Breaking News

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ আগৰৱালা

অসমীয়া কবিঃ আনন্দ চন্দ্ৰ আগৰৱালা
(৫ম খণ্ড)


আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল[2]। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল।

১৮৭৪ চনত অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলিকতা মেট্ৰ’প’লিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা অৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। সাহিত্য চৰ্চাৰ কামত লাগি থাকি তেওঁৰ পঢ়া আধৰুৱা হয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে।


শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলি তেখেতে পিছলৈ ছাব-ইন্সপেক্টৰ, ইন্সপেক্টৰ, শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সহ আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৩০ চনত আৰক্ষী অধীক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে তেখেতে জোনাকী আৰু বিজুলী আলোচনীৰ লগত জড়িত হৈ পৰে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰত প্ৰভুত বৰঙনি যোগায়। ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত আগৰৱালাদেৱে সভাপতিত্ব কৰিছিল।
১৯৩৯ চনত তেজপুৰত আগৰৱালাদেৱৰ মৃত্যু হয়।
 

তেখেতৰ প্ৰকাশিত কবিতা সংকলনঃ
জিলিঙনি,
পানেশৈ
সুখৰ ঠাই,
দেৱকন্যা মানৱী বেশেৰে,
তই,
বলম,
আদি মৌলিক কবিতা,
জীৱন সঙ্গীত,
চহা আৰু পণ্ডিত,
যোগী,
 

অপ্ৰকাশিত সাহিত্য কৰ্মৰ ভিতৰত পদুমণি, জনক জীয়ৰী, অৰুন্ধতী আদি অন্যতম। বিদেশী কবিতা অনুবাদ কৰি জাতে-পাতে অসমীয়া কৰি তোলাত তেখেতৰ ব্যুৎপত্তিৰ বাবে তেখেতক ‘ভাঙনি কোঁৱৰ’ বুলি অভিহিত কৰা হয়।
(সংগৃহীত)

No comments