Breaking News

অসমৰ খাজুৰাহোখ্যাত মদন কামদেৱ দেৱালয়

অসমৰ খাজুৰাহোখ্যাত মদন কামদেৱ দেৱালয়
(অতুলনীয় অন্তৰীপ ফেব্ৰুৱাৰী-২০২০ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)

সদানন্দ শইকীয়া, খান্দাজান,দৰং

ইতিহাস প্ৰসিদ্ধ শৈল ৰত্ন ভাণ্ডাৰ মদন কামদেৱ দেৱালয় কামৰূপ(গ্ৰাম্য) জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ নিলগত দেৱানগিৰি পাহাৰত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আৰু অসংখ্য শৈল স্থাপত্য, ভাস্কৰ্যৰে পৰিপূৰ্ণ এটা পৰ্যটন কেন্দ্ৰ অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেৱালয়খন ১৯৭১ চনত নিজৰ অধীনলৈ আনি পৰিচালনা কৰি আছে। ইয়ালৈ ভ্ৰমন সূচল সময় ' ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত। কিছু ইতিহাসবিদৰ মতে দশমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত আছিল মদন কামদেৱ দেৱালয়ৰ স্থাপত্য কলাৰ  সময়। পিছে অজান কাৰণত ত্ৰয়োদশ শতিকাৰ পৰা বহু শতিকা অটব্য হাবি জংঘলৰ মাজত লুকাই থকাৰ পিছত কুৰি শতিকাতহে পুনৰ মদন কামদেৱ দেৱালয়খন পুনৰ জনপ্ৰিয় হয়। মদন কামদেৱ দেৱালয়ৰ নিৰ্মাণ কাৰ্য পাল ৰাজবংশৰ অৱদান বুলি নিৰ্ণয় কৰা হয় যদিও কোন গৰাকী পাল ৰজাই কি উদ্দেশ্য কেতিয়া ইয়াক নিৰ্মাণ কৰিছিল সেইটো সঠিককৈ জনা নাযায়৷ আনকি জনা নাযায় কিয় আৰু কেতিয়া পৰিত্যক্ত অৱস্থালৈ পৰ্যবাসিত 'ল৷ দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। আচলতে ইয়াত ভগৱান শিৱৰহে আৰাধনা কৰা হয়৷ কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম 'ল। কিন্তু এইটোও সঠিক নহয়। প্ৰকৃততে মন্দিৰৰ গাত খোদিত আৰু চাৰিওপিনে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল। ইয়াৰোপৰি ইয়াত সিংহ,হাতী,বৰাহ,শিয়াল,কুকুৰ,ময়ুৰ আদিৰ মূৰ্তিও দেখা যায়। মন্দিৰটোৰ মূল গৃহত আলিংগনৰত উমা-মহেশ্বৰৰ মূৰ্তি দেখা যায়।লোকালয় বৰ্জিত এই ঠাইখনৰ বিষয়ে ইংৰাজ কেপ্টেইন টুইডডেই প্ৰথম লিখিছিল বুলি জনা যায়।

 

মদন কামদেৱ দেৱালয়ৰ পূন্য তীৰ্থ ভক্তৰ হৰিধ্বনিত সদায় ৰজনজনাই থাকে৷ প্ৰতিদিনেই নতুন নতুন ভক্তই ঈশ্বৰ উপাসনা কৰি ইয়াৰ অনুপম প্ৰাকৃতিক শোভাৰ মাজত মানসিক শান্তি লয়৷ বিশেষকৈ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটো বনভোজপ্ৰেমী ভক্তৰ পদাৰ্পণে গোটেই পৰিবেশটোৰেই সৌষ্ঠৱ বঢ়ায় টোলে৷ প্ৰধানতঃ ইয়াত শিৱ পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়৷ শিৱক ইয়াত দুটা ৰূপত উপাসনা কৰা হয় এটা শিৱৰ একক আৰু আনটো শিৱ পাৰ্বতীৰ যুগল ৰূপক উপাসনা কৰা হয়

 

মদন কামদেৱ দেৱালয়ত ১৯৭৭ চনত অসম চৰকাৰে প্ৰত্নতাত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু ১৯৮২ চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু বিশটাতকৈয়ো অধিক গাঁথনি আৱিষ্কাৰ কৰে। দেৱালয়ৰ মন্দিৰৰ বেৰত বহু মৈথুনৰত পুৰুষ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চাৰিওপিনে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য।  এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান।এইবোৰৰ নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ কৰাহে হৈছিল আৰু এইবোৰ সম্পূৰ্ণ নিখুঁট ভাবে খোদিত হৈছিল।

 

মদন কামদেৱ দেৱালয়ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা আটকধুনীয়া শিল্পসন্মত তোৰণে সকলো ভক্তৰে মনত ভক্তিৰ ভাব জগাই তোলে৷ মুল তোৰণৰ পৰা দেৱালয়ৰ বাকীখিনি পথৰ সেউজীয়া পৰিবেশে দেৱালয়খন সোণত সুৱগা চৰাইছে৷ ইয়াৰোপৰি, দেৱানগিৰি পাহাৰৰৰ শাৰী শাৰী শাল চেগুণৰ প্ৰাকৃতিক সৌন্দৰ্য্যই গোটেই দেৱালয়ৰ সৌষ্ঠৱ বঢ়াইছে৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ আৰু ঈশ্বৰ উপাসনাৰ উপযুক্ত ঠাই হিচাপে বৰ্তমান সময়ত প্ৰায়বোৰ মানুহেই মদন কামদেৱ দেৱালয়ক আগস্থান দিয়া পৰিলক্ষিত হৈছে

No comments