প্ৰকৃতি
আৰু প্ৰাকৃতিক সম্পদৰ সুসংৰক্ষণৰ বাবে পৰিৱেশ অধ্যয়ন অতি আৱশ্যকীয় পৰিৱেশত বাস কৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ জীৱন সাঙুৰ খাই থাকে সেয়েহে পৰিৱেশ বিজ্ঞানীৰ লগতে শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক, আইনজীৱী সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা পৰিৱেশক মজবুত কৰি ৰখা দৰকাৰ তাৰবাবে আমি তলৰ বিষয় কেইটাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন
-জনসাধাৰণৰ
মাজত সজাগতা,
-
শিক্ষাদানৰ বিভিন্ন স্তৰত পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্তিকৰণ,
-
স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা সজাগতা,
-
আইন প্ৰণয়ন
(সংগৃহীত)

No comments