ভোট-জলকীয়া
ভোট-জলকীয়াঃ
ভোট-জলকীয়া এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচৰ ওচৰ সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই একপ্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া। ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।
২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ”ত স্থান লাভ কৰি ভোট-জলকীয়াই অসমত বিৰাজমান জৈৱবৈচিত্ৰ্যৰ ছবিখন বহিজগতৰ সমুখত পুনৰ দাঙি ধৰিলে। শ শ বছৰ আগৰেপৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ জলা জলকীয়া হিচাপে জনপ্ৰিয়৷ শেহতীয়াভাৱে ভোট-জলকীয়াৰ বিষয়ে বিখ্যাত “Time” আলোচনীতো বিশ্বৰ সবাতোকৈ জলা জলকীয়াৰূপে আলোচনা প্ৰকাশ হৈছে৷ “Time” আলোচনীখনত (২৫ জুন – ২জুলাই,২০০৭) প্ৰকাশিত ছাইমন ৰবিনছনৰ Chili Pepper: Global Warming নামৰ নিবন্ধত ভোট-জলকীয়াৰ গুণাগুণ,ব্যৱহাৰ আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ জনপ্ৰিয়তাৰ বিশদ বিৱৰণ প্ৰকাশ পাইছে। পকা ভোট-জলকীয়াত অতিমাত্ৰা কেপছেইছিন থকাৰ বাবে ইয়াক স্পৰ্শ কৰিলেই হাত ভমভমাই উঠে। নিউ মেক্সিকোত HPLC পদ্ধতিৰদ্বাৰা ভোট-জলকীয়াৰ জলা ১,০০১,৩০৪ SHU বুলি নিৰ্ণীত হোৱাৰ পাছতেই ১৯৯৪ চনৰপৰা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত খোপনি পোতা কেলিফ’ৰ্নিয়াৰ ৰেড ছাভিনাৰ (৫৭৭,০০০SHU)স্থান ভোট-জলকীয়াই দখল কৰিলে৷ ড° বছলেণ্ডে ভোট-জলকীয়াক অসমৰ থলুৱা জাত বুলিয়েই সদৰি কৰিছে৷ আন্ত:ৰাষ্ট্ৰীয় বীজৰ বজাৰত একো একোটা ভোট-জলকীয়া বীজৰ মূল্য প্ৰায় ২০টকা (১০টা গুটিৰ এটা পেকেটৰ মূল্য ৫ আমেৰিকান ডলাৰ) পৰ্যন্ত।
অসমত অঞ্চলভেদে ভোট-জলকীয়াক বিভিন্ন নামেৰে জনা যায়। যেনে – বিহ-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি৷ প্ৰতিটো নামেই অত্যধিক জলাৰ ইংগিত দিয়ে৷ আদিভূমি দক্ষিণ আমেৰিকাৰপৰা এই জলকীয়া বৰ্তমান বিশ্বৰ চুকে-কোণে বিস্তৃত হৈ আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল বিভিন্ন জলবায়ুত অতি সহজেই এই খেতি কৰিব পৰা যায়৷ নিউ মেক্সিকোৰ Chile Pepper Institute-অৰ সঞ্চালক ড° পল বছলেণ্ডৰ (Dr.Paul Bosland) দৃষ্টিত – “সম্ভৱতঃ ইয়েই আছিল বিশ্বৰ প্ৰথম বিশ্বায়িত উদ্ভিদ”(It was probably the very first plant that was globalized)৷ অসমত অঞ্চল আৰু বতৰভেদে ভোট-জলকীয়াৰ গোন্ধ আৰু জলাৰ পৰিমাণ কম-বেছি হোৱা দেখা যায়৷ ড° বছলেণ্ডে ভোট-জলকীয়াক প্ৰকৃতিতসৃষ্ট,অসমৰ থলুৱা,আন্ত:প্ৰজাতিৰ হাইব্ৰিড(Interspecific hybrid)বুলি উল্লেখ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদাঃ
নানান ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা যথেষ্ঠ বেছি৷ জলাৰ মাত্ৰা অত্যধিক বাবে অলিঅ’ৰেচিন কেপচিকাম (Oleoresin capsicum)
আৰু কেপছেইছিন উৎপাদনৰ বাবে অতি উপযুক্ত উৎস৷ শুকান ভোট-জলকীয়াৰ গাঢ় ৰঙা ছালখন ‘অলিঅ’ৰেছিন পেপৰিকা’ৰ (Oleoresin paprika) উপযুক্ত উৎস হিচাপেও ব্যৱহাৰ হয়৷ ভোট-জলকীয়াৰ চাহিদা বিশ্বৰ বজাৰত শুকান জলকীয়া (Whole dry pod), ফ্লেকছ (flakes) আৰু পাউদাৰ হিচাপেই অধিক। থাইলেণ্ড,ছিংগাপুৰ আদিত শুকান ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি।
No comments