Sunday, February 28, 2021

TET MCQ Test-2021-11 Sub:English

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam

TET MCQ Test-2021-11 Sub:English

TET MCQ Test-2021-10 Sub:Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam

TET MCQ Test-2021-10 Sub:Maths

Saturday, February 27, 2021

TET MCQ Test-2021-9 Sub: Assamese

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam


TET MCQ Test-2021-9 Sub: Assamese

TET MCQ Test-2021-8 Sub: English

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

  TET MCQ Test-2021-8 Sub: English

TET MCQ Test-2021-7 Sub: Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

 TET MCQ Test-2021-7 Sub: Maths

Friday, February 26, 2021

TET MCQ Test-2021-6 Sub: English

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

TET MCQ Test-2021-6 Sub: English

TET MCQ Test-2021-5 Sub: PED.

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

TET MCQ Test-2021-5 Sub: PED.

Wednesday, February 24, 2021

TET MCQ Test-2021-4 Sub: English

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

TET MCQ Test-2021-4 Sub: English

Tuesday, February 23, 2021

TET MCQ Test-2021-3 Sub: Maths

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 

TET MCQ Test-2021-3 Sub: Maths

Monday, February 22, 2021

TET MCQ Test-2021-2 Sub: PED

LP/ UP টেট প্ৰস্তুতি-2021
Prepared by: Hemant Kr. Das, TQF, Assam
 


TET MCQ Test-2021-2 Sub: PED

TET MCQ Test-2021-1 Sub: PED

LP/ UP টেট প্ৰস্তুতি
Prepared by: Hemant Kr. Das, TQF, Assam

 
TET MCQ Test-1 Sub: PED

অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী

অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী
(১৫শ খণ্ড)

চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম। পদ্মশ্ৰী বিজয়িনী।

Friday, February 19, 2021

অসমীয়া সাহিত্যিকঃ নীলমণি ফুকন (জ্যেষ্ঠ)

অসমীয়া সাহিত্যিকঃ নীলমণি ফুকন (জ্যেষ্ঠ)
(১৪শ খণ্ড)

অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।                

Thursday, February 18, 2021

অসমীয়া সাহিত্যিকঃ নিৰ্মলপ্ৰভা বৰদলৈ

অসমীয়া সাহিত্যিকঃ নিৰ্মলপ্ৰভা বৰদলৈ
(১৩শ খণ্ড)

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা। 'সূদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ, ড ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছিল। 'সোণৰ খাৰু নেলাগে মোক', 'কি নাম দি মাতিম', 'জোনবাই এ বেজী এটি দে', 'আগলি বতাহে কপালে কলৰে পাত' আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত। অসম আন্দোলনৰ সময়তো তেওঁৰ ভূমিকা আছিল বলিষ্ঠ আৰু সক্ৰিয়। আমেৰিকা, জাৰ্মানী, জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু গৱেষণাপত্ৰ-পাঠ আৰু বক্তৃতা প্ৰদান কৰে। মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ লিখা শিৱ, দেৱী আৰু সূৰ্য নামৰ গ্ৰন্থকেইখনক ড মুকুন্দমাধৱ শৰ্মাই 'গ্ৰন্থৰত্নত্ৰয়ী' আখ্যা দিছে। 'নীলা বাইদেউ' ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত। ১৯৯৮ চনত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ জন্মদিৱসটো অৰ্থাৎ ২০ জুন তাৰিখটো 'প্ৰেৰণা দিৱস' হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লয়। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

Wednesday, February 17, 2021

অসমীয়া সাহিত্যিকঃ পীতাম্বৰ কবি

অসমীয়া সাহিত্যিকঃ পীতাম্বৰ কবি
(১২শ খণ্ড) 

পীতাম্বৰ কবিঃ
পীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। তেওঁ ৰজা বিশ্বসিংহৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল। খাঁ চৌধুৰী আমানত উল্লা আহম্মদ আৰু ড
শশীভূষণ দাস গুপ্তৰ মতে তেওঁৰ অন্যনাম আছিল পীতাম্বৰ সিদ্ধান্ত বাগীশ যি নৰনাৰায়ণৰ সভা পণ্ডিত আৰু ৰাজগুৰু আছিল। সমুদ্ৰ নাৰায়ণৰ বংশাৱলীৰ মতে পীতাম্বৰ সিদ্ধান্ত বাগীশ প্ৰতাপ ভূঞাৰ গুৰু আছিল। চৰিত পুথিৰ মতে তেওঁ পশ্চিম গোৱালপাৰা অঞ্চল অৰ্থাৎ কমতা অঞ্চলৰ লোক।

Tuesday, February 16, 2021

অসমীয়া কবিঃ নৱকান্ত বৰুৱা

অসমীয়া কবিঃ নৱকান্ত বৰুৱা
(১১শ খণ্ড)

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান। তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতি', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।"

Monday, February 15, 2021

অসমীয়া কবিঃ নলিনীবালা দেৱী

অসমীয়া কবিঃ নলিনীবালা দেৱী
(১০ম খণ্ড)

নলিনীবালা দেৱীঃ
নলিনীবালা দেৱী (জন্ম: ২৩ মাৰ্চ, ১৮৯৮ মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্তা। অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।

গণিতঃ বৰাহমিহিৰ

গণিতঃ বৰাহমিহিৰ
(৬ষ্ঠ খণ্ড)


বৰাহ-মিহিৰ প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে। তেওঁ দক্ষিণ এছিয়াৰ ইতিহাসৰ সকলোতকৈ বিখ্যাত আৰু জনপ্ৰিয় বিজ্ঞানীসকলৰ অন্যতম। জ্যোতিৰ্বিজ্ঞানৰ উপৰিও গণিতশাস্ত্ৰ, পূৰ্তবিদ্যা, আবহবিদ্যা আৰু স্থাপত্যবিদ্যাৰ তেওঁ পণ্ডিত আছিল। তেওঁ কলা আৰু বিজ্ঞানৰ প্ৰায়বোৰ শাখাতে ব্যাপক অৱদান ৰাখি থৈ গৈছে। উদ্ভিদবিদ্যাৰ পৰা জ্যোতিৰ্বিজ্ঞান, সামৰিক বিজ্ঞানৰ পৰা পুৰাকৌশল - জ্ঞানৰ সকলো ক্ষেত্ৰতেই আছিল তেওঁৰ স্বচ্ছন্দ পদচাৰণা। ভাৰতৰ নতুন দিল্লীত অৱস্থিত সংসদ ভৱনত বৰাহমিহিৰৰ সম্মানত এখন দেৱালচিত্ৰ অংকিত আছে।

Sunday, February 14, 2021

অসমীয়া কবিঃ কবিৰাজ চক্ৰৱৰ্তী

অসমীয়া কবিঃ কবিৰাজ চক্ৰৱৰ্তী
(৯ম খণ্ড)

কবিৰাজ চক্ৰৱৰ্তী (১৭-১৮ শতিকা) আহোম যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজসভাৰ ৰাজকবি আছিল। এখেতক কৱিৰাজ উপাধি কোনে প্ৰদান কৰিছিল জনা নাযায়। কৱিচন্দ্ৰৰ পিতৃ আছিল ৰামানন্দ আৰু মাতৃ গোৱিন্দপ্ৰিয়া। জয়ধ্বজ সিংহ স্বৰ্গদেৱে পিতাক ৰামানন্দক 'সৰস্বতী' উপাধিৰে বিভূষিত কৰিছিল। কৱিৰাজ চক্ৰৱৰ্তীয়ে ৰুদ্ৰসিংহৰ নিৰ্দেশত 'গীত গোবিন্দ'ৰ পদ ভাঙনি কৰে। শিৱসিংহ আৰু ফুলেশ্বৰীৰ নিৰ্দেশানুসৰি মহাভাৰতৰ আদিপৰ্বৰপৰা 'দুষ্যন্ত চৰিত্ৰমালা' বা 'শকুন্তলা কাব্য' আৰু 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ'ৰপৰা প্ৰকৃতি খণ্ডৰ 'শংখচূড় বধ'ৰ ভাঙনি কৰে। ১৭২৬ চনত 'শংখচূড় বধ'ৰ ৰচনা সমাপ্ত হৈছিল।

Friday, February 12, 2021

অসমীয়া কবিঃ ইমৰান শ্বাহ

অসমীয়া কবিঃ ইমৰান শ্বাহ
(৮ম খণ্ড)

ইমৰান শ্বাহঃ
ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ(জন্ম: ১৯৩৩) অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ২০১২ চনৰ নৱেম্বৰত তেখেতক অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

অসমীয়া কবিঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

অসমীয়া কবিঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
(৭ম খণ্ড)
ইন্দ্ৰেশ্বৰ বৰঠাকুৰঃ


ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১) অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল। শিক্ষকতা কৰা কালছোৱাত অসমৰ বিভিন্ন ঠাইত তেখেতে নাটক অভিনীত কৰায় আৰু বহু লোকক প্ৰশিক্ষণ দিয়ে। মহাভাৰতৰ কাহিনীৰ আধাৰত তেখেতে অমিত্ৰাক্ষৰ ছন্দত লিখা "শ্ৰীবৎস-চিন্তা" নাটকখন অসমীয়া সাহিত্য জগতৰ এক উল্লেখযোগ্য সৃষ্টি। অসমৰ বহু ঠাইৰ শৈল ভাস্কৰ্য্য অধ্যয়ন কৰাৰ লগতে তেখেতে কেইবাবছৰ ধৰি সৰস্বতী আৰু দূৰ্গা পূজাৰ প্ৰতিমা গঢ়িছিল।

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ বৰুৱা

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ বৰুৱা
(৬ষ্ঠ খণ্ড)

আনন্দ চন্দ্ৰ বৰুৱাঃ
আনন্দ চন্দ্ৰ বৰুৱা (১৯০৭- ১৯৮৩) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতক বকুল বনৰ কবি নামেৰে জনা যায়। কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী'ত প্ৰকাশ পায়। সাংবাদিকতা আৰু শিক্ষকতাও কৰা বৰুৱাক ১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। ১৯৭০ চনত তেখেতক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল।

Wednesday, February 10, 2021

গণিত শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য

গণিত শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্যঃ

গণিত প্ৰকৃতি অধ্যয়নৰ এক বিস্তৃত আৰু পৰিশীলিত অধ্যায়। মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে গণিতৰ প্ৰয়োগৰ বিশাল বিস্তৃতি লক্ষ্যণীয়। পুৱা উঠাৰ পৰা শোৱালৈকে আমি গণিতৰ প্ৰয়োগেৰে পৰিবৃত হৈ থাকোঁ। আজিকালি দেশৰ প্ৰগতি নিৰ্ভৰ কৰে আগতীয়াকৈ প্ৰস্তুত কৰা আঁচনিৰ ওপৰত। এই আঁচনিৰ সফল পৰিসমাপ্তি নিৰ্ভৰ কৰে শুদ্ধ আৰু নিয়াৰিকৈ কৰা গাণিতিক চিন্তাধাৰাৰ ওপৰত। গাণিতিক নমুনা বা model সাম্প্ৰতিক চিন্তাধাৰাৰ এক এৰাব নোৱাৰা অংগ। এনেদেৰই সময়ৰ সোঁতত বিজ্ঞানমুখী জন-জীৱনত গণিত বা গাণিতিক চিন্তাধাৰা হৈ পৰিছে এক নতুন কৃষ্টি।

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ আগৰৱালা

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ আগৰৱালা
(৫ম খণ্ড)


আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল[2]। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল।

Tuesday, February 9, 2021

গণিত- এটা বিৰক্তিকৰ বিষয়

গণিত- এটা বিৰক্তিকৰ বিষয়!


গণিত- সঁচাকৈয়ে এটা বিৰক্তিৰ বিষয়। কিয়নো… “(শুদ্ধ) গণিত এনে এক বিজ্ঞান যে, আমি ইয়াত কি কৈছোঁ আমি একোকে ‘নাজানো’ বা যি কৈছোঁ, সেয়া সত্য হয় নে নহয় এই বিষয়ে হয়তো আমি একো চিন্তাও কৰা নাই।” - (বাৰ্ত্ৰাণ্ড ৰাছেল)

অসমীয়া কবিঃ অজিৎ বৰুৱা

অসমীয়া কবিঃ অজিৎ বৰুৱা
(৪ৰ্থ খণ্ড)
অজিৎ বৰুৱা

অজিৎ বৰুৱা (১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়। কবি কুশল দত্তৰ মতে “অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।"

Popular