অপচয়, অপব্যয়ঃ ৰাষ্ট্ৰৰ উন্নয়নৰ বাধাৰ কাৰণ
অপচয়, অপব্যয়ঃ ৰাষ্ট্ৰৰ উন্নয়নৰ বাধাৰ কাৰণ
বিন্দু ৰাজবংশী কলিতা
পৃথিৱীৰ উন্নত দেশসমূহে দেশৰ সম্পদৰাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। আনকি সম্পদ অপচয় ৰোধ কৰিবৰ নিমিত্তে আইন কানুনৰো প্ৰচলন আছে। দুৰ্ভাগ্যজনক কথা এয়ে যে ভাৰতবৰ্ষত কিছুমান সম্পদ বা বস্তুক একেবাৰে মূল্যহীন বুলি গন্য কৰা হয়। আমাৰ দেশৰ বেছিভাগ মানুহেই সম্পদ অপচয় কৰাটো অতি সৰু কথা বুলি ভাবে। ইয়াৰ পৰা যে দেশৰ বা সমাজৰ ক্ষতি হব পাৰে সেই কথাটো অকনো নাভাবে। বিশেষকৈ পানী, বিদ্যুৎ, কাগজ আৰু খোৱা বস্তুৰ অপচয় মন কৰিবলগীয়া কথা। খোৱা বস্তুৰ অপচয় বৰ্তমান এটা ষ্টাইলত পৰিনত হৈছে। বিয়া বনভোজ, পাৰ্টি, ৰেষ্টুৰেণ্ট অথবা ঘৰ সকলোতে খোৱা বস্তুৰ আধা পেলনিত যায়। কাৰণ সেইবোৰৰ অপৰিমিত ব্যৱহাৰেই হৈছে অপচয়ৰ প্ৰধান কাৰণ। খোৱা বস্তু যাতে অপচয় নহয় তাৰ বাবে বুফে পদ্ধতি সূচনা কৰা হৈছে যদিও আমাৰ মানুহে সেই নিয়মৰ অৰ্থ নোহোৱা কৰি পেলাইছে।
ঠিক সেইদৰে পানীৰ ক্ষেত্ৰতো একেই দৃশ্য পৰিলক্ষিত হয়। চৰকাৰী নলা সমূহেৰে অহা পানীক বহুতেই ব্যবহাৰ নকৰে ফলত পানীৰ দুখলগা অপচয় দেখা যায়। আনহাতে বিয়া, সভা, চৰকাৰী-বেচৰকাৰী অন্যান্য মিটিংত ভোজ ভাত খাওতে অত্যাধিক পানী অপচয় কৰা হয়। উল্লেখযোগ্য যে “বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ”(Harvesting of rain water and Reuse of water) নীতি মানি চলা লোক কিমানজন ওলাব সেয়াও চিন্তনীয়। ভাৰতৰ দৰে জনবহুল দেশ এখনত বিদ্যুতৰ অপচয় সমূহেও দেশৰ ক্ষতি কৰি আছে। আজিকালি বিয়া বিহু বাদেই চৰকাৰী বেচৰকাৰী কাৰ্যালয়, দামী ব্যবসায়ীক প্ৰতিষ্ঠান ,কিম্বা পাৰ্ক অথবা বিভিন্ন মল ইত্যাদিত অত্যাধুনিক বিজুলী বাতিৰ বিলাসী প্ৰয়োগ দেখিবলৈ পোৱা যায়। অপ্ৰয়োজনত ফেন, লাইট জ্বলাই ৰাখি বহু পৰিমাণে অপব্যয় কৰি থাকে। বিদ্যুৎ হৈছে বৰ্তমান যুগৰ এটা অপৰিহাৰ্য অংগ। গতিকে অপচয় নকৰি সকলোৱে উপভোগ কৰিবৰ বাবে সচেতন হোৱা দৰ্কাৰ।কাগজৰ অপচয়ৰ ক্ষেত্ৰতো আমি সদায় অমনযোগি। বিভিন্ন অফিচ, কাচাৰীত সোমালে চাৰিওফালে দম বান্ধি ৰখা ফাইল সমূহৰ প্ৰতি নজৰ দিলেই অনুমান কৰিব পাৰি কিমান বাহৰ অপচয় কৰা হৈছে।
বৰ্তমান আমি অপ্ৰয়োজনীয় ভাবে অধিক ব্যয় কৰি আছো। কাৰণ ধনীক শ্ৰেণীৰ লোক সকলে অপচয়ক এটা বিলাসী জীৱনৰ মাধ্যম হিচাপে গঢ়ি তুলিছে। পিছে পিছে মধ্য বিত্ত আৰু দৰিদ্ৰ শ্ৰেনীৰ এচাম লোকে ও সেই পথতে অগ্ৰসৰ হৈছে। সাজপাৰ, প্ৰসাধন সামগ্ৰীৰ বেপাৰী সকলেও এই সুবিধাতে তেওঁলোকৰ মুনাফা আদায় কৰি আহিছে তাৰ ফলত সাধাৰণ লোকৰ ধনৰ অপচয় হৈ আছে।
বহুতো বিজ্ঞানীয়ে কৈ আছে যে আমাৰ ভূগৰ্ভত থকা ইন্ধন ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে।কিন্তু ইন্ধনৰ অপচয় কৰি আমি নিজৰ বিপদ নিজেই মাতি আছো। দেশত থকা শোধনাগাৰ, তৈলখাদ সমূহত প্ৰতিদিনে বৃহৎ পৰিমাণৰ টকাৰ প্ৰাকৃতিক গেচ জ্বলাই জ্বলাই অপচয় কৰা হৈছে। গেচ সংৰক্ষণ কৰি কিবা কামত লগাব পৰা চিন্তাচৰ্চা কৰা কিন্তু পৰিলক্ষিত হোৱা নাই। ইয়াৰ উপৰিও চৰকাৰী আচনি অথবা প্ৰকল্প সমূহ ৰূপায়নৰ নামত বহুতো ৰাজনৈতিক নেতা পুজিপতিয়ে বৃহৎ পুজিৰ বিনিয়োগৰ নামত আত্মস্যাৎ কৰা উদাহৰণ অনেক আছে। আনহাতে ৰাষ্ট্ৰযন্ত্ৰ পৰিচালনা কৰাৰ নামত যি নিৰ্বাচন অনুস্থিত কৰা হয় সেই নিৰ্বাচনৰ নামত কোটি কোটি টকাৰ অনিয়ন্ত্ৰিত অপব্যয় হোৱা দেখা যায়। একেদৰে শিক্ষা ব্যৱস্থাটোও বৰ্তমান বানিজ্যলৈ পৰিবৰ্তন হৈছে। এই ক্ষেত্ৰত ব্যক্তিগত মাধ্যমৰ বিদ্যালয় সমূহে লাখ লাখ টকা আদায় কৰি একাংশক শিক্ষা প্ৰদান কৰি আছে আৰু বহুতো মেধাবী চাত্ৰ-ছাত্ৰীয়ে টকাৰ অভাৱত সুবিধা পোৱা নাই। চৰকাৰে এনে বিদ্যালয় সমূহ নিয়ন্ত্ৰণৰ বিহিত ব্যৱস্থা লব লাগে আৰু চৰকাৰী বিদ্যালয়ৰ উন্নত শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে।
No comments