অসমীয়া সাহিত্যিকঃ নীলমণি ফুকন (জ্যেষ্ঠ)
অসমীয়া সাহিত্যিকঃ নীলমণি
ফুকন (জ্যেষ্ঠ)
(১৪শ খণ্ড)
অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।
জন্মঃ
১৮৮০ জুন
মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ
পৰা এণ্ট্ৰেন্স (১৯০০)
শিক্ষাঃ
কলিকতাতৰ
প্ৰেচিডেন্সি কলেজ,কটন কলেজৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ
(১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা।
কৰ্মজীৱনঃ
ডিব্ৰুগড়ৰ
জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম
এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬),
ন জোন(১৯৩৪)
ৰচনাঃ
জ্যোতিকণা(১৯৩৮),
সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০),
জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩),
আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?
সন্মান আৰু স্বীকৃতিঃ
অসম সাহিত্য
সভাৰ শিৱসাগৰ (১৯৪৪) আৰু ডিব্ৰুগড় (১৯৪৭) অধিৱেশনৰ সভাপতি।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি .লীট উপাধি।
নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন লাভ।
মৃত্যুঃ
১৯৭৮ চন(সংগৃহীত)
No comments