Thursday, February 18, 2021

অসমীয়া সাহিত্যিকঃ নিৰ্মলপ্ৰভা বৰদলৈ

অসমীয়া সাহিত্যিকঃ নিৰ্মলপ্ৰভা বৰদলৈ
(১৩শ খণ্ড)

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা। 'সূদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ, ড ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছিল। 'সোণৰ খাৰু নেলাগে মোক', 'কি নাম দি মাতিম', 'জোনবাই এ বেজী এটি দে', 'আগলি বতাহে কপালে কলৰে পাত' আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত। অসম আন্দোলনৰ সময়তো তেওঁৰ ভূমিকা আছিল বলিষ্ঠ আৰু সক্ৰিয়। আমেৰিকা, জাৰ্মানী, জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু গৱেষণাপত্ৰ-পাঠ আৰু বক্তৃতা প্ৰদান কৰে। মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ লিখা শিৱ, দেৱী আৰু সূৰ্য নামৰ গ্ৰন্থকেইখনক ড মুকুন্দমাধৱ শৰ্মাই 'গ্ৰন্থৰত্নত্ৰয়ী' আখ্যা দিছে। 'নীলা বাইদেউ' ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত। ১৯৯৮ চনত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ জন্মদিৱসটো অৰ্থাৎ ২০ জুন তাৰিখটো 'প্ৰেৰণা দিৱস' হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লয়। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুন তাৰিখে। জন্মস্থান হৈছে শিৱসাগৰ টাউনৰ মাজমজিয়াত থকা পুৰণা আমোলাপট্টি বা গণকপটি। পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ। জন্মৰ সময়ত ক্ষীণকায় আৰু নিশকতীয়া আছিল বাবে তেওঁ সঘনাই বেমাৰত পৰিছিল। জন্মৰ দুই-তিনিমাহমান পাছতেই তেওঁ শাৰীৰিকভাৱে ভীষণ অসুস্থ হৈ পৰে। ডাক্তৰ-কবিৰাজৰ চিকিৎসাতো ভাল নোহোৱাত দেউতাকে জীয়েক নাবাচিব বুলিয়েই ভাবিছিল। পিছে পিতৃ-মাতৃৰ আৰু আত্মীয়-স্বজনৰ পৰিচৰ্যাত তেওঁ ক্ৰমাৎ সুস্থ হৈ আহিল আৰু স্বাস্থ্য-পাতিও পূৰ্বতকৈ সবল হৈ আহিল।

তেওঁক ঘৰত মামণি, মণি, মাধন, মাকণ আদি অসংখ্য নামেৰে মাতিছিল। দেউতাকৰ অন্তৰঙ্গ বন্ধু ভৱদেৱ ঠাকুৰে তেওঁৰ নাম ৰাখিলে 'নিৰ্মলা'। দেউতাকে অধিক অৰ্থপূৰ্ণ কৰিবৰ বাবে তেওঁৰ নামটো সলাই 'নিৰ্মলপ্ৰভা' কৰিলে। যাৰ অৰ্থ হ'ল-স্বৰ্গীয় জ্যোতি।

নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শিৱসাগৰৰ ২ নং প্ৰাইমাৰী বিদ্যালয়ত। মাধ্যমিক শিক্ষাগ্ৰহণ কৰে শিৱসাগৰৰে ফুলেশ্বৰী হাইস্কুলত। আনহাতে জয়সাগৰ কলেজৰ পৰা আই.এ.ত উত্তীৰ্ণ হয়। প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁতে তেওঁ মাহে সাত টকাকৈ প্ৰভিঞ্চিয়েল বৃত্তি লাভ কৰে। উল্লেখ্য যে, সেইখন স্কুলৰ পৰা এই বৃত্তি লাভ কৰা তেঁৱেই প্ৰথমগৰাকী শিক্ষাৰ্থী। দ্বিতীয়মান শ্ৰেণীতেই নিৰ্মলপ্ৰভাই হেম চিলাই, কম্বল চিলাই, ক্ৰছ চিলাই আদিৰ বিষয়ে শিকিছিল। তেওঁলোকৰ ঘৰৰ ওচৰতে থকা সম্বন্ধীয় মোমায়েক গণেশ শৰ্মা চাংকাকতিৰ বাঁহীৰ সুৰ আৰু গীতে শিশু নিৰ্মলপ্ৰভাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সেইজন মোমায়েকৰ গীত শুনি-শুনিয়েই নিৰ্মলপ্ৰভাই বহুতো সুৰ শিকিছিল। চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে নিৰ্মলপ্ৰভা বৰদলৈয়ে জীৱনৰ প্ৰথমটো কবিতা লিখে। দেউতাকে কবিতাটো ঘৰৰ মানুহৰ সমুখত পঢ়ি শুনায় আৰু জীয়েকৰ মূৰত হাত ফুৰাই 'মোৰ মাজনী আগলৈ সৰুজনী নাইডু হ'ব'বুলি আশীৰ্বাদ দিয়ে।

নিৰ্মলপ্ৰভাই কাশীনাথ বৰ্মনৰ গ্ৰন্থ 'নাৰীৰত্ন' তৃতীয়মান শ্ৰেণীতেই পঢ়ে আৰু কিতাপৰ অন্তৰ্নিহিত বাৰ্তা আৰু মহীয়সী নাৰীৰ জীৱন-বৃ্ত্তান্তৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হয়। তেওঁৰ এগৰাকী ককাইদেৱেকে (পোণা ককাইদেউ) চাৰি-পাঁচ বছৰ বয়সতে, তেওঁক তিনিমাহমান গান শিকাইছিল। সেই শিক্ষা লৈয়েই শিশু নিৰ্মলপ্ৰভাই হাৰমনিয়ামৰ লগত গীত গাব পৰা হৈছিল। সভা-সমিতিত গীত পৰিৱেশন কৰাৰ উপৰিও তেওঁ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।

সেইসময়ৰ অসমত ঠায়ে-ঠায়ে বাল্য-বিবাহৰ পৰম্পৰা আছিল। সেই নিয়মানুযায়ী ছোৱালী এজনীক পুষ্পিতা হোৱাৰ আগতেই বিয়া দিব লাগে। নিৰ্মলপ্ৰভা বৰদলৈও সেই পৰম্পৰাৰ পৰা পৰিত্ৰাণ নাপালে। তেতিয়া তেওঁৰ বয়স ন বছৰ। পৰিয়ালৰ মানুহৰ লগত যোৰহাটলৈ বিয়া এখন খাবলৈ গৈছিল। বিয়া খাই উঠি তাৰে কোনোবা মানুহ এঘৰলৈ তেওঁলোক ফুৰিবলৈ গৈছিল। সেইঘৰ মানুহেই নিৰ্মলপ্ৰভাক দেখি তেওঁলোকৰ ল'ৰাৰ লগত তেওঁৰ বিয়া ঠিক কৰি পেলালে। কিন্তু দেউতাকে মেট্ৰিক পৰীক্ষা পাছ নকৰালৈকে ছোৱালী ঘৰৰ পৰা উলিয়াই নিদিওঁ বুলি জেদ ধৰিলে আৰু দৰাঘৰলৈ চিঠি লিখিলে। তেওঁলোক মান্তি হ'ল যদিও বিবাহৰ সমস্ত কাম-কাজ সম্পন্ন হ'ল। দুৰ্গাপূজাৰ সময়ত তেওঁলোক নিৰ্মলপ্ৰভাৰ ঘৰলৈ আহে আৰু আঙঠি পিন্ধায়। ল'ৰা বি.এ. পাছ। ডিগবৈত চাকৰি কৰে। নিৰ্মলপ্ৰভা ১১ বছৰ বয়সতে বিয়াত বহিব লগ হ'ল। এক আড়ম্বৰপূৰ্ণ পৰিৱেশত ছোৱালীৰ শিৱসাগৰৰ নিজা ঘৰতে বিবাহোনুষ্ঠান সম্পন্ন কৰি দৰাঘৰীয়া মানুহ যায়গৈ। নিৰ্মলপ্ৰভা ঘৰতে থাকে। পিছে দৰাঘৰীয়া মানুহে তেওঁলোকৰ কথা ৰাখিব নোৱাৰিলে আৰু পুষ্পিতা হোৱাৰ কেইদিনমানৰ পাছতেই ছোৱালীক যোৰহাটলৈ পঠিয়াই দিবলৈ ক'লে। কিন্তু দেউতাকে এই অনুৰোধত সজোৰে হস্তক্ষেপ কৰিলে আৰু তেওঁৰ পূৰ্বৰ সিদ্ধান্তত অটল হৈ থাকিল। দৰাঘৰীয়া মানুহৰ লগত তেওঁলোকৰ বিস্তৰ মতভেদ আৰু তৰ্কাতৰ্কি হয'ল। তাৰ ঠিক কেইমাহমানৰ পিছতেই নিৰ্মলপ্ৰভাই এটি কন্যা সন্তান প্ৰসৱ কৰে। যোৰহাটৰ পৰা খবৰ আহে যে ল'ৰাই ইতিমধ্যেই দ্বিতীয় বিবাহ কৰোৱাইছে। দেউতাককে ধৰি ঘৰৰ মানুহৰ প্ৰচণ্ড খং উঠে আৰু ছোৱালীক উলিয়াই নিদিওঁ বুলি সংকল্পবদ্ধ হয়। তেতিয়া নিৰ্মলপ্ৰভাৰ কন্যা সন্তানটি জন্ম হোৱাৰ এমাহেই পূৰ হোৱা নাছিল।

নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা সমূহঃ

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উপযোগীঃ
অসমৰ লোক-সংস্কৃতি
কবিতাৰ কথা
অসমৰ লোক কবিতা

সাহিত্য আৰু সংস্কৃতি
কবিতা দেশী-বিদেশী

আধুনিক কবিতা

অসমীয়া চুটি গল্প

কবিতা আৰু প্ৰকৃতি

কাৰ্বি সমাজ সংস্কৃতিৰ এচেৰেঙা

ৰবীন্দ্ৰনাথৰ গীত আৰু কবিতা

স্বাধীনতা সংগ্ৰমাৰ গীত-মাত আৰু কথা

বৰগীতৰ কথা

যাত্ৰা আৰু অংকীয়া ভাওনা

দেৱী

শিৱ

সূৰ্য্য

গোপন বাসনা আৰু ৰাতিসেৱা।

সৃষ্টিমূলক তথা মৌলিকঃ

বন ফৰিঙৰ ৰং
সমীপেষু
দিনৰ পাছত দিন

অন্তৰংগ

সুদীৰ্ঘ দিন আৰু ঋতু

অমিতাভ শব্দ

শব্দৰ ইপাৰে শব্দৰ সিপাৰে

নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা

বন্দুকোঁকী আৱাজ চে সুবহ হোতী হেই কিয়া

বসন্তৰ এদিন

গানৰ সংকলনঃ

সোনবৰণী আই
সূৰুজমখী

ফুলৰ এই মেলাতে।

উপন্যাসঃ

জলপদ্ম 

শিশুৰ সাহিত্যঃ
চিল চিল চিলা বগী চিলমিলা
অসমীয়া ওমলা গীত
কথা চৰিত্সাগৰ
সুৱদী মাত
শিশু গীতি-নাট্য সংকলন
শালিকী ৰটৌ টৌ

মন উৰণীয়া
মানুহ (১০টা খণ্ডৰ)

সেউজী সেউজী (নাট সংকলন)

হাঁয় নাৰিকল পিঠা

জিকিমিকিৰ কথা

এনেহেন মৰমৰ দেশ

ৰজা

বন্ধু

গছে গছে পাতি দিলে ফুলৰে শৰাই।

নাটক, কাব্য নাটক, সংগীতালেখ্যঃ

মেঘদুত (কাব্যনাট)
ওৰণী (নৃত্য-নাটিকা)

তৃতীয় অংক(নাটক)

অগ্নিগৰ্ভা (নাটক)

বেউলা (নৃত্য-নাটিকা)

ফুলকোঁৱৰ (সংগীতালেখ্য)

মহাকাল (পূৰ্ণাংগ নাটক)

সোণবৰণী আই (নাটক)

পুতলা নাচ (নাট)

মেগমল্লাৰ

বিহুৰে বিৰিণাৰ পাত

ৰাগ বসন্ত

বুকুৰ আপোন আই (নৃত্য-নাটিকা)

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ

চন্দ্ৰ কুমাৰ আগৰৱালা

অসমৰ জনজাতীয় গীত-মাত

মাজুলী

আই (নৃত্য-নাটিকা)

ৰঙালী

ভোগালী

জেং বিহু(নৃত্য-নাটিকা)

আত্মজীৱনীঃ    
জীৱন জীৱন বৰ অনুপম

স্বীকৃতি আৰু সন্মানঃ
১৯৫৭ চনত শিশু সাহিত্যক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা

১৯৭৭ চনত "দিনৰ পিছত দিন" গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা
১৯৮৩ চনত "সুদীৰ্ঘ দিন আৰু ঋতু" কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা

১৯৮৭ চনত অসম সংস্কৃত সমাজৰ পৰা "সৰস্বতী" উপাধি লাভ

১৯৮৯ চনত গৱেষণা গ্ৰন্থ "দেৱী"ৰ বাবে অসম সাহিত্য সভাৰ বঁটা

১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰী পদৰ সন্মান

২০০১ চনত প্ৰবীণা শইকীয়া বঁটা

(সংগৃহীত)

No comments:

Post a Comment

Popular