Friday, February 12, 2021

অসমীয়া কবিঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

অসমীয়া কবিঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
(৭ম খণ্ড)
ইন্দ্ৰেশ্বৰ বৰঠাকুৰঃ


ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১) অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল। শিক্ষকতা কৰা কালছোৱাত অসমৰ বিভিন্ন ঠাইত তেখেতে নাটক অভিনীত কৰায় আৰু বহু লোকক প্ৰশিক্ষণ দিয়ে। মহাভাৰতৰ কাহিনীৰ আধাৰত তেখেতে অমিত্ৰাক্ষৰ ছন্দত লিখা "শ্ৰীবৎস-চিন্তা" নাটকখন অসমীয়া সাহিত্য জগতৰ এক উল্লেখযোগ্য সৃষ্টি। অসমৰ বহু ঠাইৰ শৈল ভাস্কৰ্য্য অধ্যয়ন কৰাৰ লগতে তেখেতে কেইবাবছৰ ধৰি সৰস্বতী আৰু দূৰ্গা পূজাৰ প্ৰতিমা গঢ়িছিল।

শৈশৱ আৰু শিক্ষাঃ
১৮৮৭ চনত শিৱসাগৰত ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ জন্ম হয়। তেখেতৰ পিতৃ দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু মাতৃ শশীপ্ৰভা দেবী। মাতৃগৰ্ভত তিনিমাহ হওঁতেই দুৰ্গেশ্বৰ বৰঠাকুৰৰ অকাল বিয়োগ হৈছিল। অলপ ডাঙৰ হোৱাত তেখেতে লগৰীয়াৰ সৈতে মিলি শিৱসাগৰৰ শিৱ, বিষ্ণু আৰু দেৱীদৌল দৰ্শন কৰিবলৈ অহা অসমৰ আৰু বাহিৰৰ সাধু-সন্যাসী, পণ্ডিতসকলৰ থকা-খোৱাৰ দায়িত্ব লৈছিল। ভাল ঘৰৰ লোকৰ সঙ্গীত শিক্ষা নিষিদ্ধ হোৱাত তেখেতে মনে মনে বেহেলা, তবলা আৰু পাখোৱাজৰ জ্ঞান আহৰণ কৰে।[2] শিৱসাগৰ উচ্চ ইংৰাজী স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত ঊত্তীণ হৈ তেখেতে গুৱাহাটীৰ কলেজলৈ বি এ পঢ়িবলৈ যায় আৰু ১৯০৭ চনত ঊত্তীৰ্ণ হয়। ইয়াৰ লগে লগে তেখেতে চিত্ৰাংকন, মূৰ্ত্তি গঢ়ন, ভাস্কৰ্য আদি জ্ঞানো আহৰণ কৰে।

কৰ্মজীৱনঃ
কলেজৰ শিক্ষা সাং কৰি তেখেতে শিৱসাগৰৰ কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰে। ১৯১৮ চনত তেখেতে যোৰহাটত বেপ্তিষ্ট স্কুলত শিক্ষক পদত যোগদান কৰে। ইয়াৰ পাছত শ্বিলঙৰ উচ্চ ইংৰাজী স্কুলত কিছুদিন শিক্ষকতা কৰিছিল। তাৰ পাছত তেখেতে গোৱালপাৰা আৰু নগাঁৱত শিক্ষকতা কৰে। ১৯৪৩ চনত নগাঁৱৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ পৰা অৱসৰ লৈ বেবেজীয়া হাইস্কুলৰ প্ৰধান শিক্ষক হয়। ইয়াৰ পাছত তেখেতে দুৰ্গেশ্বৰ শৰ্মাৰ আমন্ত্ৰণক্ৰমে অভয়াপুৰীৰ ছোৱালীৰ হাইস্কুলতো দুবছৰমান শিক্ষকতা কৰে। ১৯৪৬ চনত তেখেতে যোৰহাটলৈ আহে।

ব্যক্তিগত জীৱনঃ

১৯০৬ চনত ডিব্ৰুগড়ৰ চাৰ্ভে অফিচৰ প্ৰতিষ্ঠাতা আৰু লখিমপুৰৰ লাংকাচি চাহ বাগিছাৰ স্বত্বাধিকাৰী যদুনাথ বৰুৱাৰ কন্যা হেমাঙ্গিনী দেৱীৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।

সাহিত্যিক অৱদানঃ
মহাভাৰতৰ কাহিনীৰ আধাৰত তেখেতে অমিত্ৰাক্ষৰ ছন্দত লিখা "শ্ৰীবৎস-চিন্তা" নামৰ নাটকখন ১৯২৭ চনত প্ৰকাশ পায়। তেখেতৰ দক্ষায়ণ, সিংহাসন আৰু বিশ্বামিত্ৰ নামৰ আন তিনিখন নাটক অপ্ৰকাশিত হৈ ৰয়। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ভিত্তিত ৰচিত তেখেতৰ আন এক কবিতা "ৰণ-জেউতি" (১৯৫০)। "ক্ৰিচেনথিমাম" তেখেতৰ ৭০টা কবিতাৰ সংকলন। ১৯৫৪ চনত তেখেতে সংগীত বিষয়ক "গীতালী" পুথি ৰচে। সমালোচনাত্মক লেখাৰ সংকলন "সপ্তপৰ্ণ" ১৯৫৫ চনত প্ৰকাশ পায়। উপন্যাস "কেতেকী" (১৯৪৬), "মালিচী" (৯১৪৭), কবিতা পুথি "চিন্তামণি" আৰু "চন্দ্ৰমল্লিকা" (১৯৫০), "অসমীয়া ভাষা প্ৰশিক্ষণ" (১৯৫৫) আদি তেখেতৰ অন্যান্য গ্ৰন্থ।

নাট্য আৰু সংগীত চৰ্চাঃ
যোৰহাটত চাকৰি কৰা অৱস্থাতে তেখেতে নাট্যজগতৰ লগত জড়িত হৈ পৰে আৰু মিত্ৰদেৱ মহন্ত, হৰিহৰ বৰপূজাৰী আদিৰ সৈতে বহু নাটকত অভিনয় কৰে। ১৯১৮ চনত তেখেতৰ প্ৰচেষ্টাত যোৰহাটত বঙাল পুখুৰী অঞ্চলত সংগীত বিদ্যালয় স্থাপন হয়। "শ্ৰীবৎস চিন্তা" নাটক ৰচি তেখেতে যোৰহাটত নাট ঘৰত অভিনীত কৰাইছিল। শ্বিলং, গোৱালপাৰা আৰু লখিমপুৰতো তেখেতৰ নাট্য আৰু অভিনয় চৰ্চা অব্যাহত আছিল। ১৯৫০ চনত তেখেতৰ তৃতীয় পুত্ৰ ভুবন ৰঞ্জন বৰঠাকুৰৰ প্ৰচেষ্টাত "মিলিত শিল্পী সমাজ" গঠিত হয় আৰু ইন্দ্ৰেশ্বৰ বৰঠাকুৰে ইয়াত "নাট-গুৰু"ৰ দায়িত্ব পালন কৰে। তেখেত ১৯৫২ চনৰ অসমীয়া চলচ্চিত্ৰ ৰুণুমীতো অভিনয় কৰিছিল।

১৯২৭ চনত সঙ্গীতানুৰাগীসকলৰ সৈতে মিলি তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ" গীতটোক ইংৰাজী সুৰেৰে সজায়। এই গীতটোক অসম সাহিত্য সভাই অসমৰ জাতীয় গীতৰূপে গ্ৰহণ কৰে। ১৯৫৮ চনত মিলিত শিল্পী সমাজে তেখেতক "নাট্যাচাৰ্য্য" উপাধি প্ৰদান কৰে আৰু অসমৰ নাট্য সমাজে এই সন্মানক স্বীকৃতি দিয়ে।
(সংগৃহীত)

No comments:

Post a Comment

Popular